ETV Bharat / state

লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ - Gosaigaon Constituency

বিটিআৰৰ দুটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । এই দুই সমষ্টিত অনুষ্ঠিত হ’ব লগীয়া উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে বড়োভূমিত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে ।

লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

author img

By

Published : Aug 7, 2021, 7:50 PM IST

গুৱাহাটী, ৭ আগষ্ট : ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ (By Election) বতাহ জাক বাৰুকৈয়ে বলিছে ৷ কি শাসক কি বিৰোধী সকলোৱে নিজৰ নিজৰ ৰণনীতি তৈয়াৰ কৰিছে ৷ তাৰ মাজতে বিশেষভাৱে চৰ্চা লাভ কৰিছে বিটিআৰৰ (BTR) দুটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনে । দুয়োটা সমষ্টিৰ এটা আছিল বিপিএফৰ দখলত আৰু আনটো আছিল ইউপিপি এলৰ হাতত ।

এই দুই সমষ্টি ক্ৰমে গোঁসাইগাঁও (Gosaigaon Constituency) আৰু তামুলপুৰত (Tamulpur Constituency) অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে বড়োভূমিত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে । সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Kumar Bora) শনিবাৰে গঠন কৰি দিছে এখন বিশেষ সমিতি ‌।

লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ
লক্ষ্য বড়ো ভূমি: গৌৰৱৰ নেতৃত্বত সমিতি গঠন কংগ্ৰেছৰ

এই সমিতিখনে বিটিআৰ অঞ্চলত কংগ্ৰেছ দলক‌ তৃণমূল পৰ্যায়ৰ পৰা‌ সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ বাবে কাম কৰিব । এই সমিতিখনৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে সাংসদ তথা লোকসভাৰ উপ দলপতি গৌৰৱ গগৈক ।

আনহাতে, সমিতিখনৰ‌ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে দলৰ দুই বিধায়ক যাদব ‌স্বৰ্গীয়াৰী আৰু আব্দুছ চোভান আলী সৰকাৰৰ লগতে বৃষ্টি বসুমতাৰী, শংকৰ প্ৰসাদ ৰায়, জুৱেল টুডু আৰু ক্লেংদন ইংতিক । সমিতিখনৰ আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে ভাস্কৰ দাহালক ।

তাৰ মাজতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক বাৰম্বাৰ আহ্বান জনাই আহিছে যে, বিৰোধী সকল একলগ হৈ বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব লাগে উপ নিৰ্বাচনত ৷ সেই কথা আগত ৰাখিয়েই শুকুৰবাৰে ৰাইজৰ দলৰ এটা প্ৰতিনিধিৰ দলে অসম প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি ভূপেন বৰাক সাক্ষাৎ কৰে ৷ এতিয়া সময়তহে লক্ষণীয় হ’ব ৰাইজৰ দলৰ সৈতে মিত্ৰতা হ’ব নে নাই কংগ্ৰেছৰ ৷

লগতে পঢ়কঃ ভয়াৱহ ক’ভিড পৰিস্থিতিৰ মাজতো স্বাস্থ্য কেন্দ্ৰত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.