ETV Bharat / state

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ দৌৰৰ চৰ্চাত পাঁচগৰাকীৰ নাম

author img

By

Published : Apr 29, 2022, 8:38 PM IST

পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা দিন পাৰ হ'ল যদিও এতিয়ালৈ পৌৰ নিগমৰ পাৰিষদ গঠন কৰি নতুন মেয়ৰ নিৰ্বাচন হোৱা নাই (New mayor of Guwahati) । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন হ’ব তাক লৈ বিজেপিৰ ভিতৰচ'ৰাত শীতল যুদ্ধ চলি আছে । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ দৌৰত নিৰ্বাচনত বিজয়ী কাউন্সিলৰ মৃগেন শৰনীয়া, শশাংকজ্যোতি ডেকা, মেঘনা হাজৰিকা, ৰত্না সিং আৰু বাসন্তী কলিতা দুৱৰাৰ নাম চৰ্চালৈ আহিছে ।

suspense over Guwahati's next mayor's name
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ দৌৰৰ চৰ্চাত পাঁচগৰাকীৰ নাম

গুৱাহাটী, 29 এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা দিন পাৰ হ'ল যদিও এতিয়ালৈ পৌৰ নিগমৰ পাৰিষদ গঠন কৰি নতুন মেয়ৰ নিৰ্বাচন হোৱা নাই (New mayor of Guwahati)। গুৱাহাটী পৌৰ নিগমৰ (Guwahati municipal corporation) মেয়ৰ কোন হ’ব তাক লৈ বিজেপিৰ ভিতৰচ'ৰাত শীতল যুদ্ধ চলি আছে । গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ দৌৰত নিৰ্বাচনত বিজয়ী কাউন্সিলৰ মৃগেন শৰনীয়া, শশাংকজ্যোতি ডেকা, মেঘনা হাজৰিকা, ৰত্না সিং আৰু বাসন্তী কলিতা দুৱৰাৰ নাম চৰ্চালৈ আহিছে ।

বি জে পিৰ বাহিৰ চৰাত দেখাত সকলো সাধাৰণ হৈ আছে যদিও ভিতৰি ভিতৰি আটাইকেইটা ফৈদ মেয়ৰৰ চকীখন দখলৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিছে বুলি জানিব পৰা গৈছে । দলীয় সূত্ৰে জানিব পৰা মতে, মেয়ৰ পদৰ দাবীদাৰ মৃগেন শৰণীয়াই তেওঁৰ পূৰ্বৰ অভিজ্ঞতাৰ কথা কৈ কেইবাজনো পাৰিষদৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰি আছে । মৃগেন শৰনীয়া তিনিবাৰকৈ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছে । তেওঁ কেইবাগৰাকীও কাউন্সিলৰ মুকলিকৈয়ে সমর্থন পোৱাৰ লগতে দলীয় শীর্ষ নেতৃত্ব আৰু আৰ এছ এছৰ সৈতেও যে সম্পর্ক ভাল সেয়া বুজাবলৈও চেষ্টা কৰিছে ।

এই দিশত বাকীসকলক পিছ পেলাই কিছুদূৰ আগবাঢ়িছে শৰণীয়া । কিন্তু শৰনীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পছন্দৰ নহয় বুলি জানিব পৰা গৈছে । যিহেতু শেষ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ল’ব, সেয়ে মেয়ৰ পদৰ প্ৰত্যাশীসকলে যিকোনো প্ৰকাৰে মুখ্যমন্ত্ৰীৰ ওচৰ চাপিবলৈ চেষ্টা চলাইছে । সেয়ে মেয়ৰ প্ৰতাশীসকলে মুখ্যমন্ত্ৰীৰ লগত সম্পর্ক অতি ভাল বুলি প্ৰচাৰ কৰি আছে । দুবাৰকৈ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হোৱা শশাংকজ্যোতি ডেকাও মেয়ৰ পদৰ বাবে নিজকে যোগ্য বুলি বিভিন্ন ধৰণে প্ৰচাৰ কৰি আছে যদিও মৃগেন শৰণীয়াৰ কৌশলী ৰাজনীতিৰ ফলত ডেকা বিশেষ আগবাঢ়িব পৰা নাই ।

দলীয় সূত্ৰে জানিব পৰা মতে, মেঘনা হাজৰিকাও মেয়ৰ পদৰ দাবীদাৰ যদিও তেওঁক লৈ একাংশ পাৰিষদ নাৰাজ । দলত তুলনামূলকভাৱে নৱাগতা আৰু মাতৃৰ পৰিচয়ক মূলধন কৰি আগবাঢ়িব বিচৰা বাবেই হাজৰিকাক লৈ বহু পাৰিষদ অসন্তুষ্ট বুলি দলীয় সূত্ৰে জানিব পৰা গৈছে । ইপিনে দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে শিক্ষাগত অৰ্হতা, অভিজ্ঞতাৰে প্ৰথমবাৰৰ বাবে কাউন্সিলৰ হিচাপে নিৰ্বাচিত হোৱা ৰত্না সিং মেয়ৰ পদৰ বাবে উপযুক্ত যদিও দলত সিঙো নৱাগতা । সেয়ে সিঙৰ নাম মেয়ৰ পদৰ বাবে চৰ্চা হোৱাটোৱেই বহুতৰ বাবে অসন্তুষ্টিৰ কাৰণ হৈ পৰিছে ।

ইপিনে প্ৰথমবাৰৰ বাবে কাউন্সিলৰ হিচাপে নিৰ্বাচিত হোৱা বাসন্তী কলিতা দুৱৰা দলৰ পুৰণি কাৰ্যকৰ্তা, দলৰ প্ৰতি অতি নিষ্ঠাবান বুলি জানিব পৰা গৈছে । বিজেপিৰ ৰাজ্যিক কেবাগৰাকীও শীৰ্ষস্থানীয় নেতৃত্বৰ লগত বাসন্তী কলিতা দুৱৰাৰ সদ্ভাৱ থকাকলৈ বাসন্তী কলিতা দুৱৰা মেয়ৰ পদৰ দাবীদাৰ হৈ পৰিছে । বাসন্তী কলিতা দুৱৰাই মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ পালেই মেয়ৰ হৈ যাব পাৰে বুলি চৰ্চা হৈ আছে । যোগ্য হ'লে, নিষ্ঠাবান হ’লে মহিলাক মেয়ৰ পদৰ বাবে নিৰ্বাচন কৰাটো অসম্ভব নহয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে জনাইছে দিছে । কিন্তু তাৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে সদৰি কৰা মতে শিক্ষিত আৰু গুৱাহাটীবাসীৰ চিনাকী মুখক মেয়ৰ কৰা হ'ব ।

জানিব পৰা মতে, মেয়ৰ কোন হ'ব সেই দিশত বিজেপিৰ নেতৃত্বই দুই-এদিনৰ ভিতৰতে সিদ্ধান্ত ল'ব (Mayor of GMC)। দলত মেয়ৰ পদৰ বাবে বিভিন্ন পক্ষৰ মাজত প্ৰতিযোগিতা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৃহস্পতিবাৰে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই নৱনিৰ্বাচিত পাৰিষদসকলৰ সৈতে এক বৈঠকত মিলিত হৈছে । কিন্তু এতিয়াও গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন হ’ব স্পষ্ট হোৱা নাই । অহা ঈদৰ পাছতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচিত কৰি পৌৰ নিগমৰ পাৰিষদ গঠন কৰা হ'ব বুলি দলীয় সূত্ৰৰ জৰিয়তে জানিব পৰা গৈছে ।

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছৰ দায়িত্ব ভগালে ৰিপুণ বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.