ETV Bharat / state

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ বিধানসভাত প্ৰথমটো শুনানি - বিধানসভাত প্ৰথমটো শুনানি

মঙলবাৰে অসম বিধানসভাত বিধানসভাৰ অধ্যক্ষৰ ওচৰত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ প্ৰথমটো শুনানি অনুষ্ঠিত হয় (Suspended Congress MLA Shashikant Das hearing in Assam Assembly) । ইপিনে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বিতীয়টো শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শ্বেৰমান আলীৰ অধিবক্তা উপস্থিত থাকিব নোৱাৰাৰ বাবে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বিতীয়টো শুনানি স্থগিত ৰখা হয় ।

MLA Shashikant Das
MLA Shashikant Das
author img

By

Published : Aug 16, 2022, 8:28 PM IST

গুৱাহাটী, ১৬ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (Assam Pradesh Congress Committee) অভিযোগৰ ভিত্তিত মঙলবাৰে অসম বিধানসভাত বিধানসভাৰ অধ্যক্ষৰ ওচৰত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ প্ৰথমটো শুনানি অনুষ্ঠিত হয় (Suspended Congress MLA Shashikant Das hearing in Assam Assembly) ।

ইপিনে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বিতীয়টো শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শ্বেৰমান আলীৰ অধিবক্তা উপস্থিত থাকিব নোৱাৰাৰ বাবে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বিতীয়টো শুনানি স্থগিত ৰখা হয় । উল্লেখ্য যে দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস আৰু বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰিছিল (Sherman Ali and Sashikant Das suspended by Congress) ।

আনহাতে, ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস আৰু বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শকীয়াই বিধানসভাত বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন কৰিছিল । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam Assembly Speaker Biswajit Doimari) বিধায়ক শশীকান্ত দাসৰ প্ৰথমটো শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ বাবে শশীকান্ত দাসক নিৰ্দেশ দিয়ে । ইপিনে শ্বেৰমান আলীকো দ্বিতীয় শুনানিৰ বাবে উপস্থিত থকাৰ নিদেৰ্শ দিয়া হয় ।

উল্লেখ্য, শ্বেৰমান আলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছ দলে শশীকান্ত দাসৰ ক্ষেত্ৰত নৰম স্থিতি লৈ আছে । শশীকান্ত দাসে মুক্তভাবে বিজেপিৰ লগত হলি-গলি কৰি আছে । ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক শশীকান্ত দাসে ভোট দিয়া নাছিল । কিন্তু বিজেপিৰ লগত কংগ্ৰেছৰ ভিতৰি বুজাবুজি থকাৰ বাবে কংগ্ৰেছ দলে শশীকান্ত দাসৰ ক্ষেত্ৰত নৰম স্থিতি লৈ আছে ।

এই সন্দৰ্ভত তেওঁ কয়, "এতিয়াও মোক কংগ্ৰেছৰ পৰা টিকট নিদিলেও ৰাতি-দিন একাকাৰ কৰি কংগ্ৰেছ দলকে সহায় কৰিবলৈ সাজু আছোঁ ।" আনহাতে, বিধায়ক শশীকান্ত দাসে সংবাদ মাধ্যমৰ আগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ (Assam Pradesh Congress President Bhupen Bora) ওপৰত অসন্তুষ্টি ব্যক্ত কৰি কয়, "অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এআইইউডিএফৰ (AIUDF) সৈতে মিত্ৰতা ভংগ কৰাৰ সময়ত আমাৰ লগত এবাৰো আলোচনা কৰা হোৱা নাছিল । "

তেওঁ লগতে কয়, "মই কেতিয়াও বিজেপিৰ পতাকা লৈ বিজেপিৰ সভা-সমিতিত থকা নাই । ৰাজ্যসভাৰ নিৰ্বাচনতো দলৰ নিৰ্দেশ মানি ভোট দিছিলোঁ । মই মাত্ৰ নিজৰ সমষ্টিৰ এখন মডেল স্কুলৰ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিলোঁ (Chief Ministar Himanta Biswa Sarma) ।"

লগতে পঢ়ক :বিদ্যালয়ৰ সম্পত্তিৰ দায়িত্ব সমাজক লোৱাৰ আহ্বান শিক্ষা মন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.