তিনিচুকীয়া, 14 আগষ্ট: ৰাজ্যত সঘনাই বৃদ্ধি পাইছে আলফা (স্বা)ত নৱপ্ৰজন্মৰ যোগদান প্ৰক্ৰিয়া ৷ কিন্তু নৱপ্ৰজন্মক আলফা (স্বা)ত যোগদান কৰোৱাৰ আঁৰত আছে আলফা (স্বা)ৰ লিংকমেন ৷ শেহতীয়াকৈ, পানীতোলাত দুই আলফা (স্বা)ৰ লিংকমেনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে (Suspected ULFA linkman detained at Tinsukia)৷
দেওবাৰে তিনিচুকীয়া জিলাৰ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই আলফা (স্বা)ৰ লিংকমেনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে, ইতিমধ্যে আটক কৰা পানীতোলা নগাঁৱৰ মৃণালী গগৈ আলফা (স্বা)ৰ অভিজিৎ গগৈ ওৰফে অভিজিৎ অসমৰ সৈতে ফেচবুকত যোগাযোগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। আনহাতে টেলিগ্ৰামৰ জৰিয়তে কথা পতাৰ তথ্যও পোহৰলৈ আহিছে বুলি সংবাদ মাধ্যমক জনায় উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে (Tinsukia Police Reaction on ULFA linkman)।
উল্লেখযোগ্য যে, মৃণালী গগৈয়ে স্থানীয় যুৱক-যুৱতীক আলফা (স্বা)ত যোগদান কৰিবলৈ বিভিন্ন সময়ত উদগনি যোগাই আহিছে আৰু এইক্ষেত্ৰত সৌৰভ চেতিয়া নামৰ যুৱক জনেও সহায় কৰি আহিছে বুলি মন্তব্য প্ৰকাশ হিৰণ্য কুমাৰ বৰাই ।
লগতে উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে, মৃণালী গগৈয়ে মন্টু বৰুৱা, অজয় নেওগ আৰু গীতাশ্ৰী বৰুৱাকো প্ৰৰোচিত কৰি আহিছিল । ইতিমধ্যে আটকাধীন মৃণালী গগৈ আৰু সৌৰভ চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ।
অনাগত দিনত এইক্ষেত্ৰত তিনিচুকীয়া আৰক্ষীয়ে অভিযান তীব্ৰতৰ ভাৱে চলাই নিব আৰু যিয়ে আলফা (স্বা)ৰ সৈতে যোগাযোগ ৰাখিব, ইয়াৰ তথ্য লাভ কৰাৰ লগে লগে তেনে ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ।
লগতে পঢ়ক: তিনিচুকীয়াত আলফাৰ লিংকমেনৰ সন্দেহত ৪ জনক আটক