ETV Bharat / state

ৰাজ্যত পুনৰ উগ্ৰপন্থীৰ কূটাঘাত: সন্দেহযুক্ত DNLAৰ গুলীত নিহত পাঁচজন ট্ৰাক চালক

author img

By

Published : Aug 27, 2021, 5:22 PM IST

সন্দেহজনক উগ্ৰপন্থী সদস্যই ডিমা হাছাওৰ দিয়ংমুখত অগ্নিসংযোগ কৰিলে 5 খনকৈ কয়লাভৰ্তি ট্ৰাকত ৷ বৃহস্পতিবাৰে নিশা হাফলঙৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে কয়লা কঢ়িয়াই নিয়া পাঁচখনকৈ ট্ৰাকত অগ্নিসংযোগ কৰে ৷ সন্দেহযুক্ত উগ্ৰপন্থীৰ গুলীত নিহত পাঁচজন ট্ৰাকচালক ৷ উগ্ৰপন্থীৰ এই কূটাঘাতৰ পাচতে চৰকাৰৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন ৷

suspected dnla cadre gun down five truck drivers in dima hasao
সন্দেহযুক্ত DNLAৰ গুলীত নিহত পাঁচজন ট্ৰাক চালক

নিউজ ডেস্ক, 27 আগষ্ট : ৰাজ্যত উগ্ৰপন্থীৰ সমস্যা সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ বাবে চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ মাজতে চৰকাৰলৈ বুঢ়া আঙুলি টোৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও বিভিন্ন কূটাঘাতমূলক ঘটনা সংঘটিত হৈ আছে ৷ বৃহস্পতিবাৰে ডিমা হাছাওৰ দিয়ংমুখত সন্দেহজনক উগ্ৰপন্থী সদস্যই 5 খনকৈ কয়লাভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰাৰ ঘটনাই যেন এই কথাকে প্ৰমাণ কৰিছে ৷ এই ঘটনাই উগ্ৰপন্থী সমস্যা সমাধানৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাচতে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় 9 টা বজাত হাফলঙৰ পৰা 120 কিলোমিটাৰ দূৰত অৱস্থিত ৰেঞ্জাৰবিল অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে কয়লা কঢ়িয়াই নিয়া পাঁচখনকৈ ট্ৰাকত অগ্নিসংযোগ কৰে ৷ এই ঘটনাৰ আঁৰত উগ্ৰপন্থী সংগঠন ডিএনএলএ(Dimasa National Liberation Army) জড়িত থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

অতি শেহতীয়াকৈ হিমা হাছাওত পুনৰ সক্ৰিয় হৈ উঠিছে ডিমাচা নেশ্যনেল লিবাৰেচন আৰ্মী(DNLA)৷ স্বাধীনতা দিৱসৰ দিনটোত সংগঠনটোৱে জিলাখনৰ মাইবঙত গুলিয়াগুলী সংঘটিত কৰিছিল ৷ ইয়াৰ পাচতে পুনৰ 18 আৰু 19 আগষ্টতো সন্দেহযুক্ত ডিএনএলএৰ সদস্যই ক্ৰমে ডিমা হাছাওৰ দাওটুহাজা ৰে'ল ষ্টেচন আৰু মাইবঙত গুলিয়াগুলীৰ ঘটনা সংঘটিত কৰিছিল ৷

লগতে পঢ়ক : বিদ্ৰোহী সংগঠন DNLAই অগ্নিসংগযোগ কৰিলে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত, নিহত 5

উগ্ৰপন্থীৰ সমস্যা তথা কূটাঘাতমূলক ঘটনা প্ৰতিহত কৰাৰ ক্ষেত্ৰত চৰকাৰে নিজৰ সফলতাৰ কথা দোহাৰি থকাৰ সময়তে উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত এনেধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ দিনকদিনে বৃদ্ধি পোৱাটো এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ বৃহস্পতিবাৰেও সন্দেহজনক ডিএনএলএৰ সদস্যই ৰেঞ্জাৰবিল অঞ্চলত উপস্থিত হৈ গুলিবৰ্ষণ কৰাৰ ফলত 5 গৰাকীকৈ ট্ৰাক চালক নিহত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷ গুলিয়াগুলীৰ পিছতে উগ্ৰপন্থীৰ দলটোৱে ট্ৰাককেইখনত পেট্ৰ’ল ঢালি অগ্নিসংযোগ কৰে ৷

মন কৰিবলগীয়া যে, অতি সম্প্ৰতি বিৰোধী দলসমূহে অবৈধ কয়লাৰ বেহা চলি থকাক লৈ বিভিন্ন অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ মাজতে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰা ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তত পুনৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণ

উল্লেখ্য যে, বিগত ২২ জুলাইত ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী লালপানীত এম বাথা(M Batha) আৰু বকোৰ নেতৃত্বত ২৩ জনকৈ এনএলএফবি কেডাৰ জংঘলৰ পৰা ওলাই আহিছিল ৷ ইয়াৰ পাচতে এনএলএফবি(NLFB)ৰ প্লাটুন কামাণ্ডাৰ বি হৰফাৰ নেতৃত্বত কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ঝাৰবাৰীত ঘন জংঘলৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ এনএলএফবিৰ 32 জনীয়া এটা দল মূলসুঁতিলৈ ঘূৰি অহাৰ পাচত অস্ত্ৰ-শস্ত্ৰসহ পুনৰ ৬৭ নং এনএলএফবি(67 NLFB)ৰ 67 জনকৈ কেডাৰ মূল সুঁতিলৈ ঘূৰি আহে ৷

উগ্ৰপন্থী সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰ কৰিছে ৷ চৰকাৰী পৃষ্ঠপোষকতাত গ্ৰহণ কৰা এনেসমূহ পদক্ষেপে ৰাজ্যৰ সশস্ত্ৰ সংগ্ৰামখন ইতি পেলাব বুলি আশা কৰা হৈছে যদিও ইয়াৰ মাজতে সংঘটিত হৈ থক কূটাঘাতমূলক কাৰ্যকলাপ বৃদ্ধিয়ে ৰাইজক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বোকাজানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সহ চাৰিজনক আটক

সশস্ত্ৰ সংগঠনসমূহেও ৰাইজক ভীতিগ্ৰস্ত কৰাৰ লগতে নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ এনেধৰণৰ ঘটনাসমূহ সংঘটিত কৰি আহিছে সেই কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৷ উদাহৰণস্বৰূপে স্বাধীনতা দিৱসৰ দিনটোত ডিমা হাছাও জিলাৰ মাইবঙত গুলিয়াগুলী সংঘটিত কৰি ডিএনএলএ নামৰ উগ্ৰপন্থী সংগঠনটোৱে এই ঘটনাৰ দ্বায়িত্ব স্বীকাৰ কৰিছিল৷ সংগঠনটোৱে কৈছিল ‘গাঁওখনৰ একাংশ লোকে নিৰাপত্তা বাহিনীক সংগঠনটোৰ গতিবিধিৰ তথ্য প্ৰদান কৰাৰ খবৰ লাভ কৰিছিল তেওঁলোকে ৷ যাৰ বাবে গাঁওখনৰ মানুহৰ মাজত ভীতি প্ৰদৰ্শনৰ বাবেই উগ্ৰপন্থী সংগঠনটোৱে গুলি চলায় ।’

বৃহস্পতিবাৰে সংঘটিত ঘটনাটোত নিহত ট্ৰাক চালক কেইজনৰ চাৰিজন ট্ৰাক চালকক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই কাৰণ আটাইকেইগৰাকী জুইত সম্পূৰ্ণৰূপে জাহ গৈছে ৷ ট্ৰাককেইখনত অতি কমেও 10 গৰাকী লোক আছিল যাৰ বাবে আৰক্ষীয়ে মৃতকৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা

উল্লেখ্য যে, 2009 চনত আন এক ডিমাচা উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)ৰ সংগঠন অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছিল ৷ ডিএইচডি (জে)ৰ পিচতে এয়া ডিমাচা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা সংঘটিত প্ৰথমটো বৃহৎ আক্ৰমণৰ ঘটনা । ইয়াৰ পূৰ্বে আজিৰ পৰা প্ৰায় 10/12 বছৰ আগতে এতিয়াৰ ডালমিয়া চিমেণ্ট আৰু তেতিয়াৰ বিনয় চিমেণ্ট ফেক্টৰিত ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলাই চিমেণ্ট ফেক্টৰীৰ 7 গৰাকী নিৰাপত্তাৰক্ষী আৰু দুগৰাকী কৰ্মীক গুলিয়াই হত্যা কৰিছিল ৷

এনেসমূহ ঘটনাৰ পাচতে চৰকাৰৰ প্ৰতিশ্ৰুতি স্বত্বেও ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে ৷ এনেক্ষেত্ৰত উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হোৱাৰ কথা বাৰে বাৰে দোহাৰি থকা চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : এম বাথাসহ 22 জন NLFB কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.