ETV Bharat / state

বনকৰ্মীক মাৰণাস্ত্ৰ প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ প্ৰতিক্ৰিয়া - ৰাজস্থান

বন্য প্ৰাণীক নিৰাপত্তা প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰক প্ৰশংসা ন্যায়ধীশ গৰাকীৰ ৷

Suprem Courte Chief Justice Reaction On Assam Forest Department
বনকৰ্মীক মাৰণাস্ত্ৰ প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ প্ৰতিক্ৰিয়া
author img

By

Published : Jan 8, 2021, 6:01 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ : বিশ্ব গৌৰৱ গড়কে আদি কৰি অসমৰ বন্য প্ৰাণীসমূহক নিৰাপত্তা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপক প্ৰশংসা কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববডে । অসমৰ বন-বিষয়াসকলক পদবী অনুযায়ী মাৰণাস্ত্ৰ প্ৰদান কৰা হৈছে আৰু যাৱতীয় প্ৰশিক্ষণ দিয়া হৈছে । যাৰ ফলত চোৰাং চিকাৰী অসমৰ বনাঞ্চলত প্ৰৱেশ কৰিবলৈ সাহস নকৰে বুলি মন্তব্য কৰে মুখ্য ন্যায়াধীশ গৰাকীয়ে ।

Suprem Courte Chief Justice Reaction On Assam Forest Department
বনকৰ্মীক মাৰণাস্ত্ৰ প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশৰ প্ৰতিক্ৰিয়া

আনহাতে, তেওঁ মহাৰাষ্ট্ৰ চৰকাৰকো অনুৰূপ পদক্ষেপ লোৱাৰ কাৰণে উচ্চ প্ৰশংসা কৰি দেশৰ আন ৰাজ্যতো অসম তথা মহাৰাষ্ট্ৰৰ আৰ্হিৰে মডেল প্ৰৱৰ্তন কৰাৰ পোষকতা কৰে । উল্লেখ্য যে, শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত দেশৰ মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববডেৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে ৰাজস্থানৰ বনকর্মী জড়িত হৈ থকা এক গোচৰৰ শুনানী গ্রহণ কৰি এই মন্তব্য প্ৰদান কৰে ।

উচ্চতম ন্যায়ালয়ে বনকর্মী তথা বিষয়াসকলক মাৰণাস্ত্ৰ আৰু বুলেট প্ৰুফ জেকেট প্রদানৰো পোষকতা কৰে আৰু এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ পৰা উত্তৰ বিচাৰে মুখ্য ন্যায়ধীশ গৰাকীয়ে ।

লগতে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.