গুৱাহাটী, ৪ অক্টোবৰ: প্ৰথিতযশা সাহিত্যিক-সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিৰ বহুপঠিত, জনপ্ৰিয় উপন্যাস "সুবালা" বিশ্ববাসীৰ মাজলৈ যাবলৈ সাজু হৈছে । বৰগোহাঞিৰ এই বহুচৰ্চিত উপন্যাসখনে ইতিমধ্যে প্ৰাণ পাইছে চেলুলয়ডত । "সুবালা"ৰ সেই চিত্ৰৰূপ এইবাৰ দেখা পাব বিশ্বৰ চলচ্চিত্ৰপ্ৰেমীয়ে । বিশিষ্ট পৰিচালক মুন্না আহমেদৰ পৰিচালনাত বৰগোহাঞিৰ "সুবালা"ৰ কাহিনীৰ আধাৰত নিৰ্মিত "সুবালা দ্য ডাৰ্কনেছ উইদিন" নামৰ ছবিখন আমন্ত্ৰিত হৈছে ইটালীৰ এক সম্ভ্ৰান্ত চলচ্চিত্ৰ মহোৎসৱলৈ ।
উক্ত মহোৎসৱৰ "চিনেমা অৱ দ্য নেশ্যনছ" শিতানত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে "সুবালা" । লণ্ডন আৰু আমেৰিকাৰ চলচ্চিত্ৰ মহোৎসৱলৈও ইতিপূৰ্বে আমন্ত্ৰিত হৈছিল এই ছবিখন । আব্দুল মান্নান ফাৰুক আৰু আব্দুল মুক্তাদিৰৰ প্ৰযোজনাত নিৰ্মিত "সুবালা"ৰ নাম ভূমিকাত অভিনয় কৰিছে ইতিমধ্যে দাক্ষিণাত্যৰ ছবিজগত আৰু বলিউডত জনপ্ৰিয়তা অৰ্জন কৰা শক্তিশালী অভিনেত্ৰী উৰ্মিলা মহন্ত আৰু শিশু শিল্পী অপ্সৰা দাসে ।
ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ অভিষ্কা ফুকনৰ । তৰালী শৰ্মাই আৱহ সংগীতেৰে সজাইছে "সুবালা"ক । অতুল পাচনি, প্ৰতিভা চৌধুৰী, হিমাংশু প্ৰসাদ দাস, পদ্মৰাগ গোস্বামী, সিদ্ধাৰ্থ মুখাৰ্জী আদিয়ে অভিনয় কৰা ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে সুমন দুৱৰাই ।
লগতে পঢ়ক:বেংগালুৰুৰ IFH ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ অনীহাৰ ৯ টা শিতানত মনোনয়ন লাভ