গুৱাহাটী, 23 অক্টোবৰ: ৰাজ্যত আজৱ ঘটনা ৷ ষট পূজাৰ বাবে পথৰ মাজত আঁৰি থোৱা ৰছীত লাগি মৃত্যুৰ মুখত পৰে এজন ছাত্ৰ(Fency bazar road accident)৷ ঘটনা অনুসৰি দেওবাৰে পুৱা প্ৰায় ৬.৩০ বজাত AS01DE 7745 নম্বৰৰ মটৰ চাইকেলখনেৰে এম জি ৰোডেৰে অজিত কুমাৰ ঝা আৰু প্ৰভাত ত্ৰিবেদী নামৰ যুৱক দুজনে ভৰলুমুখৰ পৰা ফাঁচী বজাৰ অভিমুখে আহিছিল (Student dead in Fency bazar)৷
তাৰ পিছত দুই বাইক আৰোহীয়ে লাচিত ঘাট পাওঁতেই ঘাটত ষট পূজাৰ বাবে বান্ধি থোৱা এডাৰ ৰছীত লাগি বাইকখন দুৰ্ঘটনাত পতিত হয় ৷ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অজিত নামৰ ছাত্ৰজনৰ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় প্ৰভাত নামৰ ছাত্ৰগৰাকী ৷ লগে লগে ঘটনাস্থলীত লোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত প্ৰভাতক চিকিৎসালয়ত ভৰ্তি কৰে ৷
জানিব পৰা মতে প্ৰশাসনৰ অনুমতি অবিহনে গুৱাহাটী উত্তৰ গুৱাহাটী দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথতে ৰছী টানি লৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ পথৰ মাজতে থকা ৰছীডাল নেদেখিয়েই এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ৷
মৃত ছাত্ৰ অজিতৰ (20) ঘৰ ধীৰেণপাৰাত বুলি জানিব পৰা গৈছে (Ajit Kumar Jha dead in Road accident)৷ ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈছে (Panbazar police rescued body)৷ ইতিমধ্যে মৃত ছাত্ৰজনক মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
এতিয়া প্ৰশ্ন উত্থাপন হয় যে মহানগৰীৰৰ এটা ব্যস্ত ৰাজপথত এনেদৰে প্ৰশাসনৰ অনুমতি অবিহনে ৰছী টনা কাৰ্য কিমান সমীচিন ? কোনো কাণ্ডজ্ঞানহীন লোকৰ বাবে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী ছাত্ৰই ৷
অৱশ্যে প্ৰশাসনৰ অনুমতি নলোৱাকৈ কোনে কিয় ৰছীডাল ৰাজপথত বান্ধি থৈছিল তাক লৈ তদন্ত আৰম্ভ কৰিছে যান বাহন আৰক্ষীয়ে (Panbazar police investigate road accident)৷ যিয়ে এনেধৰণৰ কাম কৰিছে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷
লগতে পঢ়ক:Festival of Diwali: দীপাৱলীৰ বজাৰত চাহিদা বৃদ্ধি থলুৱা মাটিৰ চাকিৰ