ETV Bharat / state

সাংবাদিক নিগ্ৰহ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত ধৰ্মঘট

ৰাজ্য়ত সাংবাদিক নিগ্ৰহৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ মাজতেই বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তেই মহানগৰীত সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত চলিল আক্ৰমণ । এই আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত সাংবাদিকসকলৰ অৱস্থান ধৰ্মঘট (Journalists strike in Guwahati)।

author img

By

Published : Sep 10, 2022, 10:14 PM IST

Journalists  strike in Guwahati
সাংবাদিক নিগ্ৰহ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত ধৰ্মঘট

গুৱাহাটী ,১০ ছেপ্টেম্বৰ: সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ ওপৰত চলা আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত সাংবাদিকৰ অৱস্থান ধৰ্মঘট(Journalist protest against attack in Guwahati) । শুক্ৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত সংবাদিকসকলে মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে অপৰাধীৰ পক্ষ লোৱা আৰক্ষীক নিলম্বন কৰক, চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈক নিলম্বন কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ'ব আদি শ্ল'গান দিয়ে । দুই শতাধিক সাংবাদিকে আৰক্ষীৰ পক্ষপাত আচৰণৰো প্ৰতিবাদ সাব্যস্ত কৰে । গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সঞ্জয় ৰয়ে এই সন্দৰ্ভত কয়, 'বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত বনজিৎ ঠাকুৰীয়াক আক্ৰমণ কৰাটো দুৰ্ভাগ্যজনক । তদুপৰি আৰক্ষীয়ে অপৰাধীৰ পক্ষ লৈ সাংবাদিকে কেনেকৈ সাংবাদিকতা কৰিব আৰক্ষীয়ে শিকাব নেকি ? কেতিয়াও এই কথা মানি লোৱা নহব । অপৰাধী আৰু চানমাৰি আৰক্ষী থানাৰ অ'চিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব বুলি তেওঁ সঁকীয়াই দিয়ে ।

উল্লেখ্য যে ৭ছেপ্টেম্বৰৰ নিশা মহানগৰীৰ কমাৰ্চ পইন্টত ফেট বেলি ৰেষ্টুৰেন্টত সংঘটিত অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ 'অসমীয়া প্ৰতিদিন' কাকতৰ জেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়া দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল ৷ আনহাতে, চানমাৰি থানাত দুয়োটা পক্ষৰ এজাহাৰ গ্ৰহণ কৰি চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত আৰক্ষী বিষয়াই অপৰাধীৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

ইপিনে, গুৱাহাটীত সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণৰ ঘটনাক জাফাই (জাৰ্নেলিষ্ট এচ'চিয়েছন ফৰ আছাম) তীব্ৰ ভাষাৰে গৰিহণা জনাইছে(Bongaigaon JAFA protest)। জাফাৰ তৰফৰ পৰা কেন্দ্ৰীয়ভাৱে বঙাইগাঁৱত সাংবাদিক আক্ৰমণৰ ঘটনাক বিৰোধিতা কৰি ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক সকলে ৷ এই সাংবাদিক আক্ৰমণত জড়িত অপৰাধীৰ কঠোৰ শাস্তিৰ দাবীৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে সাংবাদিকসকলে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে(Journalist attack in Guwahati)। জাফাৰ সভাপতি অভিদিপ চৌধুৰীয়ে চৰকাৰক কটাক্ষ কৰি কয় প্ৰতিবাৰেই আমি সাংবাদিক আক্ৰমণৰ ঘটনাক গণতান্ত্ৰিকভাৱে প্ৰতিবাদ জনাওঁ, কিন্তু পুনৰাবৃত্তি হৈয়েই থাকে (Attack on journalist in Assam)। সাংবাদিক আক্ৰমণত জড়িত অপৰাধীয়ে শাস্তি নাপায় । চৰকাৰেও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক:সংবাদ কৰ্মীক অভব্য আচৰণ অংগনবাড়ী কৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.