ETV Bharat / state

Dispur College defraud case, হৰলুকি হোৱা ধন ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই - Cyber Thieves hacks Dispur college bank account

দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকি হোৱা ধন ঘূৰাই পালে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ প্ৰতিশ্ৰুতি অনুসাৰে বেংক অব বৰোদা কৰ্তৃপক্ষই তিনিটা কিস্তিত ঘূৰাই দিলে হৰলুকি হোৱা ধনখিনি (Stolen money was recovered to Dispur College authorities) ৷

Stolen money was recovered to Dispur College authorities
হৰলুকী হোৱা ধন ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই
author img

By

Published : Aug 12, 2022, 7:36 PM IST

Updated : Aug 13, 2022, 12:01 PM IST

গুৱাহাটী, ১২ আগষ্ট: দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকি হোৱা ধন ঘূৰাই পালে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ প্ৰতিশ্ৰুতি অনুসাৰে বেংক অব বৰোদা কৰ্তৃপক্ষই তিনিটা কিস্তিত ঘূৰাই দিলে হৰলুকি হোৱা ধনখিনি (Stolen money was recovered to Dispur College authorities) ৷ যোৱা 31 জুলাইৰ ভিতৰত মহাবিদ্যালয় কৰ্তৃপক্ষক টকাখিনিৰ সূত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

প্ৰথমে টকাখিনি 31 জুলাইৰ ভিতৰত ঘূৰাই দিম বুলি বেংক কৰ্তৃপক্ষই লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে যোৱা ২‍১ এপ্ৰিলত মহাবিদ্যালয়খনৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৭৬ লাখ টকা লুট কৰি নিছিল প্ৰৱঞ্চকে (Scam of Dispur college bank money ) ৷

দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বেংক অৱ বৰোদাৰ গুৱাহাটীৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখা, ইউনিয়ন বেংকলৈ টকাখিনি Transfer কৰা হৈছিল ৷ প্ৰৱঞ্চকে এটা ভুৱা মেইল আইডি Dispurcollege1980@gmail.com তৈয়াৰ কৰিছিল (Fake mail ID of Dispur college) । এই মেইল আইডিটোৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল । কিন্তু মহাবিদ্যালয়খনৰ প্ৰকৃত মেইল আইডিটো বেলেগ । এই সমমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰিছিল মহাবিদ্যালয় কৰ্তৃপক্ষই ৷

হৰলুকী হোৱা ধন ঘূৰাই পালে দিছপুৰ মহাবিদ্যালয় কৰ্তৃপক্ষই

আৰক্ষীয়ে ইয়াৰ পিছতে বেংক অব বৰোদাৰ দিছপুৰ শাখাৰ মুখ্য শাখা প্ৰৱন্ধক আৰু দুই মহিলা কৰ্মচাৰীক মাতি পঠাইছিল থানালৈ । বেংক কৰ্তৃপক্ষই ৩০ জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত নিশাই যাবলৈ দিয়া হয় শাখা প্ৰবন্ধক আৰু মহিলা কৰ্মচাৰী দুগৰাকীক ৷

আনহাতে BSNL ৰ দুই কৰ্মচাৰীকো সোধপোচৰ বাবে থানালৈ মাতি অনা হৈছিল । হৰলুকি হোৱা ধনখিনি কলকাতা, মুম্বাই আদিৰ বিভিন্ন একাউন্টত সোমোৱা বুলি জানিবলৈ দিছিল অধ্যক্ষগৰাকীয়ে (Cyber Thieves hacks Dispur college bank account) ।

আনহাতে এই প্ৰৱঞ্চকে অধ্যক্ষগৰাকীৰ ভুৱা ফটো আৰু পৰিচয় পত্ৰ দি চিম কাৰ্ড উলিওৱা বুলিও জানিবলৈ দিছিল । উল্লেখ্য যে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাৰ মোবাইল নম্বৰতে আন এখন চিম উলিয়াই দিছিল BSNLৰ দুই কৰ্মচাৰীয়ে । ইয়াৰ পাছতে বেংক অব বৰোদাৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউন্টৰ পৰা ৭৬ লাখ টকা হৰলুকি হৈছিল ।

অৱশেষত বেংক কৰ্তৃপক্ষই বাধ্য হৈ তিনিটা কিস্তিত ঘুৰাই দিয়ে হৰলুকি হোৱা ধনখিনি ৷ প্ৰথমটো কিস্তিত 6,54,684 টকা দ্বিতীয়টো কিস্তিত 1,56,388 টকা আৰু বাকী 54,73,872 টকা বৃহস্পতিবাৰে ঘূৰাই দিয়ে ৷

লগতে পঢ়ক: Dispur College Defraud Case: ৩০ জুনৰ ভিতৰত ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি বেংক কৰ্তৃপক্ষৰ

Last Updated : Aug 13, 2022, 12:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.