ETV Bharat / state

Silsako Eviction Protest: শিলসাঁকোত মহিলাৰ অৰ্ধনগ্ন প্ৰতিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া; গৰ্ভৱৰ্তী মহিলাকো আটক - শিলসাঁকো

শিলসাঁকোত পুনৰ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰাক লৈ শুকুৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ সৃষ্টি হয় একাংশ মহিলাই অৰ্ধ-উলংগ হৈ প্ৰতিবাদ কৰিব লগা পৰিস্থিতি ৷ গৰ্ভৱৰ্তী মহিলাকো টানি-আঁজুৰি আটক কৰে আৰক্ষীয়ে ৷

Silsako Eviction Protest
Silsako Eviction Protest
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:05 PM IST

শিলসাঁকোত মহিলাৰ অৰ্ধনগ্ন প্ৰতিবাদক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ১ ছেপ্টেম্বৰ: উচ্ছেদক কেন্দ্ৰ কৰি আজি পুৱাই শিলসাঁকোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । শিলসাঁকোত পুনৰ উচ্ছেদ বন্ধ কৰাৰ দাবীত মণিপুৰৰ মহিলাৰ দৰে শিলসাঁকোৰ মহিলাই আৰক্ষী-প্ৰশাসনৰ সন্মুখতে চৰকাৰ বিৰোধী শ্লোগান দি অৰ্ধনগ্ন হৈ প্ৰতিবাদ সাবস্ত কৰে । অসমৰ ইতিহাসত কাহানিও নোহোৱা এই প্ৰতিবাদক লৈ এতিয়া সৰ্বত্ৰ চলিছে ব্যাপক চৰ্চা ।

কিয়নো মণিপুৰত একালত ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে হৈছিল এনেধৰণৰ প্ৰতিবাদ । গুৱাহাটীৰ শিলসাঁকোৰ ১২০ পৰা ১৩০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাই সষ্টম হৈ আছিল আৰক্ষী প্ৰশাসন । তাৰ বাবে চৰকাৰৰ নিৰ্দেশত শিলসাঁকোৰ উচ্ছেদিত স্থানত মোতায়েন কৰা হৈছিল বহু সংখ্যক আৰক্ষী-নিৰাপত্তা বাহিনী ।

সাজু কৰা হৈছিল কেইবাখনো জেচিবি, এক্সকেভেটৰ । আৰক্ষীৰ বিশাল সমৰসজ্জা লগত লৈ আজি পুৱা প্ৰায় ৭ বজাতে শিলসাঁকোত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হয় । পৰৱৰ্তী সময়ত শিলসাঁকোত উচ্ছেদ অভিযানক লৈ এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । শিলসাঁকোত পুনৰ উচ্ছেদ নকৰিবলৈ স্থানীয় ৰাইজ তথা প্ৰতিবাদকাৰীয়ে আৰক্ষীক বাধা প্ৰদান কৰে ।

ক্ষুব্ধ প্ৰতিবাদকাৰীক ৰুধিবলৈ অধিক কঠোৰ হৈ পৰে আৰক্ষী । ইয়াকে লৈ আৰক্ষী আৰু শিলসাঁকোৰ স্থানীয় ৰাইজে খণ্ডযুদ্ধত লিপ্ত হয় । এনে পৰিস্থিতিৰ মাজতে দুই মহিলাই অৰ্ধনগ্ন হৈ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ । ইয়াৰ লগে লগে উচ্ছেদস্থলীত প্ৰতিবাদ সাব্যস্ত কৰে আন উচ্ছেদিত লোকসকলেও ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰথম অৱস্থাত আটক কৰে ২০ গৰাকীকৈ মহিলাক । আটকাধীন মহিলাসকলৰ ভিতৰত গৰ্ভৱতী মহিলাও আছে বুলিও জানিব পৰা গৈছে । প্ৰতিবাদস্থলীৰ পৰা মহিলা প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে টানি আজুৰি চোঁচৰাই আটক কৰে । পিছত আৰক্ষীয়ে আটক কৰা পুৰুষ মহিলাসহ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীক কাহিলীপাৰাস্থিত চতুৰ্থ অসম বেটেলিয়নত আৱদ্ধ কৰি ৰাখে ।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক আটক কৰে ।

ইফালে উচ্ছেদৰ আশংকাত আৰক্ষী প্ৰশাসনৰ সন্মুখত উচ্ছেদস্থলীত এজন লোকে আত্মজাহৰ ভাবুকি দিয়ে । ‘‘হয় মোক গুলীয়াই মাৰক, নহ’লে নিজে পেট্ৰ’ল ঢালি মৃত্যু বৰণ কৰিম,’’ উচ্ছেদস্থলীত লোকজনে নিজৰ ঘৰৰ টিঙত উঠি এনেদৰে আত্মজাহৰ ভাবুকি দিয়ে । স্বাভাৱিকতে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ । পিছত লোকজনক আৰক্ষীয়ে সেই স্থানৰ পৰা নমাই আনে ।

ইফালে আজি প্ৰথম দিনৰ অভিযানত প্ৰশাসনে শিলসাঁকো ভূমি বেদখল কৰি নিৰ্মাণ কৰা প্ৰায় অৰ্ধশতাধিক তৰ্জা, টিন পাতৰ লগতে কংক্ৰিটৰ এক্সকেভেটৰেৰে ভাঙি দিয়ে । কামৰূপ মহানগৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ চমুকৈ GMDAকে ধৰি আন কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত আজি পুৱাৰ পৰা বিয়লি ভাগলৈ বিলৰ মূল সুঁতিৰ পৰা দুই মূৰে ১৩০ মিটাৰ ব্যসাৰ্ধৰ ভিতৰত উচ্ছেদ চলোৱা হয় ।

অৱশ্যে ১৩০ মিটাৰৰ ব্যসাৰ্ধৰ সীমা অতিক্ৰম কৰিও বহু লোকৰ ঘৰ উচ্ছেদ চলোৱাৰ অভিযোগ তোলে উচ্ছেদিত একাংশই । আৰক্ষীৰ বৃহৎ বাহিনীৰ উপস্থিতিত ১০ খনৰো অধিক এক্সকেভেটৰৰে এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি দিয়াত অঞ্চলটোত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

নিজৰ মৰমৰ ঘৰটো চকুৰ সন্মুখতে তাচপাতৰ দৰে খহি পৰাত কান্দোনত ভাঙি পৰে । লক্ষণীয় কথা এই যে উচ্ছেদৰ সময়ছোৱাত কেইবাটাও পৰিয়ালৰ সন্তানৰ বিদ্যালয়ৰ ছয়মহীয়া পৰীক্ষা চলি আছিল । বহু লোকে উচ্ছেদ নচলাবলৈ প্ৰশাসন কিম্বা মহানগৰ আৰক্ষীক অনুৰোধ জনাইছিল যদিও পিছে তেনে অনুৰোধক সম্পূৰ্ণ নস্যাৎ কৰি ইফালৰ পৰা ঘৰ দুবাৰত বুলড’জাৰ চলায় ।

লগতে পঢ়ক: Silsako Eviction: প্ৰতিবাদ কৰক, কিন্তু কাপোৰ খুলি নহয়; ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.