ETV Bharat / state

ৰাজ্য চৰকাৰে ব্যৱস্থা ল’ব মাক্সৰ দাম বৃদ্ধি কৰা অসাধু চক্ৰৰ বিৰুদ্ধে

author img

By

Published : Mar 8, 2020, 8:22 PM IST

বৰঝাৰ বিমানবন্দৰত COVID 19 বাবে গ্ৰহণ কৰা সতৰ্কতা মূলক ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই ৷ অসমৰ ৰাইজক পৰৱৰ্তী এমাহৰ বাবে বিদেশ ভ্ৰমণ বাতিল কৰিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ ৷

state health minister piyush hazarika visited barjhar airport
বিমানবন্দৰত চলি থকা যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা ব্যৱস্থাৰ বুজ ল’লে মন্ত্ৰী পিযুষ হাজৰিকাই

গুৱাহাটী , 8 মাৰ্চঃ COVID-19ৰ সংক্ৰমণ ৰোধৰ বাবে তৎপৰ হৈছে চৰকাৰ ৷ অসমত এতিয়ালৈকে এজনে লোকৰ শৰীৰত কৰ’ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা নাই যদিও ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া সকলো ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চলি থকা যাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষা ব্যৱস্থাৰ বুজ ল’বলৈ দেওবাৰে বিমানবন্দৰত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা ৷ এই সতৰ্কতামূলক পৰ্যবেক্ষণত বৰ্তমানলৈকে পৰীক্ষা কৰা হৈছে 289 গৰাকী ব্যক্তিক ৷ মন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰা সময়লৈকে বিদেশৰ পৰা অহা যাত্ৰীসকলকহে পৰ্যবেক্ষণ কৰা হৈছিল যদিও মন্ত্ৰীগৰাকীয়ে এতিয়াৰে পৰা সকলো বিমান যাত্ৰীকেই পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়ে ৷

অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱা আমেৰিকান নাগৰিকজনৰ দেহত অসমত জ্বৰ হোৱা নাছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী পিযুষ হাজৰিকাই জনসাধাৰণক জনসমাগমৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে আগন্তক ফাকুৱা উৎসৱতো পৰাপক্ষত অংশগ্ৰহণ নকৰিবলৈ অনুৰোধ জনায় ৷

অসমৰ ৰাইজক পৰৱৰ্তী এমাহৰ বাবে বিদেশ ভ্ৰমণ বৰ্জন কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, অসাধু চক্ৰই সুযোগৰ দুব্যৱহাৰ কৰি মাক্সৰ দাম বৃদ্ধি কৰা বিষয়টোৰ প্ৰতি স্বাস্থ্য বিভাগে নজৰ দিছে ৷ পিযুষ হাজৰিকাই ৰেডিছন ব্লু আৰু MV cruise ব্ৰহ্মপুত্ৰৰ লোক কেইজনৰ শৰীৰত বৰ্তমানলৈ কৰ’ণা ভাইৰাছৰ অৱস্থিতি পোৱা নাই আশ্বাস প্ৰদান কৰে ৷ ৰজনসাধাৰণক উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃসংগ্ৰাম আৰু সাহসৰ অন্য এক নাম ড৹ বিৰুৱালা ৰাভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.