ETV Bharat / state

নগা চুক্তি ৰাজহুৱা কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ - নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট

মুখ্যমন্ত্রী তথা 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডিমাপুৰলৈ যোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে প্ৰতিক্ৰিয়া । এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিধানসভা আৰু কেবিনেটক বিশ্বাসত নোলোৱাকৈ তেওঁ কেনেকৈ আলোচনাত বহিব পাৰে । হিমন্ত বিশ্ব শৰ্মাৰ এই আলোচনাত অংশ গ্ৰহণ সম্পূৰ্ণ সন্দেহ আৰু সংশয়ৰ আৱৰ্তত বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

State Congress president Bhupen Bora reacts on Naga Framework Agreement
নগা চুক্তি ৰাজহুৱা কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ
author img

By

Published : Sep 21, 2021, 7:50 PM IST

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : 'নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট, ২০১৫'ত সন্নিবিষ্ট বিষয়সমূহ শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনাইছে প্ৰদেশ কংগ্ৰেছে । এন এছ চি এন (আই এম)ৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্রী তথা 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডিমাপুৰলৈ যোৱা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক বিবৃতিত কয়, ‘‘২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত চৰকাৰ আৰু NSCN (I-M)ৰ মাজত নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কৰি গৌৰৱেৰে ঘোষণা কৰিছিল যে আজি আমি কেৱল এটা সমস্যা শেষ কৰা নাই, বৰং এক নতুন ভৱিষ্যতৰ আৰম্ভণি কৰিছো । আশ্বৰ্যজনকভাৱে এই নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰা নহ'ল ।

নাগালেণ্ড ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত কি বিষয় সন্নিবিষ্ট আছিল তাক ৰাজহুৱা কৰিবলৈ সেই সময়ত কংগ্রেছ দলে দাবী জনাইছিলোঁ । কিন্তু আজিলৈকে কোনেও নাজানে এই ফ্ৰেমৱৰ্কত কি লিখা আছে । বছৰ বাগৰিল, কিন্তু গৌৰৱেৰে কৰা এই ঘোষণা আজিও ঘোষণা হৈয়েই থাকিল । বাস্তৱত একোৱেই হৈ উঠা কোনেও দেখা নাপালে’’ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই ৷

লগতে পঢ়ক: ডিব্ৰুগড়তো আৰক্ষীৰ জালত 17 টা ভূ-মাফিয়া

পৰৱৰ্তী সময়ত ২০১৯ ত নগা শান্তি আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে তেখেতৰ একেবাৰে বিশ্বস্ত ব্যক্তি আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছিল । কিন্তু বিষয়টো আগ নাবাঢ়িল আৰু NSCN(I-M) আৰু ৰাজ্যপালৰ মাজৰ বিতৰ্কই দখল কৰা বাতৰিৰ শিৰোনাম অনুসৰি এই "এগ্ৰিমেণ্ট" গৈ "মতবিৰোধ এগ্ৰিমেণ্ট"হে হ'ল ।

এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নাগালেণ্ডৰ এই সমস্যা সমাধান নকৰাকৈয়ে ৰাজ্যপাল ৰবিক আঁতৰাই দিছে । একে সময়তে জানিব পৰা মতে, গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক NSCN(I-M) ৰ লগত আলোচনাত বহিবলৈ প্ৰতিনিধি হিচাপে নিযুক্ত কৰিছে । এতিয়া প্ৰশ্ন উঠিছে যে কি ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীয়ে NSCN(I-M) ৰ লগত আলোচনাত বহিব ৷

এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিধানসভা আৰু কেবিনেটক বিশ্বাসত নোলোৱাকৈ তেখেতে যাব আৰু আলোচনাত বহিব পাৰিব নে । NSCN(I-M) বৃহত্তৰ নাগালিমৰ সমৰ্থক হিচাপে জনা যায় আৰু সকলোৱে জানে তেওঁলোকে অসমৰ কিছু কিছু এলেকা তাত অন্তৰ্ভুক্ত কৰিব বিচাৰে । অসমৰ প্ৰতি ইঞ্চি ভূমি ৰক্ষা কৰিবৰ বাবে কংগ্রেছ দল দৃঢ় প্ৰতিজ্ঞ আৰু কোনো পৰিস্থিতিতে অসমৰ ভূখণ্ড বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ বুলি কয় ভূপেন বৰাই ৷

লগতে পঢ়ক: মৰাণ আৰু খোৱাং আৰক্ষীৰ জালত পৰিল তিনি মাটিৰ দালাল

বৰাই লগতে কয়, অসম-মিজোৰাম সীমা সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা হিমন্ত বিশ্ব শৰ্মাই অসমক সুৰক্ষা কৰিব বুলি মানুহে বিশ্বাস কৰিব নোৱাৰে । তেখেতে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে সমগ্ৰ বৰাক উপত্যকা আৰু গুৱাহাটীও মিজোৰামৰ হাতত গতাই দিয়াৰ বাবে তেখেত সাজু ।

"বিজেপিৰ কেন্দ্ৰীয় নেতাৰ শ্ৰুতলিপিত চকু মুদি উঠা-বহা কৰা হিমন্ত বিশ্ব শৰ্মাই NSCN(I-N)ৰ সৈতে আলোচনাৰ সময়ত অসমৰ স্বাৰ্থক সুৰক্ষা দিব পাৰিব বুলি অসমৰ মানুহে বিশ্বাসত ল'ব নে ? তথ্য অনুসৰি নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীকো এই আলোচনাৰ অংশীদাৰ হোৱাৰ বাবে আহ্বান জনোৱা হৈছিল । কিন্তু বৃহত্তৰ নাগালিম বিষয়টোত মতানক্য থকা বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এই আলোচনাত ভাগ নলোৱাৰ সিদ্ধান্ত লৈছে।’’ সাংবাদিকৰ আগত এইদৰে ভূপেন বৰাই ৷

লগতে পঢ়ক: বৰপেটাৰোড আৰক্ষীৰ জালত 6 জনকৈ ভূ-মাফিয়া

তেওঁ লগতে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ এই আলোচনাত অংশগ্ৰহণ সম্পূৰ্ণ সন্দেহ আৰু সংশয়ৰ আৱৰ্তত । লগতে এয়াও ধৰি ল'ব পাৰি যে ইয়াৰ পৰা অদূৰ ভৱিষ্যতত অসমৰ স্বাৰ্থ বিঘ্নিত হ'ব । অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দাবী জনাইছো যে কেন্দ্ৰীয় চৰকাৰে নাগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট, ২০১৫ ত সন্নিবিষ্ট বিষয় সমূহ অতি শীঘ্ৰেই ৰাইজৰ আগত দাঙি ধৰিব লাগে’’ ।

শান্তি আলোচনাৰ নামত সন্দেহজনক তৎপৰতাৰ উদ্যোগ লোৱাৰ আগতে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই তেখেত সকলৰ অন্তৰ্নিহিত অভিপ্ৰায় ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দাবী জনায় ৷

লগতে পঢ়ক: কোনো কাৰ্যালয়তে এতিয়াৰে পৰা নাথাকিব দালাল : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.