ETV Bharat / state

বিধানসভাৰ পৰাজিত প্ৰাৰ্থীক লৈ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সভা

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ বিধানসভাৰ পৰাজিত প্ৰাৰ্থী সকলৰ মাজত অনুষ্ঠিত হয় এখন বিশেষ পৰ্যালোচনা সভা ৷ সভাত আগন্তুক দিনত দলৰ সংগঠন শক্তিশালীকৰণৰ ক্ষেত্ৰত উপস্থিত সকলে নিজৰ মতামত দাঙি ধৰে ৷

state-congress-meeting-with-defeated-assembly-candidate
বিধানসভাৰ পৰাজিত প্ৰাৰ্থীকলৈ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সভা
author img

By

Published : Sep 7, 2021, 8:37 PM IST

গুৱাহাটী,7 আগষ্ট : বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰা প্ৰাৰ্থী সকলক লৈ মঙলবাৰে প্ৰদেশ কংগ্ৰেছে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰে ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থীসকলৰ সংগঠন শক্তিশালীকৰণত ভূমিকা নিৰ্ণয় সম্পৰ্কত অনুষ্ঠিত সভাত আগন্তুক দিনত দলৰ সংগঠন শক্তিশালীকৰণৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে নিজৰ মতামত দাঙি ধৰে ৷

লগতে দলৰ তৃণমূল পৰ্য্যায়ৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ লগতে দলৰ বিভিন্ন বিভাগ আৰু কোষৰ সংগঠন কি দৰে শক্তিশালী কৰি তুলিব পাৰি এই সন্দৰ্ভতো প্ৰাৰ্থীসকলে নিজৰ দৃষ্টিভংগী সভাত ব্যক্ত কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত প্ৰাক্তন সভাপতি তথা ৰাজ্যসভা সাংসদ ৰিপুণ বৰা, বিধায়িনী দলৰ উপদলপতি বিধায়ক ৰকিবুল হুছেইন, বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী আৰু কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইনে বক্তব্য আগবঢ়ায় ৷

state-congress-meeting-with-defeated-assembly-candidate
বিধানসভাৰ পৰাজিত প্ৰাৰ্থীকলৈ প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সভা

সভাই উপনিৰ্বাচনৰ লগতে আগন্তুক গুৱাহাটী পৌৰ নিগম আৰু নগৰ সমিতিৰ নিৰ্বাচনৰ লগতে প্ৰস্তাৱিত স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ক্ষেত্ৰত তথা নিজ নিজ সমষ্টিত সক্ৰিয় ভুমিকা পালন কৰিবলৈ সকলোৰে প্ৰতি আহবান জনাই দ্বায়িত্ব ন্যস্ত কৰে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জনাই যে, এই সভাৰ পৰামৰ্শাৱলী বুধবাৰে অনুষ্ঠিত হ'বলগীয়া জিলা সভাপতিসকলৰ অভিৱৰ্তনত ডাঙি ধৰি কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়কঃ ড৹ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ সকলো লোকৰ মুখ্যমন্ত্ৰী নহয় বুলি কিয় ক’লে ৰকিবুল হুছেইনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.