ETV Bharat / state

গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত - কেবিনেট

কেবিনেটৰ বৈঠকত ৫৭ খন বিদ্যালয়ত কৰ্মৰত ১০১ গৰাকী ভকেশ্ব'নেল শিক্ষকৰ দৰমহা বৃদ্ধিৰ‌ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

State Cabinet Meeting
গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক মহাবিদ্যালয়: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত
author img

By

Published : Feb 20, 2021, 4:55 PM IST

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ আৰ্হিত গঠন হ’ব বড়োলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত শনিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে এই সিদ্ধান্তত অনুমোদন জনায় । কেবিনেটে ইয়াৰ লগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি বড়োলেণ্ড উন্নয়ন বিভাগ নামেৰে এটা নতুন বিভাগ মুকলি কৰাৰো সিদ্ধান্ত লোৱা হয় কেবিনেটৰ এই বৈঠকত । অনুৰূপভাৱে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ, সদস্য আদি নিযুক্তিৰ ক্ষেত্ৰতো কেতবোৰ নতুন সিদ্ধান্ত লোৱা হয় ।

নগাঁৱৰ হাতীচোঙত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ক ২৩৯ বিঘা, গুৱাহাটীৰ দীপক সংঘক একঠা, ৱৰ্ল্ড ৰিনিউৱেল স্প্ৰিচুৱেল ট্ৰাষ্টক ১০ বিঘা চৰকাৰী ভূমি আৱন্টন দিবলৈও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । একেদৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আঠ হাজাৰখন হুইল চেয়াৰ চৰকাৰে ক্ৰয় কৰাৰ লগতে গুৱাহাটী মাষ্টাৰ প্লেন ২০২৫ ৰ তিনি স্থানত সংশোধন ঘটাবলৈও কেবিনেটে সিদ্ধান্ত লয় । উক্ত তিনি স্থান হৈছে উজান বজাৰ, ভৰলুমুখ আৰু উত্তৰ গুৱাহাটী । আনহাতে ৫৭ খন বিদ্যালয়ত কৰ্মৰত ১০১ গৰাকী ভকেশ্ব'নেল শিক্ষকৰ দৰমহা বৃদ্ধিৰ‌ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ কেবিনেট বৈঠকে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.