ETV Bharat / state

2 মে'ৰ সমীক্ষা প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিয়ে - assam election 2021

2 মে'ত ঘোষণা হ'ব "অসম বিধান সভা নিৰ্বাচনৰ 2021"ৰ ফলাফল ৷ ইয়াক লৈ অসম ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে এক সমীক্ষা ৷ সমীক্ষাটোৰ মতে, 85 খন আসন লাভ কৰিব বিজেপিয়ে ৷

2 মে'ৰ সমীক্ষা প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিয়ে

author img

By

Published : Apr 30, 2021, 10:14 PM IST

গুৱাহাটী, ৩০ এপ্রিল : ভাৰতীয় জনতা পার্টিৰ হেৰােবাৰীস্থিত ৰাজ্যিক মুখ্য কার্যালয়ত শুকুৰবাৰে এক সংবাদ মেল সম্বােধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে 'অসম বিধানসভা নির্বাচন ২০২১’ৰ ফলাফলৰ ওপৰত দলৰ পৰা প্ৰস্তুত কৰা এক সমীক্ষা আগবঢ়ায় । নির্বাচনী সমীক্ষাৰ ওপৰত মন্তব্য কৰি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় , ২ মে'ত ঘােষণা হ'বলগীয়া নির্বাচনী ফলাফলত ভাৰতীয় জনতা পার্টিয়ে ৭০ খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ অগপই ৮ খন আৰু ইউ পি পি এলে ৫ খন আসন লাভ কৰিব। অর্থাৎ ভাৰতীয় জনতা পার্টিৰ নেতৃত্বাধীন মিত্রজোঁটে সর্বমুঠ ৮৩ খন আসন লাভ কৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি মন্তব্য প্ৰকাশ কৰে ৰণজিৎ কুমাৰ দাসে ৷

2 মে'ৰ সমীক্ষা প্ৰকাশ কৰিলে ৰাজ্যিক বিজেপিয়ে

"২১ খন আসনত ভাৰতীয় জনতা পার্টিৰ বিজয়ৰ সন্দৰ্ভত সন্দেহজনক স্থিতিত আছে । সন্দেহজনক এই ২১ খন আসনৰ পৰা অতি কমেও ৩ খন আসনত জয় লাভ কৰি মিত্ৰজোঁটৰ বিজয়ী হােৱা আসনৰ সংখ্যা সর্বমুঠ ৮৫ লৈ বৃদ্ধি পাব পাৰে ৷" এইদৰে মন্তব্য প্ৰকাশ কৰে ৰণজিৎ কুমাৰ দাসে ৷

তেওঁ লগতে কয়, ৰাজ্যিক বিজেপিয়ে পূর্বতে গ্ৰহণ কৰা BJP + = 100 + লক্ষ্যৰ বাবেই ভাৰতীয় জনতা পার্টিয়ে ৮০ ৰাে অধিক আসন লাভ কৰিবলৈ সমর্থ হ’ব । দলৰ সংগঠনিক শক্তি তথা বুথ, পৃষ্ঠা প্রমুখৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত এই সমীক্ষা আগবঢ়াইছে বুলি সভাপতি দাসে কয় ।

বিজেপি দলৰ সাংগঠনিক তথ্যৰ সত্যতাৰ সন্দৰ্ভত সভাপতি দাসে কয়, ২০১৯ বৰ্ষটো লােকসভা নিবার্চনৰ সময়ত বুথ, পৃষ্ঠাপ্রমুখ তথা দলৰ সাংগঠনিক শক্তিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভাৰতীয় জনতা পার্টিয়ে সমীক্ষা দাঙি ধৰিছিল আৰু সেই সমীক্ষাৰ লগত নিবার্চনৰ ফলাফলৰ বহু পৰিমাণে সাদৃশ্য আছিল । শেহতীয়াকৈ প্রকাশিত হােৱা বিভিন্ন সংবাদ প্রতিষ্ঠানে আগবঢ়োৱা নির্বাচনী সমীক্ষাক ৰাজ্যিক বিজেপিয়ে গ্রহণ অথবা অগ্রাহ্য কৰা নাই বুলি সভাপতি ৰণজিৎ কুমাৰ দাসে মন্তব্য প্রদান কৰিছে । সংবাদ মেলখনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক: ১ মে'ত অসমৰ ১৮ বছৰ উৰ্ধৰ লোকে নাপাব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.