ETV Bharat / state

গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠক - ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠক

দলৰ নীতি, আদর্শ আৰু বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ কল্যাণকামী আঁচনিসমূহক সর্বব্যাপী আৰু সর্বস্পর্শী কৰি তােলাৰ প্ৰয়াস । এতিয়াৰে পৰা দলৰ বিষয়ববীয়া সকলে মফচলীয়া চহৰ, গ্রাম্যঞ্চলত ৰাত্ৰী যাপন কৰি বৈঠকত ভাগ ল'ব লাগিব । এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

State BJP meeting will be held in village
গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ বৈঠক
author img

By

Published : Sep 14, 2021, 10:08 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : ৰাজ্যিক বিজেপিয়ে দলৰ ৰাজ্যিক বিষয়ববীয়াৰ বৈঠকসমূহ গুৱাহাটী মহানগৰীৰ পৰিৱৰ্তে ৰাজ্যৰ বিভিন্ন প্রান্তত থকা মফচলীয় চহৰ আৰু গ্রাম্যঞ্চলত আয়ােজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দলৰ নীতি, আদর্শ আৰু বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ কল্যাণকামী আঁচনিসমূহক সর্বব্যাপী আৰু সর্বস্পর্শী কৰি তােলাৰ বাবে বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এক বিবৃতি যোগে দলৰ ৰাজ্যিক মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই এই কথা জানিবলৈ দিয়ে । এতিয়াৰে পৰা দলৰ বিষয়ববীয়া সকলে মফচলীয়া চহৰ, গ্রাম্যঞ্চলত ৰাত্রী যাপন কৰি বৈঠকত ভাগ ল'ব লাগিব । বৈঠকত ভাগ ল'বৰ বাবে দলৰ ৰাজ্যিক বিষয়ববীয়া সকল এদিন পূর্বে সংশ্লিষ্ট স্থানত উপস্থিত হৈ স্থানীয় কার্যকর্তাৰ ঘৰত নিশা যাপন কৰিব লাগিব ।

লগতে পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

লগতে ভােজন আদিও কার্যকর্তা সকলৰ ঘৰতে ৰাজ্যিক বিষয়ববীয়া সকলে গ্রহণ কৰিব । দলৰ তৃণমূল পর্যায়ৰ কর্মী সকলৰ সৈতে ৰাজ্যিক পর্যায়ৰ নেতৃত্বৰ এক গভীৰ আত্মীয়তা গঢ়ি তােলাৰ বাবেই বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে এই সিদ্ধান্ত লৈছে বুলি মুখপাত্র গৰাকীয়ে জানিবলৈ দিয়ে ।

কৃষি প্রধান অসমৰ সমাজ ব্যৱস্থাত কৃষক আৰু মধ্যবিত্তই হ'ল সমাজৰ মূল চালিকা শক্তি । অসমৰ কৃষক আৰু মধ্যবিত্ত সমাজৰ মাজত দলৰ সাংগঠনিক ভেঁটি পূর্বৰে পৰা মজবুত আৰু শক্তিশালী বুলি বিবৃত্তিটোত উল্লেখ কৰিছে ৷ দলৰ এই শক্তিশালী ভেটিক আৰু অধিক সুদৃঢ় কৰাৰ মানসেৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এলানি ব্যতিক্রমধর্মী কার্যসূচী ৰূপায়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

মফচলীয়া চহৰ আৰু গাঁৱত ৰাজ্যিক বিষয়ববীয়াৰ বৈঠক আয়োজন কৰাৰ বাবে লােৱা সিদ্ধান্তও ব্যতিক্রমধর্মী কার্যসূচীৰে অংশ । ৰাজ্যিক সভাপতি এনেধৰণৰ বলিষ্ঠ সিদ্ধান্তই দলীয় কার্যকর্তাৰ মনােবল বৃদ্ধি কৰাৰ লগতে দলত সাংগঠনিক ভেটি সমাজৰ সর্বস্তৰত বিয়পাই দিয়াত সহায়ক হ'ব বুলি মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: মৰিয়নিত অসম চৰকাৰৰ দুই মন্ত্ৰীয়ে স্থাপন কৰিলে 8 টাকৈ পথৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.