ETV Bharat / state

তুংগত উঠিছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত - state BJP internal conflict is at its peak

অসম বিজেপিত ভিতৰি ভিতৰি অব্যাহত আছে লবীকেন্দ্ৰিক ৰাজনীতি ৷ ক্ৰমাৎ তুংগত উঠিছে শাসকীয় দলটোৰ মন্ত্ৰী-বিধায়কৰ মাজত সংঘাত । ৰাজ্যিক সভাপতিক আঁতৰোৱাৰ বাবেও সক্ৰিয় হৈ পৰিছে এটা শিবিৰ ।

state-bjp-internal-conflict-is-at-its-peak
তুংগত উঠিছে ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত
author img

By

Published : Sep 28, 2022, 5:17 PM IST

গুৱাহাটী,২৮ ছেপ্টেম্বৰঃ আভ্যন্তৰীণ সংঘাতৰ বাবে সকলো সময়তে কংগ্ৰেছক সমালোচনা কৰি অহা বিজেপিৰ ভিতৰ চ'ৰাটো অব্যাহত আছে মনোমালিন্য (Internal conflict in BJP) । শাসকীয় দল বিজেপিৰ ভিতৰ চ’ৰাত ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সংঘাত তথা লবীকেন্দ্ৰিক ৰাজনীতি । এইক্ষেত্ৰত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দুৰ্বল স্থিতিৰ কথাই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে ।

দলৰ একাংশ বিধায়ক তথা নেতা দলটোৰ সভাপতিজনৰ দুৰ্বল স্থিতিৰ বাবেই নিয়ন্ত্ৰণহীন হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে । লক্ষণীয় বিষয় যে শাসকীয় দলৰ একাংশ বিধায়কে মন্ত্ৰীক তুচ্ছ তাচ্ছিল্য কৰা নাইবা মন্ত্ৰীয়ে বিধায়কক ভেঙুচালি কৰাটো এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে । মন্ত্ৰীক অকর্মণ্য আখ্যা দি পদত্যাগৰ দাবী তোলা এতিয়া বিজেপিৰ অভ্যন্তৰত প্ৰত্যক্ষ কৰা কেতবোৰ চিৰাচৰিত ঘটনা ।

বহুজনে আকৌ নিজ চৰকাৰৰ নীতিকে সমালোচনা কৰি সৰৱ হোৱা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত । যাৰ বাবে কেইবাজনো নিলম্বিতও হৈছে বিজেপিৰ পৰা ।

উল্লেখ্য যে দলটোৰ ৰাজ্যিক সভাপতিৰ নিজ সমষ্টিৰ এগৰাকী যুৱতীয়ে বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । এক কথাত সমষ্টিৰ এগৰাকী সাধাৰণ যুৱতীৰ অভিযোগত ধৰাশায়ী হ'বলগীয়া হ'ল ভৱেশ কলিতা (State BJP President Bhobesh Kalita) ।

লক্ষণীয় বিষয় যে, সংকটৰ সময়ত প্ৰদেশ বিজেপিৰ প্ৰায়বোৰ নেতাই কিন্তু ভৱেশ কলিতাক সংগ দিয়া পৰিলক্ষিত নহ'ল । বৰং বিজেপিৰ একাংশই ভৱেশ কলিতাক সভাপতিৰ পৰা আঁতৰাই উজনি অসমৰ এজন নেতাক বিজেপিৰ ৰাজ্যিক সভাপতি পতাৰ কুচকাৱাজ আৰম্ভ কৰিলে । তাৎপৰ্যপূৰ্ণ যে, বিভিন্ন ক্ষেত্ৰত বিজেপিৰ ভিতৰ চ'ৰ‍াত এনেদৰে কেতবোৰ সংঘাত স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে ।

আনহাতে, পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ঠিকা দিয়া সন্দৰ্ভত গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে গ্ৰহণ কৰা সিদ্ধান্তক লৈয়ো শাসকীয় দলটোৰ মাজত বিৰোধ দেখা গৈছিল ।

গুৱাহাটীৰ দুই বিজেপি বিধায়ক ক্ৰমে সিদ্ধার্থ ভট্টাচাৰ্য আৰু অতুল বৰাই চোকা ভাষাৰে সমালোচনা কৰি এক প্ৰকাৰ মন্ত্ৰী অশোক সিংঘালক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল (Minister Ashok Singhal ) । অশোক সিংঘালক ঢেকীয়াজুলিৰ মন্ত্ৰী আখ্যা দিলে বিধায়কদ্বয়ে । ইফালে সমগ্ৰ বিষয়টোত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই গ্ৰহণ কৰিলে দুতলীয়া ভূমিকা ।

সেইদৰে এ পি ডি চি এলৰ অস্বাভাৱিক বিদ্যুৎ বিলৰ বিৰোধিতা কৰি বজালী জিলাৰ বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক ঘনশ্যাম মালাকাৰ আৰু সহ আহ্বায়ক পুলকেশ শৰ্মাই পদবী হেৰুৱাব লগা হ'ল (Electricity tariff hike) ।

শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কংগ্ৰেছ সাংসদ পৱনসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল সিং ঘাটোৱাৰক ৮ অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ দিনা বিজেপিত যোগদানৰ বাবে চলা কুচকাৱাজৰ উজনিৰ তিনি বিজেপি বিধায়কে তীব্ৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে ।

দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা আৰু মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । প্ৰদেশ বিজেপিৰ অভ্যন্তৰত ঘটি থকা এনেবোৰ ক্ষোভ অসন্তুষ্টিৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱালৰ সঘন অসম আগমন তথা জনসম্পৰ্ক কাৰ্যসূচীয়ে বিশেষ তাৎপর্য বহন কৰিছে ।

এটা কথা ঠিক যে অসম বিজেপিত ভিতৰি ভিতৰি অব্যাহত আছে লবীকেন্দ্ৰিক ৰাজনীতি । বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা শিবিৰ আৰু সৰ্বানন্দ সোণোৱাল শিবিৰৰ পৰস্পৰ বিৰোধী স্থিতি আছে । আনফালে ন আৰু পুৰণি বিজেপিৰ সংঘাত প্ৰায়ে দেখিবলৈ পোৱা যায় । শাসকীয় দল বিজেপিৰ ভিতৰচ’ৰাত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাত তথা লবীকেন্দ্ৰিক ৰাজনীতি ৰাজ্যৰ সচেতন মহলত লাভ কৰিছে বিশেয চৰ্চা ৷

লগতে পঢ়ক: Assam CM reaction on PFI Ban: গৰুখুটি কাণ্ড আৰু কা আন্দোলনৰ আঁৰত আছিল পি এফ আই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.