ETV Bharat / state

Sports Conference in Guwahati : স্প’ৰ্টষ্টাৰৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ক্ৰীড়া সম্মিলন - Sports Conference in Guwahati

মহানগৰীৰ ৰেডিচন ব্লু(Raddison blue guwahati)ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া আলোচনী স্প’ৰ্টষ্টাৰৰ উদ্যোগত Sportstar North East sports শীৰ্ষক ক্ৰীড়া সন্মিলন(Sports Conference in Guwahati) অনুষ্ঠিত ৷ উক্ত সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ দক্ষতা, সম্ভাৱনা আৰু খেলৰ আন্তঃগাঁথনি(Infrastructure of sports in north east)ৰ সম্পৰ্কে আলোচনা কৰা হয় ৷

sports-conclave-held-in-guwahati
স্পোৰ্টষ্টাৰৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত ক্ৰীড়া সম্মিলন
author img

By

Published : Nov 27, 2021, 8:51 AM IST

Updated : Nov 27, 2021, 9:04 AM IST

গুৱাহাটী, 27 নৱেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ আলোচনী স্প’ৰ্টষ্টাৰ(national level sport megazine sportstar)ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ ৰেডিচন ব্লুত Sportstar North East sports শীৰ্ষক এখন ক্ৰীড়া সম্মিলন অনুষ্ঠিত কৰা হয়(Sports Conference in Guwahati) ৷

স্প’ৰ্ট সন্মিলনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ, মিজোৰামৰ খেল মন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰাউট, অলিম্পিক পদক বিজয়ী মণিপুৰৰ মীৰাবাই চানু(Olympic medel winner Mirabai Sanu), লাভলীনা বৰগোঁহাই(Boxer Lovlina Bargohain), প্ৰাক্তন ভাৰতীয় ফুটবলাৰ বাইচুং ভূটীয়া আৰু স্প’ৰ্টষ্টাৰৰ সম্পাদক অয়ন সেনগুপ্তাই অংশগ্ৰহণ কৰে । ক্ৰীড়া সম্মিলনখনত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ দক্ষতা, সম্ভাৱনা আৰু খেলৰ আন্তঃগাঁথনিৰ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ভাষণ প্ৰসংগত কয় যে, ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দক্ষতাৰ প্ৰমাণ দিছে । তদুপৰি উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ দক্ষতা বিকাশৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । উত্তৰ পূৰ্বাঞ্চলৰ সকলো জিলাৰে খেলৰ আন্তঃগাঁথনিৰ তথ্য সংগ্ৰহৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ে dashboard গঠন কৰাৰ কাম কৰি আছে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, চলিত বাজেটত ৰাজ্যত খেলৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ১০০০ কোটি টকা ধাৰ্য কৰিছে । অনাগত সময়ত চন্দ্ৰপুৰত বিশ্বমানৰ এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব । ডিব্ৰুগড় আৰু লখিমপুৰত দুটা sports complex নিৰ্মাণ হ'ব আৰু ৰাজ্যৰ বিভিন্ন ভিতৰুৱা ঠাইত ৫২ খন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব ।

লগতে পঢ়ক : Strategic cyber Intelligence Center of Excellence আৰম্ভ হ’ব গুৱাহাটী টেক চিটীত

Last Updated : Nov 27, 2021, 9:04 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.