ETV Bharat / state

AROHAN scheme: নাৰেংগী সেনা চাউনীত 2 শতাধিক শিক্ষাৰ্থীক লৈ বিশেষ কৰ্মশালা

author img

By

Published : Feb 1, 2023, 10:44 PM IST

গুৱাহাটীৰ নাৰেংগী সেনা চাউনীত বিশেষ কৰ্মশালা ৷ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 2 শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ এই কৰ্মশালাত ৷ ছাত্ৰ-ছাত্ৰীসকল অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে কি দৰে ব্যৱহাৰ কৰা হয় সেই সম্পৰ্কে অৱগত কৰোৱা হয় ৷

AROHAN scheme
নাৰেংগী সেনা চাউনীত 2 শতাধিক শিক্ষাৰ্থীক লৈ বিশেষ কৰ্মশালা

তেজপুৰ/গুৱাহাটী, 1 ফেব্ৰুৱাৰী: বুধবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা চাউনীত(Narangi Army Camp) অসম চৰকাৰৰ ‘আৰোহন’ আঁচনিত অধীনত ‘আপোনাৰ সেনাক চিনি লওক’(Know Your Amry) শীৰ্ষক এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয় ৷ এই কৰ্মশালাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ 244 গৰাকী নৱম আৰু দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলক সামৰিক সেৱাৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷

আৰোহণ শীৰ্ষক ফ্লেগশ্বিপ আঁচনিৰ(AROHAN scheme) অধীনত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক ভাৰতীয় সেনাত যোগদান প্ৰক্ৰিয়া, অনুশীলন,শিক্ষা ব্যৱস্থা,দেশ প্ৰেম,যুদ্ধ ক্ষেত্ৰত কিদৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব আদি বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে এনে বিষয়ৰ ওপৰত নিৰ্মাণ কৰা তথ্য চিত্ৰ প্ৰদৰ্শন কৰা হয় । তাৰোপৰি দেশ মাতৃৰ সেৱা আগবঢ়াই শত্ৰু পক্ষক পৰাভূত কৰি বিজয়ী হোৱা কেইবাগৰাকী সেনা বিষয়াই যুদ্ধ ক্ষেত্ৰৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰে ।

বুধবাৰৰ এই কৰ্মশালাত ভাগ লৈ অসম সন্তান তথা ইষ্টাৰ্ণ কামাণ্ডৰ জি অ’ চি ৰাণা প্ৰতাপ কলিতাই(GOC-in-C Rana Pratam Kalita) ৰঙিয়াৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি আজি কিদৰে এই পৰ্যায়ত উপনিত হ’বলৈ সক্ষম হৈছে সেই কথাও ছাত্ৰ-ছাত্ৰীৰ আগত বিস্তৃত ভাবে দাঙি ধৰে । অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপো কৰে সেনা বিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, 2022-23 বৰ্ষত ফ্লেগশ্বিপ আঁচনিৰ অধীনত চৰকাৰী, প্ৰাদেশিক বিদ্যালয়, আদৰ্শ বিদ্যালয়, চাহ বাগিচাৰ আৰ্হি বিদ্যালয় আৰু কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুঠ 4438 গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হয় ।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক বীৰত্ব বঁটা বিজয়ীসকলৰ অনুপ্ৰেৰণামূলক বক্তৃতা, কেৰিয়াৰ পৰামৰ্শ বক্তৃতা, পাইপ বেণ্ড প্ৰদৰ্শনৰ লগতে অস্ত্ৰ প্ৰদৰ্শন কৰা হয় ৷ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত অস্ত্ৰ কি দৰে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে অৱগত কৰোৱা হয় ৷ সমান্তৰালভাৱে , সেনাৰ বিভিন্ন ইউনিট সমূহৰ ভূমিকা আৰু কামৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক জনোৱা হয় ৷

ভাৰতীয় সেনা কেৱল এটা পেছা নহয় বুলি উল্লেখ কৰি ইষ্টাৰ্ণ কামাণ্ডৰ জি অ’ চি ৰাণা প্ৰতাপ কলিতাই কয় যে, ভাৰতীয় সেনা জীৱনশৈলী, দুঃসাহসিক অভিযান আৰু প্ৰত্যাহ্বানৰে ভৰা ৷ লগতে দেশ মাতৃৰ সেৱাৰ ক্ষেত্ৰত এই অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহায়ত হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক: Union Budget 2023: শক্তিৰ প্ৰতীক ৰঙা 'টেম্পল শাৰী’ পৰিধান কৰি সংসদত ২০২৩-২৪বৰ্ষৰ বাজেট দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.