ETV Bharat / state

SI কেলংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

author img

By

Published : Jun 30, 2021, 9:37 AM IST

এছ আই নিযুক্তি কেলেংকাৰীৰ (SI scam) মূল অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণ (Kumar Sanjeet Krishna) ছমাহ ধৰি জি এম চি এইচৰ (GMCH) পেয়িং কেবিনত। এতিয়াও কিয় সুস্থ হোৱা নাই, আদালতে জবাবদিহি কৰিলে জি এম চি এইচ কৰ্তৃপক্ষক। চি আই ডিৰ (CID) মতামত নোলোৱাকৈ অভিযুক্ত কিয় আছে পেয়িং কেবিনত।

SI কেলংকাৰীৰ অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণৰ স্বাস্থ্যৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ আদালতৰ

গুৱাহাটী, 30 জুন : অসম আৰক্ষীৰ উপ-পৰিদর্শক নিযুক্তি কেলেংকাৰি (SI scam) ৰ অন্যতম মূল অভিযুক্ত নিলম্বিত আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক (Kumar Sanjeet Krishna) চি আই ডিৰ(CID) অনুমতি অবিহনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (GMCH) পেয়িং কেবিনলৈ স্থানান্তৰ কৰা হৈছিল । বিশেষ ন্যায়াধীশৰ আদালতত এই গোচৰটোৰ শুনানিৰ সময়ত এই তথ্য পোহৰলৈ আহিছে । উল্লেখ যে, ছমাহ ধৰি জি এম চি এইচৰ পেয়িং কেবিনত চিকিৎসাধীন হৈ আছে এছ আই(SI) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ প্ৰধান অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণ। কেবিনৰ পৰবৰ্তে বহিঃবিভাগৰ ৰোগী হিচাপে চিকিৎসা কৰিব পৰাকৈ তেওঁৰ অৱস্থা উন্নত নোহোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে ।

আদালতে পৰৱৰ্ত্তী শুনানিত কুমাৰ সঞ্জীত কৃষ্ণৰ শেহতীয়া স্বাস্থ্যৰ প্ৰতিবেদন দাখিল কৰিবলৈ জি এম চি এইচ (GMCH) কৰ্তৃপক্ষক নিৰ্দেশ দিছে । আদালতত কুমাৰ সঞ্জীত কৃষ্ণ (Kumar Sanjeet Krishna) ছমাহ ধৰি জি এম চি এইচৰ পেয়িং কেবিনত চিকিৎসাধীন হৈ থকাৰ প্ৰসংগ বিশেষভাৱে উত্থাপন হয় । কাৰ অনুমতি সাপেক্ষে তেওঁক পেয়িং কেবিনত ভৰ্তি কৰোৱা হৈছিল । আদালতৰ এই প্ৰশ্ন সন্দৰ্ভত জি এম চি এইচ কৰ্তপক্ষই আদালতক অৱগত কৰে যে, সুৰক্ষাজনিত কাৰণ আৰু মেডিকেল ব'ৰ্ডৰ অনুমোদন মৰ্মে কুমাৰ সঞ্জীত কৃষ্ণক পেয়িং কেবিনলৈ স্থানান্তৰ কৰা হৈছিল । জি এম চি এইচ কর্তৃপক্ষই ভঙাগড় আৰক্ষী থানাক অৱগত কৰি তেওঁক পেয়িং কেবিনলৈ স্থানান্তৰ কৰে ।

কিন্তু নিয়ম অনুসৰি সংশ্লিষ্ট অনুসন্ধানকাৰীৰ মতামত গ্রহণ কৰিহে সুৰক্ষা সম্বন্ধীয় সিদ্ধান্ত গ্রহণ কৰা হয় । কিন্তু কুমাৰ সঞ্জীত কৃষ্ণক পেয়িং কেবিনলৈ স্থানান্তৰিত কৰাৰ পূর্বে চি আই ডিৰ (CID) কোনো মতামত গ্রহণ কৰা হোৱা নাছিল ।

সেয়েহে তেওঁৰ সুৰক্ষাজনিত বিষয় সন্দর্ভত চি আই ডি (CID) অথবা গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ পৰা মতামত গ্রহণ কৰিবলৈ বিশেষ আদালতে নির্দেশ দিছে জি এম চি এইচ (GMCH)ৰ কর্তৃপক্ষক । ইপিনে নীতি বিৰোধভাৱে জি এম চি এইচ (GMCH) কর্তৃপক্ষই অভিযুক্তজনৰ পৰা গ্রহণ কৰি আহিছে কেবিনৰ মাচুল । চৰকাৰী নীতি অনুসৰি বিচাৰাধীন বন্দীয়ে চিকিৎসা ব্যয় আদালত অথবা চৰকাৰৰ অনুমতি অবিহনে নিজে বহন কৰিব নোৱাৰে । যাৰ বাবে আদালতত ক্ষমা খুজিবলগীয়া হয় মেডিকেল ব'র্ডে ।

আদালতে অভিযুক্ত সঞ্জীত কৃষ্ণ (Kumar Sanjeet Krishna)ৰ পৰা কোনো মাচুল আদায় নকৰিবলৈও নির্দেশ দিয়ে । জে’ল কর্তৃপক্ষই তেওঁৰ ব্যয় বহন কৰিব নে নকৰে, সেয়া বিষয়ে আলোচনা কৰিবলৈ নির্দেশ দিছে আদালতে । একেদৰে কেবিনৰ মাচুল জে’ল কর্তৃপক্ষই বহন কৰিব নোৱাৰিলে তেওঁক জেনেৰেল ৱার্ডলৈ স্থানান্তৰ কৰিবলৈ নির্দেশ দিছে বিশেষ ন্যায়াধীশৰ আদালতে । অৱশ্যে জেনেৰেল ৱার্ডলৈ স্থানান্তৰিত কৰিলেও তেওঁৰ সুৰক্ষাৰ দায়িত্ব ল'ব লাগিব তদন্তকাৰী বিষয়াই । এইক্ষেত্রত আদালতে নিৰ্দেশ প্ৰদান কৰিছে ।

উল্লেখ যে, এছ আই নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ (SI scam) অন্যতম অভিযুক্ত কুমাৰ সঞ্জীত কৃষ্ণ দীৰ্ঘদিন ধৰি পেয়িং কেবিনত চিকিৎসাধীন হৈ থকাৰ পাছতো সুস্থ হৈ নুঠাৰ বিষয়টো এক নুবুজা সাঁথৰত পৰিণত হৈছে । ইয়াক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।

লগতে পঢ়কঃ চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.