ETV Bharat / state

নতুন সদস্য ভৰ্তি-নৱীকৰণ তথা পুঁজি সংগ্ৰহত বিশেষ গুৰুত্ব অগপৰ

author img

By

Published : May 29, 2022, 10:35 PM IST

আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপৰ বিশেষ সাংগঠনিক সভা । দলীয় ভেটি সুদৃঢ় কৰাৰ বাবে শেহতীয়াকৈ বিশেষ তৎপৰ হৈছে নেতৃত্ব । নতুন প্ৰজন্মক দলৰ প্ৰতি আকৰ্ষিত কৰি সদস্যৰ সংখ্যা বৃদ্ধিৰে দলটো টনকিয়াল কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে । তৃণমূল পৰ্যায়ৰ পৰাই সংগঠন সম্প্ৰসাৰণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে (Organisational meeting of AGP in Guwahati)।

Organisational meeting of AGP in Guwahati
নতুন সদস্যভৰ্তি-নৱীকৰণ আৰু পুঁজি সংগ্ৰহত বিশেষ গুৰুত্ব অগপৰ

গুৱাহাটী, ২৯ মে': বিজেপিৰে মিত্ৰতা কৰি শাসনৰ অংশীদাৰ হোৱা অগপই দলীয় ভেটি সুদৃঢ় কৰাৰ বাবে শেহতীয়াকৈ বিশেষ তৎপৰতা আৰম্ভ কৰিছে । ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰিছে দলীয় নেতৃত্বই । দেওবাৰে অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় (Organisational meeting of AGP in Guwahati)।

সভাত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ উপৰি দলৰ উপ-সভাপতি, সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, সদস্য-সদস্যা, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি-সম্পাদক, জিলা সমিতিৰ সভাপতি-সম্পাদক আৰু বিধান পৰিষদৰ সভাপতি-সম্পাদকসকলে অংশগ্ৰহণ কৰে ।

সভাত আগন্তুক সময়ত দলত সদস্য ভৰ্তি আৰু নৱীকৰণৰ জৰিয়তে দলৰ প্ৰতিটো সাংগঠনিক স্তৰ শক্তিশালীকৰণ তথা দলৰ ভেঁটি মজবুতকৰণ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । লগতে দলৰ বাবে পুঁজি সংগ্ৰহকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় । তদুপৰি সভাত নেতৃত্বই গ্ৰহণ কৰা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সময় নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি সফল ৰূপত ৰূপায়ণ কৰিবলৈ সকলোকে আহ্বান জনোৱা হয় ।

সভাত জিলা সমিতি আৰু বিধান পৰিষদসমূহেও দলৰ প্ৰতি কেইবাটাও গুৰুত্বপূৰ্ণ দিহা-পৰামৰ্শ আগবঢ়ায় । সাংগঠনিক সভাখনত মূলতঃ দলটো শক্তিশালী আৰু গতিশীল কৰাৰ উদ্দেশ্যৰে নতুন সদস্য অন্তভুক্তিকৰণ,নৱীকৰণ আৰু পুঁজি সংগ্ৰহৰ বিষয়ে আলোচনা কৰা হয় । কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনা অনুযায়ী তৃণমূল পৰ্যায়ৰ পৰাই সংগঠন সম্প্ৰসাৰণ কৰাৰ বাবে সতীৰ্থসকলৰ কৰণীয় কৰ্তব্য সুচাৰুৰূপে সম্পাদন কৰিবলৈ নেতৃত্বই আহ্বান জনায় ।

বিশেষকৈ নতুন প্ৰজন্মক দলৰ প্ৰতি আকৰ্ষিত কৰি সদস্যৰ সংখ্যা বৃদ্ধিৰে দলটো টনকিয়াল কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় । উল্লেখ্য যে অলপতে আমবাৰীত অগপৰ অভিনন্দন অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ নেতৃত্বৰ প্ৰতি সংগঠন শক্তিশালী কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল । মুখ্যমন্ত্ৰীৰ সেই পৰামৰ্শ তথা আহ্বানৰ পাছতে অগপক আৰু অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: অসমত এতিয়া দুজন 'চীফ' আছে : ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.