গুৱাহাটী,৩১ অক্টোবৰ: দেওবাৰে গুৱাহাটীৰ বৰবাৰী স্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ মূখ্য কাৰ্যালয় 'সূদৰ্শনালয়' সভাগৃহত অনুষ্ঠিত হয় এখনি বিশেষ সভা । জনসংখ্যা সমাধান ফাউণ্ডেচন চমুকৈ জে এছ এফ অসমৰ এখন কাৰ্যকৰী সভা অনুস্থিত হয় RSS ৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়ত । জনসংখ্যা সমাধান সম্পৰ্কত অনুষ্ঠিত কৰা হয় এই বিশেষ সভাখনি(Special meeting on population control) ।
উক্ত সভাখনি সম্বোধন কৰে ফাউণ্ডেচনৰ সংৰক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতা আৰু ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ ড৹ হৰেন্দ্ৰ বৰাই । জে এছ এফ ৰ অসম প্ৰান্তৰ অধ্যক্ষ পঙ্কজ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত কেইবাগৰাকী সমল বক্তাই অসম তথা উত্তৰ পূৱত দেখা দিয়া ভয়ংকৰ জন বিষ্ফোৰণৰ সমস্যা আৰু ইয়াৰ সমাধান সম্পৰ্কত আলোকপাত কৰে ।
দেশৰ ঐক্যতা আৰু অখণ্ডতাৰ প্ৰতি প্ৰচণ্ড ভাবুকি স্বৰূপ হৈ পৰা জনবিষ্ফোৰণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক কঠোৰ আইন প্ৰণয়নৰ বাবে দাবী তোলে । ইফালে জনসংখ্যা নিয়ন্ত্ৰণৰ দাবীৰে অহা ২৭ নৱেম্বৰত দিল্লীৰ জন্তৰ মন্তৰত জনসংখ্যা সমাধান ফাউণ্ডেচন চমুকৈ জে এছ এফ অসমৰ উদ্যোগত এক বৃহৎ ৰেলী উলিয়াব বুলিও উক্ত সভাতে সদৰি কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে(Protests demanding implementation of PCA) । দেওবাৰৰ এই কাৰ্যকৰী সভাত জে এছ এফ অসম, মহিলা শক্তি আৰু যুৱ শক্তি, অসমৰ সকলো কাৰ্যকৰী সমিতিৰ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে ।
উল্লেখ্য যে জাতি ধৰ্ম ক্ষেত্ৰ আৰু ভাষাৰ বান্ধোনৰ উৰ্ধত জনবিষ্ফোৰণৰ সমস্যা সমাধানৰ বাবে আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক জনসংখ্যা সমাধান ফাউণ্ডেচনে পূৰ্বৰে পৰা আহ্বান জনাই আহিছে(Implementation of population control act) । JSF ৰ মতে বিশ্বৰ ভূ-ভাগৰ ২.৪ শতাংশৰ ভাৰতত সমগ্ৰ বিশ্বৰ মুঠ ৭৯০ কোটি জনসংখ্যাৰ ১৭.৭৪ শতাংশ অৰ্থাৎ ১৪০ কোটিৰো অধিক জনসংখ্যাই বাস কৰিছে ।
কিন্তু ভাৰতৰ ভূ-ভাগৰ আধাৰত দেশৰ জনসংখ্যা ২০ কোটিৰ অধিক হোৱা উচিত নহয় (Population of India)। ভাৰতৰ কম ক্ষেত্ৰফলত অধিক জনসংখ্যা হোৱাৰ বাবেই ইয়াত উপলব্ধ সীমিত পৰিমাণৰ প্ৰাকৃতিক সম্পদ তীব্ৰ গতিত হ্ৰাস পাইছে । সেয়েহে জনসংখ্যা নিয়ন্ত্ৰণ আইন (Population control act) ৰূপায়ণ কৰাৰ আহ্বান জনাই আহিছে জনসংখ্যা সমাধান ফাউণ্ডেচনে ।
লগতে পঢ়ক: Young died from collapsed bridge: ভগ্ন দলঙৰ পৰি এজন যুৱকৰ কৰুণ মৃত্যু