ETV Bharat / state

Job fair for ex servicemen: নাৰেংগীৰ সেনা ছাউনীত প্ৰাক্তন সৈনিকৰ বাবে নিয়োগ মেলা

author img

By

Published : Feb 11, 2023, 9:07 PM IST

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ নাৰেংগীস্থিত সেনা শিবিৰত অনুষ্ঠিত হৈছে প্ৰাক্তন সৈনিকসকলৰ বাবে বিশেষ নিয়োগ মেলা ৷ ভাৰতীয় সেনাৰ ৫১ নং চাব এৰিয়াৰ উদ্যোগত আয়োজিত নিয়োগ মেলাত প্ৰথম দিনা প্ৰায় ২ সহস্ৰাধিক প্ৰাক্তন সৈনিকে অংশ গ্ৰহণ কৰে (Job fair for veterans held at Narengi Army Camp) ৷

Special job fair for veterans held at Narengi Army Camp in Guwahati
প্ৰাক্তন সৈনিকৰ নিয়োগ মেলা
প্ৰাক্তন সৈনিকৰ নিয়োগ মেলা

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: গুৱাহাটীৰ নাৰেংগীস্থিত সেনা শিবিৰত (Narengi Army Camp in Guwahati) আজিৰে পৰা আৰম্ভ হৈছে প্ৰাক্তন সৈনিকসকলৰ বাবে এখন বিশেষ নিয়োগ মেলা (Special job fair for veterans) ৷ ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই নিয়োগ মেলাত বহুকেইটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়োগকৰ্তা আৰু প্ৰতিনিধি উপস্থিত থাকে । প্ৰথম দিনটোৰ নিয়োগ মেলাত অংশ গ্ৰহণ কৰা ব্যক্তিগত খণ্ডৰ এই প্ৰতিষ্ঠানসমূহত বহু সংখ্যক প্ৰাক্তন সৈনিকে আবেদন কৰা দেখিবলৈ পোৱা গ’ল ৷

ভাৰতীয় সেনাৰ ৫১ নং চাব এৰিয়াৰ উদ্যোগত আয়োজন কৰা নিয়োগ মেলাৰ প্ৰথম দিনা প্ৰায় ২ সহস্ৰাধিক প্ৰাক্তন সৈনিকে অংশ গ্ৰহণ কৰে (Job fair for veterans held at Narengi Army Camp) ৷ নিয়োগ মেলাত অংশ গ্ৰহণ কৰা প্ৰাক্তন সৈনিকৰ মাজৰ ৫০০ গৰাকী প্ৰাক্তন সৈনিকক এয়াৰটেল, আই ডি এফ চি ফাৰ্ষ্ট বেংক, মাৰুটি ছুজুকী, আই আই টি আদিকে ধৰি কেইবাটাও প্ৰতিষ্ঠানে নিযুক্তি প্ৰদান কৰিব ।

লগতে পঢ়ক: Natural Agricultural Awareness Camp : নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষি সজাগতা শিবিৰ

এই উপলক্ষে শনিবাৰে আয়োজন কৰা এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাৰ লেফ্টেনেন্ট জেনেৰেল ৰানা প্ৰতাপ কলিতা (Lieutenant General Rana Pratap Kalita), অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক (admin) হৰমিত সিং আদিকে ধৰি সেনাৰ বহুকেইগৰাকী উচ্চ পদস্থ বিষয়া । ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাগৰাকী বীৰ শ্বহীদৰ পৰিয়ালক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে ভাৰতীয় সেনাৰ তৰফৰ পৰা অৱসৰপ্ৰাপ্ত বিশেষ ভাৱে সক্ষম সৈনিকক ইয়ং ইণ্ডিয়াৰ তৰফৰ পৰা হুইল চেয়াৰ প্ৰদান কৰা হয় ।

আজিৰ এই নিয়োগ মেলাত অংশ গ্ৰহণ কৰা প্ৰাক্তন সৈনিকসকলে আগশাৰীৰ কোম্পানীবোৰৰ নিয়োগকৰ্তা আৰু এইচ.আৰ. প্ৰতিনিধিসকলৰ সৈতে সাক্ষাৎ কৰাৰ লগতে চাকৰিৰ অনুসন্ধানৰ ৰণনীতি, পুনৰ নিৰ্মাণ আৰু সাক্ষাৎকাৰৰ দক্ষতাৰ ওপৰত পৰামৰ্শ তথা পূৰ্ণ কৰ্মশালা আৰু চেমিনাৰত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে (Military Job Fairs) ।

লগতে উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেডৰ সৈতে দক্ষতা বিকাশৰ প্ৰচেষ্টাই প্ৰাক্তন সৈনিক সকলক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে বিশেষ নিয়োগ মেলাখনৰ আয়োজকে । আজিৰ এই নিয়োগ মেলাত প্ৰাক্তন সৈনিকসকলক বিনামূলীয়া চিকিৎসা সেৱা আগ বঢ়োৱাৰ লগতে চি এছ ডিৰ সুবিধাও প্ৰদান কৰা হয় ।

লগতে পঢ়ক: Diphu Book Fair: ডিফু গ্ৰন্থমেলাত যুৱ-লেখকৰ সমাৰোহ "উন্মীলন"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.