ETV Bharat / state

এদিন পৰেশ বৰুৱাও আহিব শান্তি বিচাৰি; বাৰুদৰ কোলাহল নোহোৱা হ’ব: প্ৰবাল নেওগ

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 6:07 PM IST

ULFA GOI peace agreement: আলফা আৰু চৰকাৰৰ শান্তি চুক্তিৰ সন্দৰ্ভত আলফাৰ শীৰ্ষ নেতা প্ৰৱাল নেওগৰ স’তে আছুতীয়া সাক্ষাৎকাৰ । চুক্তিৰ জৰিয়তে জাতি আৰু মাটি সুৰক্ষিত হ’ব বুলি আশাবাদী নেতাগৰাকী ৷ চুক্তিখন যাতে চুক্তি হৈ ওলমি নাথাকে তাৰ আহ্বান চৰকাৰ তথা সতীৰ্থক ৷ চুক্তিৰ সফল ৰূপায়ণ হ’লে নিশ্চয় এদিন পৰেশ বৰুৱাও আহিব বুলি ইটিভি ভাৰতক জনালে নেওগে ৷

ULFA GOI peace agreement
ULFA GOI peace accord
আলফাৰ শীৰ্ষ নেতা প্ৰৱাল নেওগৰ স’তে আছুতীয়া সাক্ষাৎকাৰ

তিনিচুকীয়া, ২৯ ডিচেম্বৰ: ১৯৭৯ চনৰ ৭ এপ্ৰিলত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাই চাৰিটাকৈ দশক সশস্ত্ৰ সংগ্ৰাম কৰাৰ পিচত শুকুৰবাৰে এটা গোটে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে স্বাক্ষৰ কৰিলে শান্তিচুক্তি ৷ প্ৰায় ১৩-১৪ হাজাৰ থলগিৰি লোকে প্ৰাণ বিসৰ্জন দিয়াৰ পাছত আলোচনাপন্থী আলফাৰ স’তে এতিয়া চুক্তি সম্পন্ন হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ ৷ শুকুৰবাৰে বিয়লি ৫ বজাত নতুন দিল্লীৰ নৰ্থ ব্লকত চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, অৰবিন্দ ৰাজখোৱা, মৃণাল হাজৰিকা, শশধৰ চৌধুৰী, ৰাজু বৰুৱা, চিত্ৰবন হাজৰিকাকে আদি কৰি শীৰ্ষ পৰ্যায়ৰ এটা বৃহৎ দল উপস্থিত থাকে ৷

দীৰ্ঘদিনে সশস্ত্ৰ সংগ্ৰাম কৰা বৰ্তমানৰ আলোচনা পন্থী আলফাৰ এগৰাকী শীৰ্ষ নেতা প্ৰৱাল নেওগো এই আলোচনা প্ৰক্ৰিয়াৰ সৈতে জড়িত আছিল যদিও বিগত দুটা বৰ্ষৰ পৰা এক জটিল ৰোগত ভুগি থকাৰ হেতুকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছু দূৰত অৱস্থান কৰিছে ৷ অৱশ্যে আলোচনা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তেওঁ সতীৰ্থৰ সৈতে এতিয়াও যোগাযোগত আছে ৷

শুকুৰবাৰে চুক্তি স্বাক্ষৰৰ পূৰ্বে ইটিভি ভাৰত অসম তিনিচুকীয়াৰ সাংবাদিক বিবেক বড়াৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰৱাল নেওগে শান্তি চুক্তি সন্দৰ্ভত কয় যে, এই শান্তি চুক্তিৰ জৰিয়তে নিশ্চয় অসমৰ জনতাৰ জাতি আৰু মাটি সুৰক্ষিত হ’ব ৷ জাতি আৰু মাটি সুৰক্ষিত হোৱাটো আমাৰ প্ৰধান উদ্দেশ্য ৷ ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত, নদীৰ কাষত, ৰে’লৱে লাইনৰ কাষৰ মাটি বহিৰাগতই দখল কৰিছে ৷ যিহেতু আজি হ’ব লগা শান্তিচুক্তি এক অভিৱৰ্তনত প্ৰস্তুত কৰা হৈছিল, গতিকে নিশ্চিত জনতাৰ পথত থাকি আমাৰ নেতৃত্বই শান্তি চুক্তি কৰিব ৷

ইফালে, আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ অবিহনে শান্তি চুক্তি সম্ভৱ বা অসম্ভৱ বুলি ভবাটো অৰ্থহীন ৷ আলফা আৰু আলফা স্বাধীন একে নহয়, দুটা পৃথক পৃথক ৷ যদি আলফাৰ চুক্তি সফল হয় এদিন পৰেশ বৰুৱাও আলোচনালৈ আহিব ৷ আলফাৰ লগত হোৱা চুক্তি যদি সফল হয় তেন্তে নিশ্চয় যুৱ প্ৰজন্মই অস্ত্ৰ ধৰিবলৈ এৰিব ৷ এদিন তেনেকৈয়ে অসমত শান্তি বিৰাজ কৰিব ৷ কিন্তু এয়া যদি মাথোঁ নিৰ্বাচনী টোপ হয় তেন্তে আমি নিবিচাৰিলেও অসমত পুনৰ অশান্তি হ’ব ৷ গতিকে আশা কৰা হৈছে এই শান্তি চুক্তি প্ৰকৃততে কাৰ্যকৰী হ’ব ৷

লগতে পঢ়ক: পৰেশ বৰুৱাক বাদ দি দুৰ্বল দাবী চনদ লৈ আলফা-চৰকাৰৰ শান্তিচুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.