গুৱাহাটী, ৭ আগষ্ট: ঘৰচিৰিকা, প্ৰকৃতিৰ বুকুত ওমলি জামলি, জপিয়াই, মানুহৰ সংগে সংগে, অলপ দূৰে দূৰে বিচৰণ কৰি ঘূৰা এটি সৰু চৰাই ঘৰচিৰিকা ৷ ঠোঁটত কেইডাল মান দুবৰী তথা খৰিকা লৈ চোতাল শুৱনি কৰে ঘৰচিৰিকা নামৰ কণমানি মৰম লগা চৰাইটোৱে । পিছে বৰ্তমান সময়ৰ সোঁতত ক্ৰমাৎ বিলুপ্তিৰ পথলৈ গতি কৰিছে এই চৰাইবিধে ।
বিশেষকৈ মানুহৰ পৰিৱৰ্তিত জীৱন শৈলী, খেৰৰ ঘৰৰ পৰিৱৰ্তে পকী ঘৰৰ ব্যৱহাৰ, মোবাইল টাৱাৰ স্থাপন আদি বিভিন্ন কাৰণত ঘৰচিৰিকাৰ ক্ৰমবর্ধমান বিলুপ্তিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ 'বিশ্ৰাম ঘৰ' নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে উক্ত পক্ষী কুলৰ সংৰক্ষণৰ বাবে কৃত্ৰিম বাকচ ৰাজহুৱাকৈ বিতৰণৰ বাবে কাৰ্যসূচী হাতত লৈছে (Special initiative of Vishraam Ghar for sparrow conservation) ।
ইয়াৰ অংশ হিচাপে দেওবাৰে 'বিশ্ৰাম ঘৰ'ৰ উদ্যোগত মহানগৰীৰ নুনমাটিস্থিত ইণ্ডিয়া কাৰ্বনত প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক ঘৰচিৰিকা থাকিব পৰাকৈ একোটাকৈ 'বাৰ্ড হাউচ' প্ৰদান কৰা হয় ।
'বিশ্ৰাম ঘৰ'ৰ সভাপতি প্ৰণৱ কুমাৰ তালুকদাৰে আঁতধৰা অনুষ্ঠাটিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ কে এন বৰুৱা, ব্ৰিগেডিয়াৰ এন দত্ত যোশী, কবি-সাহিত্যিক ড৹ পূৰ্ণ ভট্টাচাৰ্য, কটন বিশ্ব বিদ্যালয়ৰ প্ৰৱক্তা প্ৰশান্ত চক্ৰৱৰ্তী, ইণ্ডিয়া কাৰ্বনৰ মহা প্ৰৱন্ধক শ্যামল ভট্টাচাৰ্যকে আদি কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনাই চৰ্চাত দিখৌমুখৰ এটি পৰিয়াল