গুৱাহাটী, ১১ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ গুৱাহাটী মহানগৰীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক’ভিডৰ সংক্ৰমণে ৷ দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Guwahati) ৷ ফলত ক'ভিড হটস্পটলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী (Guwahati becomes covid hotspot) ৷
যাৰ পৰিপ্ৰেক্ষিতত যোৱা শনিবাৰৰ পৰা ৰাজ্যত বলৱৎ কৰা হৈছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (New Covid SOP in Assam) । লক্ষণীয় বিষয় যে, গুৱাহাটী মহানগৰীত ক'ভিড সংক্ৰমণৰ অভিকেন্দ্ৰ হিচাপে চিনাক্ত হৈছে । এসপ্তাহৰ আগলৈ গুৱাহাটীত ক'ভিডত দৈনিক আক্ৰান্তৰ সংখ্যা ৫০ ৰ ঘৰলৈ নামিছিল ৷
কিন্তু এই মুহূর্তত দৈনিক আক্ৰান্তই ৫০০ ৰ সংখ্যা অতিক্ৰম কৰিছে । ইফালে দৈনিক আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ৪৮ ঘণ্টাত ৰাজ্যত নতুনকৈ ২,২৪২ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
আক্ৰান্তসকলৰ ৯৬২ গৰাকী লোক গুৱাহাটী মহানগৰীৰ । আক্ৰান্তৰ হাৰ শনিবাৰৰ দিনটোত ৩.৭৩ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে দেওবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ৬.৪৮ শতাংশলৈ বৃদ্ধি পাইছে । দৈনিক প্ৰায় দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।
গুৱাহাটীত দৈনিক প্ৰায় দুগুণ হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিছে (Special Covid precaution at LGBI airport) । এই সম্পৰ্কত গুৱাহাটী বিমানবন্দৰ কৰ্তৃপক্ষৰ (Guwahati airport authority) মুখ্য কাৰ্যবাহী বিষয়া উৎপল বৰুৱাই কয় যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যিসকল আন্তৰ্জাতিক বিমান যাত্ৰীয়ে অৱতৰণ কৰে, তেওঁলোকৰ বিমানবন্দৰত স্বাস্থ্য পৰীক্ষা কৰা হয় ।
লগতে তেওঁলোকক ৭ দিন হোম আইছ'লেছনত থাকিবলৈ দিয়া হয় । ৮ দিনলৈ এই লোকসকলক স্বাস্থ্য বিভাগৰ নিৰীক্ষণত ৰখা হয় । বিমানবন্দৰত অৱতৰণ কৰা আন্তঃৰাজ্যিক বিমান যাত্ৰীসকলৰ ভিতৰত যিসকলৰ দুপালি ক'ভিড প্ৰতিষেধক লোৱা আছে, তেওঁলোকক পোনে পোনে যাবলৈ দিয়া হয় ।
বিমানবন্দৰত অৱতৰণ কৰা আন্তঃৰাজ্যিক বিমান যাত্ৰীসকলৰ ভিতৰত যিসকলে এপালি ক'ভিড ভেকচিন লৈছে, তেওঁলোকৰ বিমানবন্দৰতে ক'ভিড পৰীক্ষা কৰা হয় । মুখ্য কাৰ্যবাহী বিষয়া উৎপল বৰুৱাই জনায় যে, বিমানবন্দৰত যাত্ৰীৰ ক'ভিড পৰীক্ষা কৰাৰ বাবে ১৪ টা কাউণ্টাৰৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক : Covid 19 cases increase in Assam : ৰাজ্যত নতুনকৈ 2198 গৰাকী লোক কৰ’ণাত আক্ৰান্ত