গুৱাহাটী, ৭ নৱেম্বৰ : ৰাজ্যত কৃষিক্ষেত্ৰত সাৰৰ কৃত্ৰিম নাটনি (Artificial shortage of fertilizer) সমস্যা সৃষ্টি কৰি অবৈধভাৱে ব্যৱসায় চলাই থকা অসাধু ব্যৱসায়ীক নাকী লগোৱাৰ বাবে কৃষি বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে (Assam Agriculture Department) । এই সন্দৰ্ভত সোমাবাৰে দিছপুৰত কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই (Agriculture Minister Atul Bora) কয় যে, অসমত ইউৰিয়া সাৰৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাই ভালকৈ কাম নকৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
ইউৰিয়া বিক্ৰী আৰু যোগানত বহু অনিয়ম হোৱাৰ তথ্য অনুসন্ধান কৰি জানিব পৰা গৈছে বুলিও তেওঁ উল্লেখ কৰে । ইউৰিয়া সাৰৰ অবৈধ ব্যৱসায় চলি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যাৰ বাবে ইউৰিয়া সাৰৰ তিনিখন পাইকাৰী আৰু 1272 খন খুচুৰা বিক্ৰী কেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে । চৰকাৰে বৰ্তমান ইউৰিয়া বিক্ৰীৰ বাবে এছ অ' পি প্ৰস্তুত (SOP ready for sales of urea) কৰিছে ।
ইয়াৰ ফলত ইউৰিয়া সাৰৰ অবৈধ লেনদেন বন্ধ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে । ইয়াৰ বাবে 33 খন জিলাত গোট গঠন কৰা হৈছে বুলি তেওঁ জনায় । আনহাতে, ৰাজ্যত কৃষি বিপণন পৰিষদ (Assam State Agricultural Marketing Board) একমাত্ৰ পাইকাৰী বিক্ৰেতা হ'ব বুলি কৈ অতুল বৰাই কয় যে, অসম চৰকাৰে যোৱা ২০ মে’, ২০২২-ত এক অধিসূচনাৰ জৰিয়তে ৰাজ্যখনত সাৰৰ পৰিচালনা তথা বিতৰণ ব্যৱস্থাটোক স্বচ্ছ আৰু নিকা ৰূপত প্ৰতিষ্ঠা কৰাৰ বাবে এখন নতুন মানক পৰিচালনা কাৰ্যপদ্ধতি (Standard Operating Procedure) প্ৰকাশ কৰিছে ।
এই SOP অনুসৰি অসমত সাৰৰ বাবে থকা সকলো পাইকাৰী বিক্ৰেতাৰ অনুজ্ঞা বাতিল কৰি যোৱা ১ জুন, ২০২২-ত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক অসমত ইউৰিয়াৰ একমাত্ৰ পাইকাৰী বিক্রেতা হিচাপে ঘোষণা কৰিছে । অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদে ইতিমধ্যে ইউৰিয়া বিতৰণৰ বাবে ৩৩খন জিলাত একোটাকৈ গোট গঠন কৰিছে আৰু উক্ত কামৰ বাবে প্ৰয়োজনীয় ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া নিয়োজিত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে গুদামঘৰকে আদি কৰি যাৱতীয় প্ৰস্তুতিৰ কাম প্রায় সম্পূৰ্ণ কৰিছে ।
ইউৰিয়া বিতৰণৰ বাবে বিপণন পৰিষদক সাৰৰ পাইকাৰী অনুজ্ঞা-পত্ৰৰ প্ৰয়োজন আৰু বিপণন পৰিষদে ইতিমধ্যে EODB পর্টেলত আবেদন কৰি ২৪ খন জিলাৰ বাবে অনুজ্ঞা-পত্ৰ লাভ কৰিছে । বাকী থকা অনুজ্ঞা-পত্ৰসমূহো শীঘ্ৰেই লাভ কৰিব বুলি কৃষি মন্ত্ৰী অতুল বৰাই জনায় ৷ আনহাতে, সাৰৰ বিতৰণ ব্যৱস্থাটো সম্পূৰ্ণ অনলাইনযোগে পৰিচালিত হোৱা হেতুকে পৰিষদৰ প্ৰতিটো জিলা গোট তথা মুখ্য কাৰ্যালয়ত কম্পিউটাৰ তথা ইণ্টাৰনেট সেৱা অত্যাৱশ্যকীয় বুলিও উল্লেখ কৰে ৷
ইয়াৰ বাবে বিপণন পৰিষদে আবেদন জনাইছিল আৰু ইতিমধ্যে যোৱা ৫ নৱেম্বৰ, 2022 তাৰিখে এপার্ট প্ৰকল্পৰ অধীনত ১০ টা কম্পিউটাৰ পৰিষদক যোগান ধৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । সাৰৰ বিতৰণৰ বাবে প্ৰয়োজনীয় ৩৩ টা গুদামঘৰৰ ভিতৰত পৰিষদে নিজৰ ১৮ টা আৰু কৃষি বিভাগৰ ২ টা গুদামঘৰ ইউৰিয়া মজুত ৰখাৰ বাবে বাছনি কৰিছে ৷
ইয়াৰে ভিতৰত ১৮ টা গুদামঘৰৰেই মেৰামতিৰ প্ৰয়োজন ৷ ইয়াৰ বাবে ৫৩.৭০ লাখ টকাৰ এক প্ৰাককলন প্রস্তুত কৰি কৃষি সঞ্চালকৰ অনুমোদন সাপেক্ষে নিবিদা আহ্বান কৰি গুদামঘৰসমূহ মেৰামতিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ জনায় । আজি বিপণন পৰিষদৰ এই নতুন যাত্ৰাৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেডৰ পৰা ১৮ মেট্রিকটন ইউৰিয়া ক্ৰয় কৰি তিনিখন জিলা ক্ৰমে দৰং, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ মুঠ ৬ জন খুচুৰা ব্যৱসায়ীক বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।
এই সন্দৰ্ভত বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই কয় যে, চাৰিটা প্ৰতিষ্ঠানে ইউৰিয়া যোগান ধৰিব । ইয়াৰ বাবে খুচুৰা 3256 জন ব্যক্তিয়ে আবেদন কৰিছে । 378 খনক এতিয়ালৈ অনুমতি দিয়া হৈছে । আনহাতে, মঙলবাৰে ছয়গাঁৱত 24 কোটি টকাৰ শীতল ভঁৰাল মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব বুলিও জানিবলৈ দিয়ে । লগতে তাত খাদ্য সংসাধন কেন্দ্ৰও মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক :Tribute to Neelpawan Baruah : আজি বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ আদ্যশ্ৰাদ্ধ