ETV Bharat / state

Ramnath Kovind to visit Assam: ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি গুৱাহাটীত দুদিনৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি - ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব ৰাষ্ট্ৰপতিগৰাকী

গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰন্য কুমাৰ বৰ্মনৰ যৌথ সংবাদমেল । ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত গুৱাহাটীখনক চাফা কৰি ৰাখিবলৈ জনগণৰ প্ৰতি অনুৰোধ । ৰাষ্ট্ৰপতিৰ ভ্ৰমণক লৈ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি (Some guidelines have been issued in Guwahati for two days ) । সকলোকে বিকল্প পথৰ ব্যৱহাৰৰ বাবে আহ্বান ।

Ramnath Kovind to visit Assam
ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি গুৱাহাটীত দুদিনৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি
author img

By

Published : Feb 23, 2022, 10:40 PM IST

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (Ramnath Kovind to visit Assam) । ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব ৰাষ্ট্ৰপতিগৰাকী । ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণসূচীক লৈ গ্ৰহণ কৰা কেতবোৰ নিৰ্দেশনা সন্দৰ্ভত বুধবাৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰু যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰন্য কুমাৰ বৰ্মনে যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে ।

পৌৰ নিগমৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলখনত আয়ুক্ত দেৱাশীষ শৰ্মাই ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ সময়ত গুৱাহাটীখনক চাফা কৰি ৰাখিবলৈ জনগণৰ প্ৰতি বিনম্ৰ অনুৰোধ জনায় (Some guidelines have been issued in Guwahati for two days ) । যিসকল ব্যক্তিয়ে মাজে সময়ে গুৱাহাটীখন লেতেৰা কৰে, তেওঁলোকে যাতে য'তে-ত'তে জাৱৰ নেপেলায় । ৰাষ্ট্ৰপতিগৰাকী যি বাটেৰে আহিব সেই পথৰ কাষত থকা দোকানসমূহে যাতে নিজৰ নিজৰ ঠাইসমূহ লেতেৰা নকৰে, তাৰ বাবে তেওঁ অনুৰোধ জনায় ।

ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি গুৱাহাটীত দুদিনৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি

তেওঁ ৰাষ্ট্ৰপতিগৰাকী অহাৰ সময়ত সংশ্লিষ্ট এলেকাৰ দোকানসমূহ কিছু সময়ৰ বাবে বন্ধ ৰাখিবলৈ অনুৰোধ জনায় ।

আনহাতে, ৰাষ্ট্ৰপতিৰ ভ্ৰমণক লৈ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা দিয়া হৈছে । এই সন্দৰ্ভত যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত হিৰন্য কুমাৰ বৰ্মনে কয় যে, ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৫ ফেব্ৰুৱাৰীৰ পুৱা ৬ পৰা নিশা ১০ বজালৈ কোনোধৰণৰ ব্যাৱসায়িক যান-বাহন চলাচল কৰিব নোৱাৰিব । ২৬ ফেব্ৰুৱাৰীৰ দিনাখনো পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ এই পথ দুটাত কোনোধৰণৰ ব্যাৱসায়িক যান-বাহন চলাচল কৰিব নোৱাৰিব ।

লগতে পঢ়ক : President Kovind to visit Assam: ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাতত নিৰ্মাণ অস্থায়ী হেলিপেড

সেইদৰে গুৱাহাটী মহানগৰীৰ এটি ৰোড, এম জি ৰোড, এফ চি ৰোড, তৈবুল্লা ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাৱাৰী ৰোডতো ২৫ ফেব্ৰুৱাৰী পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ কোনোধৰণৰ ব্যাৱসায়িক যান-বাহন(সৰু/মধ্যমীয়া/ডাঙৰ) চলাচল কৰিব নোৱাৰিব । ইপিনে নামনি অসমৰ পৰা মাছখোৱা আৰু পল্টনবজাৰ অভিমুখে অহা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহো ২৫ ফেব্ৰুৱাৰীত জালুকবাৰীৰ পৰা ভিতৰলৈ প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ’ব । বাছসমূহক আই এছ বি টিলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে ।

সেইদৰে কামাখ্যা মন্দিৰলৈ অহা দৰ্শনাৰ্থীসকলকো ২৫ ফেব্ৰুৱাৰীত পুৱা ৬:৩০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কামাখ্যা মন্দিৰলৈ অহা মূল পথৰ পৰিৱৰ্তে পাণ্ডু মন্দিৰ ঘাটৰ পৰা নিৰ্মাণ কৰা বিকল্প পথ ব্যাৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । আনহাতে, জৰুৰীকালীন বাহনৰ পৰিৱৰ্তে ২৫ ফেব্ৰুৱাৰীত বিমানবন্দৰৰ পৰা কামাখ্যা গেটলৈ পুৱা ১১:২০ ৰ পৰা দুপৰীয়া ১২:১৫ লৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব ।

কামাখ্যা গেটৰ পৰা এম ডি ৰোড, বি বৰুৱা ৰোডহৈ কইনাধৰালৈ দুপৰীয়া ১২:৩০ বজাৰ পৰা ১:৪০ বজালৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব । জি এছ ৰোড আৰু পঞ্জাবাৰী ৰোডতো সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৬:৪৫ বজালৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে । সকলোকে বিকল্প পথৰ ব্যৱহাৰৰ বাবে তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক : Ramnath Kovind to visit Assam: তেজপুৰত বায়ুসেনাৰ Mi 17 হেলিকপ্টাৰৰ অনুশীলন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.