গুৱাহাটী, ২১ মে': অসমত ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌৱে কাল ৰূপ ধাৰণ কৰিছে । এনে সময়তে বহু মানৱতাবাদী হৃদয়বান লোকে আর্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ ওলাই আহিছে ।

বিগত বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা, মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াই ব্যক্তিগত প্ৰচেষ্টাৰে বিভিন্ন প্ৰান্তৰ লোকৰ মাজত প্ৰয়োজনীয় সা-সামগ্ৰীৰ লগতে মাস্ক, ছেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰি আহিছে ।

বিগত চাৰিদিন ধৰি ড৹ দিব্যজ্যোতি শইকীয়াই লখিমপুৰ জিলাৰ লালুক, হাৰমতি, নাওবৈচা, ফুলবাৰী আদি অঞ্চলৰ লগতে অসম-অৰুণাচল সীমান্তৰ প্ৰায় তিনি শতাধিক পৰিয়ালক সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে কৰ'ণাৰ পৰা নিজৰ লগতে সমাজখনক কেনেকৈ মুক্ত কৰি ৰাখিব এই সন্দৰ্ভতো সজাগতা অভিযান চলাই আহিছে ।

লগতে পঢ়ক: বকোৰ ৰাজাপাৰাত নিশা এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত হৈ এজনৰ মৃত্যু