গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : সংকটত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক (small tea growers of Assam in crisis) । পুনৰ নিম্নগামী হৈছে কেঁচা চাহপাতৰ মূল্য । উৎপাদন ব্যয়তকৈও উৎপাদিত পাতৰ মূল্য হ্রাস পাইছে । বহু অঞ্চলত ক্ষুদ্ৰ চাহ খেতিয়কে ২ টকা লোকচানত প্ৰতি কেজি পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে । বিশেষকৈ বাগিচাৰ ফেক্টৰীৰ তুলনাত বটলিফ ফেক্টৰীত অস্বাভাৱিক গতিত পাতৰ দাম নিম্নগামী হৈছে (Tea leaves price fallen in Assam) ।
সাধাৰণতে নিম্নমানৰ পাতৰ ক্ষেত্ৰত মূল্য কমকৈ নিৰ্ধাৰণ কৰা হয় যদিও অতি শেহতীয়াকৈ একাংশ বটলিফ ফেক্টৰীয়ে পাতৰ মান নিৰ্ধাৰণ নকৰাকৈ এটা নির্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি লৈছে (Bottleif Factory reduces tea leaves price) । অর্থাৎ ১৬ টকাৰ পৰা ২০ টকা পর্যন্ত মূল্য নিৰ্ধাৰণ কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক পাতৰ মূল্য আদায় দিয়া আৰম্ভ কৰিছে । ১৬ টকাৰ পৰা ২০ টকা মূল্যত কেঁচা পাত বিক্ৰী কৰিলে কৃষকৰ লাভ নাথাকে যদিও এতিয়া উপায় নাপাই কম দামতে পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে খেতিয়কসকলে ।

কাৰণ পাত নিছিঙিলে পাত অধিক পূৰঠ হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে । আনহাতে, কেঁচা পাত ছিঙাৰ পাছত ৰাখি থ’ব নোৱাৰি । কেঁচা পাত ছিঙাৰ কেইঘণ্টামানৰ ভিতৰত বিক্ৰী নকৰিলে পাতৰ মান স্বাভাৱিকতে হ্রাস পায় আৰু সেই পাত বিক্ৰী নহয় । সেয়ে জটিল সমস্যাত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল (Assam Small tea growers in trouble) ।
জানিব পৰা মতে, বাগিচাৰ ফেক্টৰীসমূহে কেঁচা পাতৰ উচিত মূল্য দিয়ে যদিও এই সময়ত বাগিচাৰ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কম পৰিমাণৰ পাতহে লয় । বাগিচাসমূহৰ নিজৰ পাতেই এই সময়ত উভৈনদী হৈ পৰাত ক্ষুদ্র চাহ খেতিয়কৰ পৰা পাত ক্ৰয় কৰিবলৈ আগ্ৰহী নহয় । অৱশ্যে তাৰ মাজতে উপযুক্ত মূল্য আদায় দি একাংশ বাগিচাৰ ফেক্টৰীয়ে পাত ক্ৰয় কৰি আছে যদিও ক্ষুদ্র চাহ খেয়িতকে অপর্যাপ্ত পৰিমাণৰ কেঁচা পাত উৎপাদন কৰাত সমস্যা জটিল হৈ পৰিছে ।

যিহেতু এই সময়ত পাতৰ উৎপাদন বৃদ্ধি পাইছে আৰু উৎপাদিত পাত ৰাখি থোৱা সম্ভৱ নহয়, সেয়ে ইয়াৰ সুযোগ লৈছে একাংশ বটলিফ ফেক্টৰীয়ে । গতিকে বটলিফ ফেক্টৰীয়ে যি মূল্য দিয়ে সেই মূল্যত পাত বিক্ৰী কৰিবলৈ বাধ্য হৈছে ক্ষুদ্ৰ খেতিয়কসকল । ফলত উপযুক্ত মূল্য লাভৰ পৰা বঞ্চিত হ'বলগা হৈছে কৃষকসকল । সাধাৰণতে ভাৰতীয় চাহ বোৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কক কেঁচা পাতৰ ন্যায্য মূল্য লাভ কৰাৰ পথ প্ৰশস্ত কৰিব লাগে ।
ইয়াৰ বাবে চাহ উৎপাদনকাৰী জিলাকেইখনত ভাৰতীয় চাহ বোৰ্ডৰ একোজন বিষয়া নিযুক্ত হৈ আছে । এই বিষয়াসকলে ক্ষেত্রভিত্তিক পৰিদৰ্শন কৰি ক্ষুদ্ৰ চাহখেতিয়কসকলক বটলিফ ফেক্টৰীসমূহে উচিত মূল্য দিছেনে নাই সেয়া নিৰীক্ষণ কৰিব লাগে । কিন্তু চাহ বোৰ্ডৰ দুৰ্বল স্থিতিৰ ফলত কুফল ভুগিছে ক্ষুদ্র চাহ খেতিয়কে । কাৰণ নিম্নমানৰ পাতৰ দৰে উচ্চ মানসম্পন্ন পাতৰ ক্ষেত্ৰতো উচিত মূল্য ক্ষুদ্ৰ চাহ খেতিয়কসকলে লাভ কৰা নাই ।

ইফালে জিলা উপায়ুক্তসকলৰ অধ্যক্ষতাত গঠিত জিলা পৰ্যায়ৰ মূল্য নিৰীক্ষণ কমিটীসমূহো কঠোৰ নোহোৱাত বটলিফ ফেক্টৰীসমূহে সুযোগ লৈ আছে । জানিব পৰা মতে, গোলাঘাটৰ উপায়ুক্তৰ বাহিৰে আন জিলাৰ উপায়ুক্তসকলে এই পর্যন্ত কঠোৰ পদক্ষেপ লোৱা নাই । জিলা নিৰীক্ষণ কমিটীসমূহে কঠোৰ ব্যৱস্থা গ্রহণ নকৰিলে ডিচেম্বৰলৈ কেঁচা পাতৰ মূল্য অধিক অৱনতি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে । ক্ষুদ্ৰ খেতিয়কৰ স্বাৰ্থৰ কথা কোৱা চৰকাৰখনে এইক্ষেত্রত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
লগতে পঢ়ক :মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য্যৰ দায়িত্ব ললে বুৰঞ্জীবিদ ড৹ নিৰোদ বৰুৱাই