ETV Bharat / state

PMAY Implementation in Assam: অসমত প্ৰধানমন্ত্রী আৱাস যোজনা ৰূপায়ণৰ গতি অতি মন্থৰ - slow Implementation of PMAY

ৰাজ্যত অতি মন্থৰ গতিত চলিছে পি এম এ ৱাই আঁচনিৰ ৰূপায়ণৰ কাম (Slow Implementation of PMAY in assam)। পুঁজি মােকলাই দিয়াত কেন্দ্রীয় চৰকাৰৰ হেমাহি আৰু বিভাগীয় ব্যর্থতাৰ বাবেই আঁচনি ৰূপায়ণৰ প্রক্রিয়া অতি লেহেম হৈছে । ২০২০-২১ বিত্তীয় বৰ্ষত অসমত পি এম এ ৱাই (গ্রামীণ) আঁচনিৰ অধীনত মাত্র ২১,২০২টা ঘৰহে নির্মাণ হৈছে । কেৱল গ্রামাঞ্চলতেই নহয়, চহৰাঞ্চলতাে পি এম এ ৱাই আঁচনিৰ অগ্রগতি সন্তোষজনক নহয় ।

PMAY Implementation in Assam
অসমত প্ৰধানমন্ত্রী আৱাস যোজনা ৰূপায়ণৰ গতি অতি মন্থৰ
author img

By

Published : Dec 22, 2021, 3:09 PM IST

গুৱাহাটী,২২ ডিচেম্বৰ : ৰাজ্যত প্রধানমন্ত্রী আৱাস যোজনা চমুকৈ পি এম এ ৱাইৰ অধীনত গৃহহীনক ঘৰ আবণ্টনৰ প্রক্রিয়া অতি লেহেম হৈছে (Slow Implementation of PMAY in assam)। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে পি এম এ ৱাই (গ্রামীণ) আঁচনিৰ জৰিয়তে গ্রামাঞ্চলৰ কেঁচা ঘৰৰ গৰাকীক আৰু গৃহহীনক পকী ঘৰ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্যত উপনীত হ'ব পৰা নাই । ইয়াৰ মূলতেই হ'ল পুঁজি মোকলাই দিয়াত কেন্দ্রীয় চৰকাৰৰ হেমাহি আৰু বিভাগীয় ব্যর্থতা ।

PMAY Implementation in Assam
অসমত প্ৰধানমন্ত্রী আৱাস যোজনা ৰূপায়ণৰ গতি অতি মন্থৰ

উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত অসমত পি এম এ ৱাই (গ্রামীণ) আঁচনিৰ অধীনত মাত্র ২১,২০২ টা ঘৰহে নির্মাণ হৈছে । অথচ উক্ত বিত্তীয় বৰ্ষত মুঠ ২,৬৯,৫২৯ টা পি এম এ ৱাইৰ ঘৰত অনুমোদন জনাইছিল কেন্দ্রীয় চৰকাৰে । বিগত বিত্তীয় বৰ্ষত অতি কম সংখ্যক পি এম এ ৱাইৰ ঘৰ নির্মাণ হোৱা হেতুকে চলিত বৰ্ষত নতুনকৈ কোনো তালিকাত অনুমোদন জনোৱা হোৱা নাই ।

জানিব পৰা মতে ২০২০-২১ বিত্তীয় বৰ্ষত পি এম এ ৱাইৰ ঘৰ বিচৰা গ্রামাঞ্চলৰ ২,৭৮,৬৩১ জন হিতাধিকাৰীৰ পৰা বাছনি কৰা হয় ২,৬৯,৫২৯ জন হিতাধিকাৰীক । ইয়াৰে ২,৬৫,২৩০ জন হিতাধিকাৰীক গৃহ আবণ্টনৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে জিঅ' টেগ সম্পন্ন কৰে । কিন্তু নির্মাণ হয় মাত্র ২১,২০২ টা ঘৰ । কেন্দ্রীয় চৰকাৰে উক্ত আঁচনিৰ বাবে অসমলৈ ৪,৭৫৭ কোটি ৬৮ লাখ টকা আবণ্টন দিয়ে যদিও ২০২০-২১ বিত্তীয় বৰ্ষত মাত্র ১,৫০৩ কোটি টকাহে মুকলি কৰি দিয়ে ।

ইফালে ৰাজ্য চৰকাৰে কেন্দ্ৰই মুকলি কৰি দিয়া পুঁজিৰ ১,২৬৪ কোটি টকা ব্যয় কৰে । অর্থাৎ মুঠ আবণ্টিত পুঁজিৰ কেন্দ্ৰই মুকলি কৰি দিছে ৫৪.৩ শতাংশ আৰু ৰাজ্য চৰকাৰে ইয়াৰে ব্যয় কৰিছে ৪৫.৭ শতাংশ । চলিত ২০২১-২২ বিত্তীয় বৰ্ষত কেন্দ্রই নতুনকৈ হিতাধিকাৰীৰ তালিকাত অনুমোদন জনোৱা নাই যদিও ১,০৭৬ কোটি টকা মোকলাই দিছে ।

ৰাজ্য চৰকাৰে কেন্দ্ৰই মোকলাই দিয়া পুঁজিৰ চলিত বৰ্ষত ৪৯.৪ শতাংশ ব্যয় কৰিছে । কেৱল গ্রামাঞ্চলতেই নহয়, চহৰাঞ্চলতো পি এম এ ৱাই আঁচনিৰ অগ্রগতি সন্তোষজনক নহয় । চহৰাঞ্চলৰ নির্বাচিত ১,৩৩,৯৪৫ জন হিতাধিকাৰীৰ ভিতৰত ৭৮,৯৪৫ জন হিতাধিকাৰীলৈ এই পর্যন্ত গৃহ আবণ্টন দিয়া হৈছে । ইয়াৰ ভিতৰত মাত্র ২৯,৩৫৪ টা ঘৰহে ৰাজ্যৰ চহৰাঞ্চলত সম্পূৰ্ণ হৈছে ।

মুঠৰ ওপৰত গ্রামাঞ্চল কিম্বা চহৰাঞ্চল ৰাজ্যত পি এম এ ৱাই আঁচনিৰ দ্বাৰা অধিক সংখ্যক লোক উপকৃত হোৱা নাই । ২০২৪ ৰ ভিতৰত সকলোকে পকী ঘৰ প্ৰদানৰ প্ৰধানমন্ত্রীৰ প্রতিশ্রুতি অসমত কার্যতঃ ৰূপায়ণ হয় নে নহয় সেয়া সম্প্রতি ডাঙৰ প্রশ্ন ।

লগতে পঢ়ক :Assam assembly winter season : তিনি বছৰত ২৫,৭৬৯.২২ কোটি টকাৰ GST সংগ্রহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.