গুৱাহাটী, ২৫ আগষ্ট: ঘৰ এটাৰ প্ৰয়োজনীয়তা থকাজনেহে ভালকৈ উপলব্ধি কৰিব পাৰে । এই প্ৰয়োজনীয়তাৰ কথা কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে উপলব্ধি কৰি ‘সকলোৰে বাবে গৃহ' - এই লক্ষ্যৰে আৰম্ভ কৰিছিল 'প্ৰধানমন্ত্ৰী আবাস যোজনা' চমুকৈ পি এম এ ৱাই আঁচনি (Pradhan Mantri Awas Yojana)। দেশজুৰি চলি থকা এই জনপ্ৰিয় আঁচনিখনৰ কাম কিন্তু অসমত শামুকীয়া গতিত চলি আছে (Slogan of home for all has become farce in Assam) ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায়ে দৰিদ্ৰজনক সেৱা কৰাৰ কথা কয় যদিও দৰিদ্ৰজনৰ বাবে প্ৰয়োজনীয় এই আঁচনিখন অসমত সফল ৰূপায়ণ নোহোৱাটো চৰম পৰিতাপৰ বিষয় । যি সময়ত প্ৰধানমন্ত্ৰীৰ সপোনৰ এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ আন আন ৰাজ্যসমূহ বহুদূৰ আগুৱাই গৈছে সেই সময়ত এই নিৰ্দিষ্ট আঁচনিখন ৰূপায়ণত অসম পিছপৰি ৰৈছে ।
![Work of Pradhan Mantri Awas Yojana going very slow in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-pradhan-mantri-awas-yojanas-work-is-going-on-very-slow-7209925_25082022130420_2508f_1661412860_706.jpeg)
খোদ কেন্দ্ৰীয় গ্ৰামোন্নয়ন বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমত অনুমোদন দিয়া হিচাপত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ কাম এতিয়ালৈকে মাত্ৰ ৪৬ শতাংশ আৰু প্ৰধানমন্ত্ৰী আবাস যোজনা (নগৰ)ৰ কাম মাত্ৰ ৩০ শতাংশহে সম্পূৰ্ণ হৈছে । কিন্তু নিৰ্ধাৰণ কৰা লক্ষ্য হিচাপত অসমত আঁচনিখনৰ গ্ৰাম্যৰ ক্ষেত্ৰত ২৮.৫৯ শতাংশ কামহে হৈছে । এনে পৰিস্থিতিত অসমত আঁচনিখনৰ ৰূপায়ণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ (Work of PMAY going very slow in Assam)।
তথ্য অনুসৰি, ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা এতিয়ালৈকে অসমৰ বাবে প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে মুঠ ২০ লাখ ৮৪ হাজাৰ ৭০ টা আবাস গৃহ নিৰ্মাণৰ লক্ষ্য লৈছিল। তাৰ ভিতৰত নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা ১২ লাখ ৯১ হাজাৰ ২১৭ টা আৱাস গৃহৰ ভিতৰত এতিয়ালৈকে নির্মাণ সম্পূৰ্ণ হৈ উঠিছে মাত্ৰ ৫ লাখ ৯৫ হাজাৰ ৮৬৯ টা আবাস গৃহহে ।
![Work of Pradhan Mantri Awas Yojana going very slow in Assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-in-assam-pradhan-mantri-awas-yojanas-work-is-going-on-very-slow-7209925_25082022130420_2508f_1661412860_399.jpeg)
অৰ্থাৎ লক্ষ্য হিচাপত গ্ৰাম্যত মাত্ৰ ২৮.৫৯ শতাংশ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে । আনহাতে অনুমোদন দিয়া হিচাপত ৪৬ শতাংশ আৱাস গৃহৰ কামহে সম্পূৰ্ণ হৈছে । গ্ৰামাঞ্চলৰ দৰেই নগৰ অঞ্চলতো আঁচনিখনৰ কাম লেহেম গতিত চলি আছে । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ)ৰ অধীনত বিগত জুলাই মাহলৈকে মুঠ ১ লাখ ৬১ হাজাৰ ৩০৯ টা আৱাস গৃহৰ অনুমোদন জনাইছিল যদিও এতিয়ালৈকে নির্মাণ সম্পূৰ্ণ হৈ উঠিছে মাত্ৰ ৪৮ হাজাৰ ৫০৩টা আৱাস গৃহ ।