ETV Bharat / state

Price Hike in Assam: হোৰাহোৰে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য

author img

By

Published : Apr 29, 2022, 9:12 PM IST

ধাৰাবাহিক মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে এইবাৰ বজাৰত জুই জ্বলাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যই (Price hike in Assam)। এটা পষেকত খাদ্য-নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাত মূৰে-কপালে হাত দিবলগীয়াত পৰিছে গ্ৰাহকে । পাচলি আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যই বজাৰৰ উত্তাপ বৃদ্ধি কৰি ৰখাৰ সময়তে অত্যাৱশ্যকীয় খাদ্য সমগ্ৰীৰ জুই- দামে বাৰুকৈয়ে বিপাঙত পেলাইছে সাধাৰণ গ্ৰাহকক (Prices of essential commodities in Assam)।

Price Hike in Assam
হোৰাহোৰে বৃদ্ধি পাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য

গুৱাহাটী, ২৯ এপ্ৰিল: ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে এইবাৰ বজাৰত জুই জ্বলাইছে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যই (Price hike in Assam)। বিশেষকৈ যোৱা এটা পষেকত খাদ্য-নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাত মূৰে-কপালে হাত দিবলগীয়াত পৰিছে গ্ৰাহকে । পাচলি আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যই বজাৰৰ উত্তাপ বৃদ্ধি কৰি ৰখাৰ সময়তে অত্যাৱশ্যকীয় খাদ্য সমগ্ৰীৰ জুই- দামে বাৰুকৈয়ে বিপাঙত পেলাইছে সাধাৰণ গ্ৰাহকক (Prices of essential commodities in Assam)।

পুনৰ যোৱা দুদিনৰ পৰা পাম অইল, ৰিফাইনৰ মূল্য বৃদ্ধি পাইছে । পাইকাৰী বজাৰত প্ৰতি লিটাৰত ৫-১০ টকা পৰ্যন্ত বৃদ্ধি পাইছে যদিও ইয়াৰ মূল্য খুচুৰা বজাৰত ৫-৩০ টকা বৃদ্ধি পাইছে । ইণ্ডোনেছিয়াই পাম অইল বিদেশলৈ ৰপ্তানি বন্ধ কৰাৰ ফলত পাম অইল, ৰিফাইনৰ দাম বৃদ্ধি হৈছে (Palm oil price in Assam)। ইণ্ডনেছিয়াই অতি শীঘ্ৰে পাম অইল বিদেশলৈ ৰপ্তানি কৰিব । ৰপ্তানি আৰম্ভ কৰিলেই খোৱা তেল, পাম অইল আৰু ৰিফাইনৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ীয়ে মন্তব্য কৰে ।

আনহাতে বিকাজি ভুজিয়াৰ পেকেটত ৫ টকাকৈ বৃদ্ধি পাইছে। আনহাতে অনহাতে শাক-পাচলিতো অভাৱনীয় হাৰত মূল্য বৃদ্ধি হৈছে । মহানগৰীৰ প্ৰতিখন বজাৰত শাক পাচলিৰ বজাৰ মূল্যৰ পাৰ্থক্য আছে । খুচৰা বজাৰত প্ৰতিকিলো বন্ধা কবি ৬০ টকা, স্কোৱাচ ৩০ টকা, বিলাহী ৬০ টকা, ভাত কেৰেলা ১৫০-১৬০, জিকা ৬০ টকা, গাজৰ ৮০, পটল ৭০-৮০ টকা, ভেণ্ডি ৮০ টকা, তিয়হ ৫০- ৬০ টকা, ৰঙলাও ৪০ টকা, লেচেৰা ৮০, বিন ৮০ , তিতাকেৰেলা ৮০ টকাত মহানগৰীৰ বজাৰত বিক্ৰী হৈছে ।

আনহাতে এই পাচলিসমূহৰ ফাচী বজাৰৰ পাইকাৰী মূল্য হৈছে প্ৰতিকিলোগ্ৰাম জিকা ৩৫-৪০ টকা, বন্ধাকবি ৩০-৪০ টকা, ভাত কেৰেলা ৭০-৮০ টকা, ভেণ্ডি ৪০ টকা, গাজৰ ৪০ টকা, বিলাহী ৪০ টকা, বিন ৫০ টকা, মটৰ ৬০ টকা, লেচেৰা ৫০ টকা, ৰঙলাও ১৬-১৮ টকা, তিয়হ ১৮ টকা, স্কোৱাচ ২০ টকাপৰ্যন্ত বিক্ৰী হৈছে । পাইকাৰী বজাৰতো পাচলিৰ মূল্য বৃদ্ধি পাইছে । ৰাজ্যত শেহতীয়াকৈ হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নষ্ট হৈছে পাচলিৰ খেতি ।

বৰ্তমান খাৰুপেটীয়া, বৰপেটা ৰোড পৰা কিছু সংখ্যক পাচলি আহিছে যদিও বেংগলৰ পৰা ভেণ্ডি, পটল, জিকা, লেচেৰা, বন্ধা কবি, বিলাহী আদি আহি আছে । উৎপাদন কমি যোৱাৰ বাবে পাচলিৰ মূল্য বৃদ্ধি হোৱা বুলি ব্যৱসায়ীসকলে মন্তব্য কৰে । আগন্তুক দিনত আৰু অধিক পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে ব্যৱসায়ীসকলে ।

লগতে পঢ়ক: মোডীৰ সভাত মানুহ অনাৰ বাবে বাহনৰ বাবদ ২৯.৩৫ কোটি টকা ব্যয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.