ETV Bharat / state

সামৰণি পৰিল হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচী

author img

By

Published : Apr 17, 2022, 6:33 PM IST

অৱশেষত সামৰণি পৰে বিগত 28 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ (Skill enhancement training program) ৷ বিগত 28 ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদত প্ৰশিক্ষণ দিয়া হৈছিল কেইবাগৰাকীও মহিলাক ৷

Skill enhancement training program
সামৰণি পৰিল হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচী

গুৱাহাটী, 17 এপ্ৰিল : প্ৰায় ডেৰমহীয়া প্ৰশিক্ষণৰ অন্তত সামৰণি পৰিল হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচী (Skill enhancement training program) ৷ গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(SIPRD)ৰ চৌহদ বিগত 28 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল এই প্ৰশিক্ষণ কাৰ্যসূচী ৷ অৱশেষত 13 এপ্ৰিলত সামৰণি পৰে ডেৰমহীয়া দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ ।

Skill enhancement training program
হস্ততাত আৰু বস্ত্ৰশিল্পৰ দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ কাৰ্যসূচী

এই কাৰ্যসূচীত চৰাইদেউ জিলাৰ সোণাৰী, হোজাই জিলাৰ হোজাই আৰু কামৰূপ জিলাৰ ৰাণী উন্নয়ন খণ্ডৰ মহিলা আত্মসহায়ক গোটৰ নিৰ্বাচিত 30 জনীয়া মহিলা শিপিনীয়ে ভাগ লয় । ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামি গামলাইৰ তত্বাৱধানত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত উপ সঞ্চালক অনুপম দত্ত, গাণনিক হেমেন বৈশ্যকে ধৰি কেইবাজনো কৰ্মচাৰীয়ে বিশেষ সহযোগিতা আগবঢ়াইছিল ।

তেনেদৰে শিপিনীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল ক্ৰমে - প্ৰশিক্ষক ধীৰেশ্বৰ ডেকা, দীপিকা দেৱী মহন্ত, জলিনা পাচ্ছিকা, লাগিনপুইয়া ফৌনায়ে । শিপিনী সকলক গ্ৰাহকৰ ৰুচি অনুসৰি সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিল । আনকি কাষৰীয়া খানামুখ অঞ্চলৰ জ্ঞানমালিনী বিকশিত মহিলা দলকে ধৰি ওচৰ পাজৰৰ কিছু মহিলা আত্মসহায়ক গোটৰ শিপিনীয়েও মাজে সময়ে ই টি চি চৌহদলৈ আহি শিপিনী সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লৈছিল ।

জ্ঞানমালিনী বিকশিত মহিলা দলৰ উপ সভানেত্ৰী পূৰ্ণিমা কলিতাকে ধৰি কেবাটাও আত্মসহায়ক গোটৰ কর্মকর্তাই সদৰী কৰা অনুসৰি, এনে ধৰণৰ সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীয়ে দক্ষতা বৃদ্ধিৰ লগতে তেওঁলোকক একো একো গৰাকী নিপুণ শিপিনী হিচাপে গঢ় দিব আৰু নিশ্চিতভাৱে ইয়াৰ বাবে ই টি চি কৰ্তৃপক্ষ ধন্যবাদৰ পাত্ৰ ।

উল্লেখ্য যে, গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক গ্ৰামোন্নয়ন আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(SIPRD)ৰ চৌহদৰ সম্প্ৰচাৰণ প্ৰশিক্ষণ কেন্দ্ৰই (ETC) বিভাগীয় নিৰ্দেশনা অনুসৰি ৰাজ্যৰ মহিলা শিপিনীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ।

বিশেষকৈ মহিলা আত্মসহায়ক গোটসমূহৰ জৰিয়তে নিৰ্বাচিত মহিলা শিপিনীসকলক তেওঁলোকে যাতে নতুন নতুন কৌশল প্ৰয়োগ কৰি শেহতীয়া প্ৰযুক্তিৰ ডিজাইন তথা আৰ্হিৰে কম সময়, কম মূলধন, কম ঠাইত বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদন কৰি নিজৰ আয় বৃদ্ধি কৰিব পাৰে তাৰ বাবে ই টি চিয়ে বিনামূলীয়াকৈ থকা-খোৱাকে ধৰি প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক : মোডীৰ অসম প্ৰীতি: বানৰ ক্ষতিপূৰণৰ নামত ১০১৮ কোটি টকাৰ বিপৰীতে দিলে ৫১.৫৩ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.