ETV Bharat / state

APSC কেলেংকাৰী: ধ্ৰুৱজ্যোতি হাতীবৰুৱা-অনলজ্যোতি দাসলৈ SITৰ চমন - SIT APSC

APSC Scam: লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত আৰু দুজন বিষয়ালৈ বিশেষ তদন্তকাৰী দলে চমন জাৰি কৰিছে ৷ দুই বিষয়া 5 জানুৱাৰীত তদন্তকাৰী দলৰ সন্মুখত হাজিৰ হ’ব লাগিব ৷

APSC SCAM
অসম লোকসেৱা আয়োগ
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 3:06 PM IST

গুৱাহাটী, ৪ জানুৱাৰী: এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত এছ আই টিয়ে পুনৰ দুজন বিষয়ালৈ হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে । বিষয়া দুগৰাকী হৈছে এ চি এছ ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু এ পি এছ অনলজ্যোতি দাস । এই দুই বিষয়াই অহা ৫ জানুৱাৰীত এছ আই টিৰ সন্মুখত হাজিৰ হ'ব লাগিব ।

ইপিনে বিশেষ আদালতে শেহতীয়াকৈ কেতবোৰ চৰ্তসাপেক্ষে এ পি এছ চিৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিঙৰ জামিন মঞ্জুৰ কৰিছে । এছ আই টিয়ে আদালতৰ অনুমতি নোলোৱাকৈ গ্ৰেপ্তাৰ কৰাৰ বাবে নন্দবাবু সিঙৰ জামিন মঞ্জুৰ হয় । উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰত এছ আই টিয়ে নন্দবাবু সিঙক গ্ৰেপ্তাৰ কৰিছিল ।

বিশেষ আদালতে দিয়া ৰায় মতে এছ আই টিয়ে নন্দবাবু সিঙক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আদালতৰ অনুমতি লোৱাৰ প্ৰয়োজন আছিল । কাৰণ যোৱা সময়ছোৱাত অংশুমিতা গগৈৰ এফ আই আৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আদালতত দিয়া অভিযোগনামাত নন্দবাবু সিঙক ৰাজসাক্ষী হিচাবে থকাৰ কথা উল্লেখ কৰিছিল । সেই হিচাবে এছ আই টিয়ে নন্দবাবু সিঙক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আদালতৰ অনুমতি লোৱাৰ প্ৰয়োজন আছিল ।

অৱশ্যে সমান্তৰালভাৱে আদালতে নন্দবাসু সিঙক সাক্ষীৰ পৰিবৰ্তে অভিযুক্ত হিচাবে গোচৰত অন্তর্ভুক্ত কৰিবলৈ আৰক্ষীয়ে জনোৱা আবেদন মঞ্জুৰ কৰিছে । অর্থাৎ এ পি এছ চিৰ গোচৰত এতিয়াৰে পৰা নন্দবাবু সিং সাক্ষী হিচাবে নহয়, অভিযুক্ত হিচাবেহে বিবেচিত হ'ব ।

ইপিনে ইতিমধ্যে এ পি এছ চি কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অতিৰিক্ত আৰক্ষী অধীক্ষক ছাহজাহান সৰকাৰৰ জামিন নাকচ কৰিছে আদালতে । কেতবোৰ নিৰ্দেশ অসম্মান কৰাৰ বাবেই আদালতে সৰকাৰৰ জামিন আবেদন নাকচ কৰিছে । উল্লেখ্য যে যোৱা ২৪ নৱেম্বৰত আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত ছাহজাহান সৰকাৰক বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল ।

ইয়াৰ পিচতে সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ প্ৰমাণ হিচাবে অভিযুক্ত সৰকাৰক যাবতীয় নিৰ্দেশনাৰ প্ৰতিলিপিত স্বাক্ষৰ কৰিবলৈ কোৱা হৈছিল । কিন্তু অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া হিচাবে আদালতৰ নীতি-নিয়ম অৱগত হোৱাৰ পিচতো সৰকাৰে প্ৰতিলিপিত স্বাক্ষৰ নকৰিলে । এনেবোৰ‌ কাৰণতে ছাহজাহান সৰকাৰৰ জামিন‌ নাকচ হয় ।

লগতে পঢ়ক: বিজেপিয়ে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰে; দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.