গুৱাহাটী, ১৪ ছেপ্টেম্বৰ: চুতীয়াকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ চুতীয়া জাতি সন্মিলন,অসমৰ । বুধবাৰে সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ উদ্যোগত চুতীয়া জাতি যুৱ সন্মিলন,অসম আৰু সদৌ চুতীয়া জাতি মহিলা সন্মিলন অসমৰ সহযোগত চচলৰ ধৰ্ণাস্থলীত জনজাতিকৰণ, স্বায়ত্ত শাসন প্ৰদান আদিৰ দাবীত তিনি ঘণ্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে (Sit in strike by chutia organisations demanding autonomy) ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰি প্ৰতিবাদকাৰীসকলে চুতীয়া জাতিক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰক, চুতীয়া জাতিক স্বায়ত্ত শাসন প্ৰদান কৰক, চুতীয়া জাতিৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ পেকেজ প্ৰদান কৰক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগানেৰে উত্তাল কৰি তোলে চচল ।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰে সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি অমিয় কুমাৰ বৰা ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহন কৰি সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি বৰাই কয় যে, অসমৰ ছয় জনগোষ্ঠী চুতীয়াকে ধৰি মৰাণ, মটক, টাই আহোম, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনজাতিকৰণক লৈ বিশেষ উদ্যোগ গ্ৰহন কৰিছিল ।
কিন্তু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ পৰা ৰহস্যজনকভাৱে ফালৰি কটা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰে অমিয় কুমাৰ বৰাই ।
চৰকাৰৰ এনে কাৰ্যত উদ্বেগ প্ৰকাশ কৰি চুতীয়া জাতি সন্মিলন, অসমে বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতিগৰাকীয়ে । অন্যথা চৰকাৰে এই দাবী পূৰণ নকৰিলে পৰৱৰ্তী সময়ত জঙ্গী আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰা হ’ব বুলি চৰকাৰক সকিয়াই দিয়ে ।
লগতে পঢ়ক: চচলত সদৌ অসম ট্রাইবেল সংঘৰ উত্তাল প্ৰতিবাদ