ETV Bharat / state

বক্ৰ পথেৰে নিযুক্তি লাভ কৰা ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিপদ ঘনীভূত

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 4:29 PM IST

APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত গোটে বক্ৰ পথেৰে APSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱাৰ গোচৰত অভিযুক্ত ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে লাভ কৰিছে কেতবোৰ অনিয়মৰ তথ্য ৷

APSC scam probe
APSC scam

গুৱাহাটী, ২০ নৱেম্বৰ: বক্ৰ পথেৰে APSCৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিপদ ঘনীভূত হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পাছত ৰাজ্য চৰকাৰে APSC কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্ত গোট (SIT)-এ ২০১৫ চনৰ এই ৩৪ বিষয়াৰ বাছনিৰ ক্ষেত্ৰত সংঘটিত অনিয়মৰ তথ্য-পাতি লাভ কৰিছে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে APSCৰ ২০১৩ বৰ্ষৰ ACS, APS আৰু অন্যান্য সেৱাৰ বাবে নির্বাচিত ৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্ৰহণ কৰা কথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছিল। ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছিল ।

২০১৩ চনত পৰীক্ষাত অৱতীৰ্ণ আৰু ২০১৫ চনত বাছনি লাভ কৰা এই বিষয়াসকলৰ বাছনিত সংঘটিত বিসংগতি APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত আঙুলিয়াই দিয়া হৈছিল । এই প্ৰতিবেদনৰ পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে CIDৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক বিজয় থুবেক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ ছজনীয়া SIT গঠন কৰে ।

আদালতৰ অনুমতি সাপেক্ষে ইতিমধ্যে প্ৰাৰ্থী (বিষয়া)কেইজনৰ APSCৰ পৰীক্ষাৰ উত্তৰবহী আৰু পৰীক্ষা সংক্ৰান্তীয় APSC ৰ অন্য নথি-পত্ৰ পৰীক্ষা কৰি SIT এ তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট আপত্তিজনক আৰু সন্দেহ সৃষ্টিকাৰী তথ্য লাভ কৰাৰ কথা জানিব পৰা হৈছে ।

মন কৰিবলগীয়া যে ন্যায়িক তদন্ত আয়োগে বাছনিত বিসংগতি ধৰা পেলোৱা এই ৩৪ জন বিষয়াৰ বহুকেইজনৰ উত্তৰবহী আৰু তেওঁলোকৰ নাম-নম্বৰ সম্বলিত টেবুলেচন শ্বীট APSC কেলেংকাৰীৰ গোচৰৰ পূৰ্বৰ তদন্তকাৰী বিষয়াই আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ বাসগৃহৰ পৰা জব্দ কৰিছিল ।

কিন্তু তেওঁলোকক তদন্তৰ আওঁতালৈ অনা হোৱা নাছিল বা তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । এই বিষয়টোক লৈ উচ্চ ন্যায়ালয়ে চৰকাৰক প্ৰশ্ন কৰাৰ পাছত চৰকাৰে SIT গঠন কৰিছিল । এই SIT এ প্ৰাৰম্ভিক তদন্তত বহু তথ্য-পাতি লাভ কৰিছে ।

সেই পৰিপ্ৰেক্ষিতত SIT আৰু গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ মাজত দিছপুৰত একাধিক বৈঠক অনুষ্ঠিত হোৱাৰ খবৰ পোৱা গৈছে । উল্লেখ্য যে SIT এ অহা ২২ নৱেম্বৰত উচ্চ ন্যায়ালয়ত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

আদালতে পূৰ্বে ছসপ্তাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ SIT ক সময় বান্ধি দি থৈছে । মন কৰিবলগীয়া যে ন্যায়িক তদন্ত আয়োগে বিসংগতিৰে বাছনি হোৱা বুলি চিনাক্ত কৰা তথা SIT ৰ তদন্তত অনিয়মৰ তথ্য লাভ কৰা ৩৪ বিষয়াৰ ভালেসংখ্যক ACS বিষয়া সম্প্ৰতি দিছপুৰতে কৰ্মৰত ।

এনে প্ৰেক্ষাপটত SIT এ আদালতত কি প্ৰতিবেদন দিয়ে সেয়া লক্ষণীয় হ’ব । উল্লেখ্য যে ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন ACS, APS আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

লগতে পঢ়ক: APSC scam: ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসম চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.