ETV Bharat / state

ৰান্ধনীসকল কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহেঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য - পল্টনবজাৰত মুকলি এ এছ জি চকু পৰীক্ষণ কেন্দ্ৰ

"ৰান্ধনীসকলৰ এই আন্দোলন ভিত্তিহীন । উৰা বাতৰিক ভিত্তি কৰি ৰান্ধনী সন্থাই আন্দোলনৰ পথ বাচি লৈছে । একাংশ সংগঠনে নিজৰ ন্যস্ত স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিছে ৰান্ধনীসকলক ৷

অত্যাধুনিক এ এছ জি চকু পৰীক্ষণ কেন্দ্ৰ
author img

By

Published : Nov 1, 2019, 11:34 PM IST

গুৱাহাটী, 1 নৱেম্বৰঃ গুৱাহাটীৰ পল্টনবজাৰত মুকলি কৰা হয় অত্যাধুনিক এ এছ জি চকু পৰীক্ষণ কেন্দ্ৰ । সাধাৰণ লোকৰ বাবে অতি কম খৰচতে চকু পৰীক্ষণ কৰা হ'ব এই কেন্দ্ৰটোত । কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী, ৰে'ল বিভাগৰ কৰ্মচাৰী, চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে বিনামূলীয়াকৈ চকু পৰীক্ষা কৰাৰ লগতে চিকিৎসা গ্ৰহণ কৰিব পাৰিব । এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । কেন্দ্ৰটোৰ জৰিয়তে অসমৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি কয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

অত্যাধুনিক এ এছ জি চকু পৰীক্ষণ কেন্দ্ৰ

আনহাতে, শেহতীয়াকৈ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । এই সন্দৰ্ভথ মন্ত্ৰী ভট্টাচাৰ্যই কয়, "ৰান্ধনীসকলৰ এই আন্দোলন ভিত্তিহীন । উৰা বাতৰিক ভিত্তি কৰি ৰান্ধনী সন্থাই আন্দোলনৰ পথ বাচি লৈছে । একাংশ সংগঠনে নিজৰ ন্যস্ত স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিছে ৰান্ধনীসকলক । CITU দৰে সংগঠনে কেৱল নিজৰ মুনাফাৰ বাবে ৰান্ধনীসকলক বিপথে পৰিচালিত কৰিছে । তেনে সংগঠনক ধিক্কাৰ দিছো । পূৰ্বতে ৰান্ধনীয়ে খাদ্য প্ৰস্তুত কৰাৰ লগতে বিলাবলগীয়াও হৈছিল । কিন্তু এতিয়া কেৱল খাদ্য বিতৰণহে কৰিব লাগিব । তেওঁলোকৰ কাম হ্ৰাসহে হৈছে । তেওঁলোকৰ চাকৰি যোৱাৰ কোনো প্ৰশ্নয়ে নুঠে । কাৰণ তেওঁলোক কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহে ।

ৰান্ধনীসকল কোনো চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহেঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

লগতে ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানো ইউনিফৰ্ম নোপোৱা সন্দৰ্ভত একাংশ সংগঠনক জগৰীয়া কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । একাংশ লোকে গোচৰ তৰা বাবেই ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পোৱা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । বৰ্তমানো এই সন্দৰ্ভত ৪ টাকৈ গোচৰ চলি থকাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰী ভট্টাচাৰ্যই । তাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলক ব্ৰেণ্ডেট কাপোৰ পিন্ধাইহে এৰিম বুলিও মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ।

Intro:শুকুৰবাৰে মহানগৰীৰ পল্টনবজাৰত মুকলি কৰা হয় অত্যাধুনিক এ এছ জি চকু পৰীক্ষণ কেন্দ্ৰৰ। সাধাৰণ লোকৰ বাবে অতি কম খৰচতে চকু পৰীক্ষণ কৰা হ'ব এই কেন্দ্ৰটোত। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী, ৰে'ল বিভাগৰ কৰ্মচাৰী, চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে বিনামূলীয়াকৈ চকু পৰীক্ষা কৰাৰ লগতে চিকিৎসা গ্ৰহণ কৰিব পাৰিব। এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এই কেন্দ্ৰটোৰ জৰিয়তে অসমৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি কয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Body:ইফালে শেহতীয়াকৈ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী ভট্টাচাৰ্যই কয়, "ৰান্ধনীসকলৰ এই আন্দোলন ভিত্তিহীন। উৰা বাতৰিত ভিত্তি কৰি ৰান্ধনী সন্থাই আন্দোলনৰ পথ বাচি লৈছে। একাংশ সংগঠনে নিজৰ ন্যস্ত স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিছে ৰান্ধনীসকলক। CITU দৰে সংগঠনে কেৱল নিজৰ মুনাফাৰ বাবে ৰান্ধনীসকলক বিপথে পৰিচালিত কৰিছে। তেনে সংগঠনক ধিক্কাৰ দিছোঁ। পূৰ্বতে ৰান্ধনীয়ে খাদ্য প্ৰস্তুত কৰাৰ লগতে বিলাবলগীয়াও হৈছিল। কিন্তু এতিয়া কেৱল খাদ্য বিতৰণহে কৰিব লাগিব। তেওঁলোকৰ কামহে কৰিছে। তেওঁলোকৰ চাকৰি যোৱাৰ কোনো প্ৰশ্নয়ে। কাৰণ তেওঁলোক চাকৰিয়াল নহয়, স্বেচ্ছাসেৱীহে। ইফালে ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানো ইউনিফৰ্ম নোপোৱা সন্দৰ্ভত একাংশ সংগঠনক জগৰীয়া কৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। একাংশ লোকে গোচৰ তৰা বাবেই ছাত্ৰ-ছাত্ৰীসকলে ইউনিফৰ্ম পোৱা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। বৰ্তমানো এই সন্দৰ্ভত ৪টাকৈ গোচৰ চলি থকাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰী ভট্টাচাৰ্যই। তাৰোপৰি ছাত্ৰ-ছাত্ৰীসকলক ব্ৰেণ্ডট কাপোৰ পিন্ধাইহে এৰিম বুলিও মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.