ETV Bharat / state

SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ

author img

By

Published : Dec 9, 2020, 10:05 PM IST

কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঙলবাৰে নাকচ কৰে SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন । একেদৰে পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জীত কৃষ্ণ আৰু দ্বিবন ডেকাৰো জামিন আবেদন নাকচ হয় । সম্প্ৰতি আটাইকেইগৰাকী অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে ।

si-exam-scam-updates
SI পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ

গুৱাহাটী,9 ডিচেম্বৰ : ৰাজ্য কঁপোৱা অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ পৰীক্ষা কেলেংকাৰীৰ অভিযুক্ত সৰোজ শৰ্মাৰ জামিন আবেদন নাকচ কৰা হৈছে । ন্যায়িক জিম্মাত থকা সৰোজ শৰ্মাৰ জামিন বিচাৰি আদালতত দাখিল কৰা হৈছিল এখন আবেদন । কিন্তু কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে মঙলবাৰে নাকচ কৰে জামিন আবেদন ।

একেদৰে পৰীক্ষা কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড কুমাৰ সঞ্জীত কৃষ্ণ আৰু দ্বিবন ডেকাৰো জামিন আবেদন নাকচ হয় । সম্প্ৰতি আটাইকেইগৰাকী অভিযুক্ত বৰ্তমান ন্যায়িক জিম্মাত আছে । এই কথা জনালে অধিবক্তা অনিল দাসে । উল্লেখযোগ্য যে টকাৰ বিনিময়ত আৰক্ষীৰ চাকৰি যোগানৰ চক্ৰান্ত কৰিছিল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ, বিজেপি নেতা দ্বিবন ডেকা, সৰোজ শৰ্মাৰ দৰে দালালে । মেধাক হত্যা কৰি ধনৰ বিনিময়ত চাকৰি প্ৰদানৰ বজাৰ চলাই আহিছিল আটাই কেইগৰাকীয়ে । সম্প্ৰতি এই আটাইকেইজনৰে কঠোৰ শাস্তিৰ দাবী জনাইছে সচেতন মহলে ।

লগতে পঢ়কঃ আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.