ETV Bharat / state

লক্ ডাউনঃ আৰ্থিক সংকটত অসমৰ দেৱালয় তথা তীৰ্থস্থান সমূহ !

author img

By

Published : May 14, 2020, 2:28 PM IST

Updated : May 14, 2020, 10:55 PM IST

লক্ ডাউনৰ ফলত দীৰ্ধদিনে বন্ধ হৈ থকা অসমৰ দেৱালয় সমূহ সম্প্ৰতি সন্মুখীন হ'বলগীয়া হৈছে আৰ্থিক সংকটৰ । আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে দেৱালয়সমূহৰ লগত জড়িত সহস্ৰাধিক পৰিয়াল ।

shrinking income force assam temples to look for govt. assistance during lockdown

গুৱাহাটী, 14 মে': দৰ্শনাৰ্থীৰ অভাৱত আৰ্থিক সংকটত ধৰ্মীয় স্থানসমূহ । হ্ৰাস কৰিবলগীয়া হৈছে ধৰ্মীয় স্থানসমূহৰ কৰ্মকৰ্তা । দেৱালয়ৰ সাঁচতীয়া ধনেৰেই বহন কৰিবলগীয়া হৈছে সমগ্ৰ খৰচ । কামাখ্যা দেৱালয় ! য'ত প্ৰতি সপ্তাহত সংগ্ৰহ হয় লক্ষাধিক টকাৰ দান বৰঙণি । কিন্তু দীঘলীয়া লক্ ডাউনৰ ফলত সম্প্ৰতি আৰ্থিক সংকটত ভুগিছে ঐতিহ্যমণ্ডিত ধাম খনৰ পৰিচালনা কৰ্তৃপক্ষ । প্ৰায় ২৫০ গৰাকী কৰ্মচাৰীক এতিয়া দেৱালয়খনৰ সাঁচতীয়া পুঁজিৰেই দিবলগীয়া হৈছে পাৰিশ্ৰমিক । পূৰ্বৰ জমা পুঁজিৰেই সম্প্ৰতি চলিছে দেৱালয়খনৰ নৈমিত্তিক সম্পাদিত কাম ।

আৰ্থিক সংকটৰ গৰাহত অসমৰ দেৱালয় তথা তীৰ্থস্থান সমূহ !

অসমৰ আন এখন ঐতিহ্যমণ্ডিত ধৰ্মীয় স্থল হ'ল উগ্ৰতাৰা দেৱালয় । জন সমাগম সংকোচিত কৰিবৰ বাবে সম্প্ৰতি দেৱালয়খনত 1 গৰাকী পুৰোহিতক ৰাখি প্ৰায় 12 গৰাকী পুৰোহিতক পঠিয়াই দিয়া হৈছে নিজ গৃহলৈ । অন্যান্য কৰ্মচাৰী সকলৰ ভিতৰতো সীমিত সংখ্যক লোককহে ৰাখিছে দেৱালয় কৰ্তৃপক্ষই । কিন্তু লক্ ডাউন যে ইমান দীঘলীয়া হ'ব সেই বিষয়ে কল্পনাও নকৰি, নিজ গৃহলৈ যোৱা মন্দিৰৰ কৰ্মকৰ্তা সকল বৰ্তমান সন্মুখীন হৈছে সংকটৰ । চলিবলৈয়ো হেনো উপায় নোহোৱা হৈছে তেওঁলোকৰ । আনৰ ওচৰত সহায়ৰ হাত পাতিবও নোৱাৰে আৰু অন্য কামৰ বাবেও ওলাই যাব নোৱাৰে তেওঁলোকে । যাৰ বাবে তেওঁলোকৰ শতাধিক পৰিয়ালে এতিয়া কটাবলগীয়া হৈছে দুৰ্বিসহ জীৱন ।

উল্লেখ্য যে, অসমত আছে মুঠ 108টাকৈ দেৱালয় । লক্ ডাউন ঘোষণা হোৱাৰে পৰাই এই দেৱালয় সমূহৰ লগত জড়িত হৈ থকা শহস্ৰাধিক পৰিয়াল এতিয়া সংকটৰ গৰাহত । সেয়েহে তেওঁলোকক এনে মহামাৰীৰ সময়ত কিছু পৰিমাণে সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰক অনুৰোধ জনালে দেৱালয় কৰ্তৃপক্ষই । সম্প্ৰতি ভাল দিন ঘূৰি অহাৰ আশাৰে বাট চাই ৰৈছে দেৱালয় তথা তীৰ্থস্থান সমূহৰ লগত জড়িত একাংশ লোকে ।

লগতে পঢ়কঃ অনলাইন পাঠদানঃ মুখ্যমন্ত্ৰীৰ সমষ্টিতে পুতৌ লগা ছবি

Last Updated : May 14, 2020, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.