ৰঙিয়া, 15 আগষ্ট: এজন পান দোকানীক গুৰুলা-গুৰুলকৈ প্ৰহাৰৰ অভিযোগ ৰঙিয়াৰ কঞা আৰক্ষীৰ বিৰুদ্ধে (Shopkeeper allegedly beaten by police) । ফলত উত্তপ্ত হৈ পৰে সমগ্ৰ কঞা অঞ্চল (Tense situation in Rangia) ৷
ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, কঞা চকৰ পদপথত পান দোকান দি জীৱিকা নিৰ্বাহ কৰি আহিছিল ওৱাহেদুৰ ৰহমান নামৰ এজন যুৱকে ৷ প্ৰতিদিনৰ দৰেই বৃহস্পতিবাৰৰ নিশাও সেই স্থানতে সামগ্ৰী বিক্ৰী কৰি আছিল ওৱাহেদুৰে ৷ সেই সময়ত দোকানখনৰ সন্মুখত ৰখাই থোৱা আছিল এজন গ্ৰাহকৰ বাইক । তেনে সময়তে সেই স্থানত আৰক্ষীৰ এটা দল উপস্থিত হয় ৷ আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ সময়তে দোকানৰ গৰাকী ওৱাহেদুৰ ৰহমানে ৰখাই থোৱা বাইকখন সেই স্থানৰ পৰা আঁতৰাই থয় ।
এই কথাতে খং উঠিল সেই স্থানত উপস্থিত আৰক্ষীৰ দলচোৰ এজন জোৱানৰ আৰু কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে বাইকখনৰ ক্ষতিসাধন কৰে জোৱানজনে । ইয়াৰ বিৰোধিতা কৰাত দোকানী ওৱাহেদুৰৰ ওপৰতো জপিয়াই পৰিল আৰক্ষীৰ জোৱানজন। দোকানীজনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে তেওঁৰ লগত থকা মোবাইল পৰ্যন্ত ভাঙি পেলাই জোৱানজনে ।
উল্লেখ্য যে, এই সমগ্ৰ ঘটনাটো কঞা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোৱাৰ হুছেইনৰ সন্মুখতেই সংঘটিত হয় ৷ কিন্তু এই সন্দৰ্ভত আৰক্ষী বিষয়াগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । আনফালে, এই কাণ্ডৰ পিছতে জাঙুৰ খাই উঠিল কঞা অঞ্চলৰ ৰাইজ আৰু লগে লগেই পৰিস্থিতি উত্তপ্ত হৈ পৰে । সেই স্থানত বহু সংখ্যক লোক উপস্থিত হৈ আৰক্ষীৰ দলটোক এই টোগলকী কাণ্ডৰ বাবে জবাবদিহি কৰে ।
পিছত পৰিস্থিতি বিষম দেখি আৰক্ষী বিষয়াগৰাকীয়ে সেই স্থানত উপস্থিত ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে । তাৰ পিছতহে পৰিস্থিতিৰ কিছু সাম কাটে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ওৱাহেদুৰ ৰহমানে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: উদণ্ড ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৱম শ্ৰেণীৰ ছাত্ৰ