গুৱাহাটী,12 মে' : অসমৰ যুৱ শ্বুটাৰ হৃদয় হাজৰিকাৰ সাফল্য । লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ হাজৰিকা আৰু ইভা হাজৰিকাৰ একমাত্ৰ সন্তান হৃদয়ৰ নাম জিলিকিল সুদূৰ জাৰ্মানীত । জাৰ্মানীৰ হেনভাৰ চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতা আই এচ চি এইচত অংশগ্ৰহণ কৰি শনিবাৰে ব্যক্তিগত শাখাত ব্ৰঞ্জৰ পদক আৰু দলীয় শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় হৃদয় ।
আনহাতে যোৱা সপ্তাহত চেক গণৰাজ্যৰ পিলজেনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চিনিয়ৰ শাখাৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল হৃদয় । উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাইত জাৰ্মানীত অনুষ্ঠিত হ'বলগীয়া জুনিয়ৰ বিশ্ব কাপ শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব হৃদয়ে ।