গুৱাহাটী, 3 মাৰ্চ : ৰুচ দেশৰ ইউক্ৰেইন আক্ৰমণৰ পিছত দেশখনত আৱদ্ধ হৈ থকা ভাৰতৰ, বিশেষকৈ অসমৰ বহু ছাত্ৰ-ছাত্ৰীক নিজৰ দেশলৈ ঘূৰাই অনাৰ দাবীত (SFI protest demanding early rescue of Indian students) ভাৰতৰ ছাত্ৰ ফেডাৰেচনে বুধবাৰে গুৱাহাটীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ (SFI protest in Guwahati) কৰে ৷
কাৰ্যসূচীত অংশ লৈ প্ৰতিবাদকাৰীসকলে কয় যে, বৰ্তমান ইউক্ৰেইনৰ পৰিৱেশ অতি ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে । উক্ত পৰিস্থিতিত বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰীৰ লগতে নাগৰিকসকল সেই দেশত আৱদ্ধ হৈ আছে । ভাৰতৰ বিশেষকৈ অসমৰ বহু ছাত্ৰ-ছাত্ৰী এতিয়াও সেই দেশৰ পৰা ঘৰলৈ ঘূৰি আহিব পৰা নাই । সেইসকল আৱদ্ধ ছাত্ৰ-ছাত্ৰীক অতি শীঘ্ৰে নিজৰ দেশলৈ ঘূৰাই অনাৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ এটি সঁজাতি দলে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সাক্ষাৎ কৰি তেওঁৰ হাতেৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, দেশখনৰ কিভ আৰু চুমি চহৰৰ লগতে ইউক্ৰেইনৰ সীমান্ত অঞ্চলত অসমৰ বহু চিকিৎসা বিজ্ঞানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী এতিয়াও আৱদ্ধ হৈ আছে । ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে সামাজিক মাধ্যমৰ সহায়ত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সৈতে যোগাযোগ স্থাপন কৰি অনুৰোধ কৰে, যাতে তেওঁলোকক সোনকালে সেই যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি নিজ মাতৃভূমিলৈ ঘূৰাই আনে ।
তেওঁলোকৰ অভিযোগ মৰ্মে, ইউক্ৰেইনত অৱস্থিত ভাৰতীয় দূতাবাসে তেওঁলোকৰ প্ৰতি কোনো ইতিবাচক সঁহাৰি এতিয়ালৈ জনোৱা নাই আৰু সেয়ে তেওঁলোক অনিশ্চয়তাত ভূগিছে ।
ভাৰতৰ ছাত্ৰ ফেডাৰেচনে দাবী কৰে যে, অতি শীঘ্ৰে ভাৰতবৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰীক ঘূৰাই অনাৰ লগতে অসম চৰকাৰে অসমৰ ছাত্ৰ ছাত্ৰীখিনিক ইউক্ৰেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি অসমলৈ ঘূৰাই লৈ আনিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক । এই দুৰ্যোগপূৰ্ণ সময়ত তেওঁলোকৰ ওচৰত থিয় দি তেওঁলোকক সুকলমে ঘূৰাই অনা দায়িত্ব চৰকাৰৰ ।
ইউক্ৰেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীখিনিক অতি কম সময়ৰ ভিতৰত উদ্ধাৰ কৰি নানিলে আগন্তুক সময়চোৱাত দেশজুৰি মোডী চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা হ'ব বুলি জানিবলৈ দিয়ে সংগঠনটোৰ সদস্যৰূপী প্ৰতিবাদকাৰীসকলে ।
লগতে চাওক: Baduli Khurung mela 2022: আজিৰে পৰা আৰম্ভ ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা