ETV Bharat / state

Constituency Delimitation: নিৰ্বাচনী আয়োগৰ শুনানিত কংগ্ৰেছৰ কেইবাজনো বিধায়কে দাখিল কৰিলে ওজৰ-আপত্তি - নিৰ্বাচনী আয়োগ

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কেইবাগৰাকীও ৰাজনৈতিক নেতাই বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰ আগত ওজৰ-আপত্তি দাখিল কৰে ৷ আছুক আত্মসমালোচনা কৰাৰ বাবে আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

Constituency Delimitation
Constituency Delimitation
author img

By

Published : Jul 20, 2023, 7:23 PM IST

শুনানিত কংগ্ৰেছৰ কেইবাজনো বিধায়কে দাখিল কৰিলে ওজৰ-আপত্তি

গুৱাহাটী,২০ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ শুনানিত কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতাই অংশ গ্ৰহণ কৰি নিজ নিজ সমষ্টিৰ বিভিন্ন ওজৰ-আপত্তি দাঙি ধৰে ।

শুনানিত অংশ গ্ৰহণ কৰা মঙলদৈ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক বসন্ত দাসে সংবাদ মাধ্যমৰ আগত কয় যে সমষ্টিৰ সীমাৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰা হৈছে । ভৌগোলিকভাৱে কোনো ধৰণৰ মিল নথকাকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে । এই বিষয়ত আয়োগক কোৱা হৈছে ।

বিজেপি চৰকাৰৰ নিৰ্দেশ মৰ্মে এই খচৰা প্ৰস্তুত কৰা হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে ইয়াত এটা বিশেষ জনগোষ্ঠীক এফালে ৰখা হৈছে আৰু আন এটা জনগোষ্ঠীক আন এফালে ৰখা হৈছে । খিলঞ্জীয়া এছ চিৰ (SC) বাবে কেইখন আসন সংৰক্ষণ কৰিছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

বাহিৰৰ পৰা অহা এছ চিৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ডিলিমিটেচন এক্টৰ আধাৰত এই প্ৰক্ৰিয়া হোৱা নাই । তেওঁ কয় যে ধৰ্মৰ ভিত্তিত কেতিয়াও সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে ।

ইফালে আছুৰ প্ৰসংগত সৰুক্ষেত্ৰীৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে আছুক ৰাজনৈতিক নেতাৰ চাৰ্টিফিকেট নালাগে যদি বসন্ত ডেকা ইমান দিনে তেওঁলোকৰ বাবে ৰাজনৈতিক নেতা নাছিল নেকি বুলি প্ৰশ্ন কৰে । এতিয়া আপত্তি কৰা বাবে আছুৱে বসন্ত ডেকাৰ চাৰ্টিফিকেট নালাগে বুলি কৈছে ।

তেওঁ কয় যে অসমৰ ৰাইজে বসন্ত ডেকা আৰু আছু এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি ভাৱে । গতিকে সেই বসন্ত ডেকাই আছুক সমালোচনা কৰিবলগীয়া হৈছে যেতিয়া আমাৰ বিশেষ ক'বলগীয়া নাই বুলি তেওঁ কয় । আছুক তেওঁ আত্মসমালোচনা কৰাৰ বাবে আহ্বান জনায় ।

উল্লেখ্য যে আজি নিৰ্বাচন আয়োগে ৯খন জিলা ক্ৰমে গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰে ।

লগতে পঢ়ক: Constituency Delimitation: শুনানিত অংশ গ্ৰহণ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি সাংসদ ৰাজদীপ ৰয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.