ETV Bharat / state

Hawala bribery Case: গুৱাহাটীৰ এডিচনেল ডিভিজনেল ৰে’লৱে মেনেজাৰসহ সাতজন চি বি আইৰ জালত

author img

By

Published : Jan 16, 2023, 7:25 AM IST

CBI ৰ জালত সাতজন লোক (Hawala bribery Case) । ইয়াৰে এজন এডিচনেল ডিভিজনেল ৰে’লৱে মেনেজাৰ । হাৱালৰ জৰিয়তে ধন উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজন ৷ দিল্লী, নাৰোৰা, গুৱাহাটী, শিলিগুৰি আৰু আলিগড়ত CBI য়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকে ৷

Seven people arrested by CBI for allegedly taking bribes through hawala
CBI ৰ জালত সাতজন লোক

গুৱাহাটী, 16 জানুৱাৰী: হাৱালাৰ জৰিয়তে ধনৰ উৎকোচ লোৱাৰ অভিযোগত চি বি আইৰ জালত পৰিল সাতজন লোক (People arrested by CBI for allegedly taking bribes)। ইয়াৰে এজন এডিচনেল ডিভিজনেল ৰে’লৱে মেনেজাৰ (Additional Divisional Railway Manager Arrested)। বিভিন্ন স্থানত চি বি আয়ে অভিযান চলাই এ ডি আৰ এমসহ সাতজন লোকক গ্ৰেপ্তাৰ কৰে ।

অভিযানকালত চি বি আয়ে উদ্ধাৰ কৰে নগদ ৪৭ লাখ টকা, লেপটপ আৰু অন্যান্য নথি-পত্ৰ । চি বি আয়ে গ্ৰেপ্তাৰ কৰা ৰে'লৱেৰ বিষয়াজন হৈছে গুৱাহাটীৰ এ ডি আৰ এম জিতেন্দ্ৰ পাল সিং (Guwahati ADRM Jitendra Pal Singh) ।

আনহাতে চি বি আয়ে গ্ৰেপ্তাৰ কৰা আনকেইজন অভিযুক্ত হৈছে ঠিকাদাৰ শ্যামল কুমাৰ দে', বিষয়া হৰি ওম, গাড়ীচালক যোগেন্দ্ৰ কুমাৰ সিং, হাৱালা অপাৰেটৰ গ্ৰুপৰ ধনভৰালী দিলৱাৰ খান, হাৱালা দোকানৰ মালিক বিনোদ কুমাৰ সিংহাল আৰু হাৱালাৰ ধনভৰালী সঞ্জিত ৰয় (Hawala bribery Case) ।

উল্লেখ্য যে, ৫০ লাখ টকাৰ উৎকোচৰ এটা গোচৰৰ ভিত্তিত চি বি আয়ে ৰে’লৱেৰ অতিৰিক্ত সংমণ্ডল প্ৰৱন্ধকসহ সাতজন লোকক গ্ৰেপ্তাৰ কৰে (Hawala bribery scandal)। অভিযোগ অনুসৰি অভিযুক্তজনে চুক্তি প্ৰদান, পৰিমাপ বহী প্ৰস্তুত কৰা, একাউণ্ট বিল চলোৱাৰ প্ৰক্ৰিয়াকৰণ, অমীমাংসিত বিলৰ বিৰুদ্ধে পৰিশোধ আগতীয়াকৈ মুকলি কৰা আৰু লগতে সুৰক্ষা জমা আৰু বেংক গেৰাণ্টি সোনকালে মুকলি কৰাৰ উদ্দেশ্যৰে ব্যক্তিগত ঠিকাদাৰসকলক অনুগ্ৰহ দেখুওৱাৰ উদ্দেশ্যৰে এক ষড়যন্ত্ৰত লিপ্ত হৈছিল (ADRM of Guwahati arrested by CBI) ।

লগতে অভিযোগ কৰা হৈছিল যে গুৱাহাটীৰ এ ডি আৰ এম জিতেন্দ্ৰ পাল সিঙ এন এফ ৰে'লৱেৰ নিউ জলপাইগুৰিত (নিৰ্মাণ) মুখ্য অভিযন্তা হিচাপে নিযুক্ত হৈ থকাৰ সময়ত বিভিন্ন ঠিকাদাৰৰ পৰা বেআইনীভাৱে বিভিন্ন সুবিধা আদায় কৰিছিল । অভিযোগ অনুসৰি এজন ঠিকাদাৰে দিল্লীৰ এজন হাৱালা অপাৰেটৰৰ পৰা তেওঁৰ পৰিচিত ব্যক্তিৰ জৰিয়তে গুৱাহাটীৰ এ ডি আৰ এমক উৎকোচ প্ৰদানৰ সুবিধা প্ৰদান কৰিছিল ।

গুৱাহাটীৰ এ ডি আৰ এমৰ হৈ হাৱালা চেনেলৰ জৰিয়তে প্ৰদান কৰা ৫০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত চি বি আয়ে জাল পেলাইছিল আৰু ইয়াত গুৱাহাটীৰ এ ডি আৰ এম সিং ধৰা পৰিছিল । চি বি আয়ে গুৱাহাটীকে ধৰি দিল্লী, নাৰোৰা, শিলিগুৰি আৰু আলিগড়কে ধৰি বিভিন্ন স্থানত অভিযান চলাই নগদ ৪৭ লাখ টকা, লেপটপ আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰে । গ্ৰেপ্তাৰ কৰা সাতজন অভিযুক্তক আজি চি বি আয়ে বিশেষ আদালতত হাজিৰ কৰে ।

লগতে পঢ়ক: FIR Against OC n Constable: ন্যায় বিচাৰি থানলৈ যোৱা শ্বহীদ কৰ্ণেলৰ পত্নীক হত্যাৰ অপচেষ্টা আৰক্ষী কনিষ্টবলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.