গুৱাহাটী, 24 মে': ধ্বংসৰ পথত আমাজন অফ ইষ্ট নামে খ্যাত দিহিং-পাটকাই বৰ্ষা অভয়াৰণ্য ৷ দেশত চলি থকা লক ডাউনৰ মাজতে অভয়াৰণ্যখনৰ 98.59 হেক্টৰ ভূমিত কয়লা খননৰ বাবে অনুমতি প্ৰদান কৰিছে নেচনেল বৰ্ড অফ ৱাইল্ডলাইফে ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া ক্ষুন্ন হৈ পৰিছে অসমৰ ৰাইজ ৷ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে অসমৰ ছাত্ৰসমাজৰ লগতে বিভিন্ন দল সংগঠন ৷ তেনেসময়তে দেওবাৰে দিহিং-পাটকাই বৰ্ষাণ্যত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ৷
ইয়াৰ পাছতে অভয়াৰণ্যখনৰ বহু ঠাই পৰিদৰ্শন কৰাৰ অন্তত কয়লা খননৰ বিৰুদ্ধে সৰৱ হৈ পৰে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা ৷ উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মন্তব্য কৰে যে, কয়লা খননে ব্যাপকভাৱে ক্ষতি কৰিব দিহিং-পাটকাইক ৷ জীৱকুলৰ জীনৱলৈ আহিব চৰম ভাবুকি ৷
লগতে পঢ়কঃ সাংসদ প্ৰদ্যুত বৰদলৈ সন্ধানহীন ! পোষ্টাৰক লৈ ক্ষুণ্ণ কংগ্ৰেছ মহল