ETV Bharat / state

ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভেক্সিন - second dose covaxine drive

বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩,৭৫৬ গৰাকী লোক কৰ'ণা (Corona)ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫১ গৰাকী লোকৰ মৃত্যু হৈছে । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড (Covid) ৰোগীৰ সংখ্যা হৈছে ৪৭,০৮১ গৰাকী ।

Covid Vaccine Update
ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভাক্সিন
author img

By

Published : Jun 12, 2021, 12:46 PM IST

গুৱাহাটী, ১১ জুন : ৰাজ্যৰ ক'ভিড (covid 19)পৰিস্থিতি এতিয়াও উন্নত হোৱা নাই । বিগত কেইদিনবাদিন ধৰি সংক্ৰমণৰ হাৰ প্ৰায় একেই অৱস্থাত আছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৩,৭৫৬ গৰাকী লোক কৰ'ণা (Corona)ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫১ গৰাকী লোকৰ মৃত্যু হৈছে । আক্ৰান্তৰ হাৰ ৩.০৭ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৮৫ শতাংশ ।

বিগত ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীত সৰ্বাধিক ৩২৩ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে । আনহাতে এই সময়চোৱাত কৰ'ণা (Corona)ৰ পৰা আৰোগ্য লাভ কৰিছে ৫,১২৩ গৰাকী লোকে । বৰ্তমান সময়ত ৰাজ্যখনত সক্ৰিয় হৈ থকা ক'ভিড (covid 19) ৰোগীৰ সংখ্যা হৈছে ৪৭,০৮১ গৰাকী । আনহাতে এতিয়ালৈকে ক'ভিড (covid 19)ত ৰাজ্যখনৰ ৩,৮৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।

Covid Vaccine Update
ৰাজ্যত অব্যাহত কৰ'ণা সংক্ৰমণ: আজিৰে পৰা পুনৰ দিয়া হৈছে ক'ভাক্সিন

ইফালে ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেকচিন (covid vaccine) প্ৰক্ৰিয়াই এতিয়ালৈকে ৰাজ্যৰ ৪৫,৮৩,৬২১ গৰাকী লোকক সামৰি ল'বলৈ সক্ষম হৈছে । ইয়াৰে ৩৬,৯৩,৮৬২ গৰাকীয়ে প্ৰথম পালি আৰু ৮,৮৯,৭৫৯ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিবলৈ সক্ষম হৈছে ।

বিগত সময়চোৱাত ভেকচিন (covid vaccine)ৰ নাটনিৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটোত স্থবিৰতাই দেখা দিছিল । বিশেষকৈ ক'ভেক্সিন (Covaxin)ৰ দ্বিতীয় পালিৰ বাবে বহু লোকে হাহাকাৰ কৰিবলগীয়া হৈছিল। লক্ষণীয় বিষয় যে ক'ভেক্সিন (Covaxin)ৰ নাটনিৰ বাবে স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত (Keshab Mahanta)ই ক'ভাক্সিন (Covaxin)ৰ প্ৰথম পালি আৰু নিদিয়াৰ কথা ইতিমধ্যেই ঘোষণা কৰিছে ।

অৱশ্যে প্ৰথম পালি লোৱাসকলক ক'ভেক্সিন (Covaxin)ৰ দ্বিতীয় পালি দিয়াৰ কথা ঘোষণা কৰিছিল । স্বাস্থ্যমন্ত্রীগৰাকীয়ে জনোৱা মতে ডেৰ লাখ ড'জ পালেই ৰাজ্যৰ ক'ভেক্সিন (Covaxin)ৰ দ্বিতীয় পালিৰ চাহিদা পূৰণ হ'ব । শেহতীয়াকৈ বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে ক'ভেক্সিন (Covaxin)ৰ ৩৪,৫০০ পালি ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ বাবে লাভ কৰিছে । যাৰ বাবে আজি বিভিন্ন কেন্দ্ৰত ক'ভেক্সিন (Covaxin) দিয়া হৈছে । স্বাস্থ্য বিভাগৰ তথ্য মতে, বৰ্তমান ৰাজ্যত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ বাবে ১,৮০,১৮৪ টা ভেকচিন আৰু ৪৫ ৰ ঊৰ্দ্ধৰ বাবে ২,৬৩,৩১৭ টা ভেকচিন মজুত আছে ।

লগতে পঢ়ক : নতুন চৰকাৰৰ এমাহ সম্পূৰ্ণ: শিশু সেৱা আঁচনি মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.