গুৱাহাটী, 9 এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বাৰ্তা প্ৰেৰণ ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ । লক ডাউন খোলাৰ 25-30 দিনৰ ভিতৰত ঘোষিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । লক ডাউন খোলাৰ পিচতে এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি ফলাফল ঘোষণা কৰা হ'ব । লগতে সকলো পাঠ্যক্ৰম যাতে সুচাৰুৰূপে চলি থাকে তাৰ বাবে তেওঁ প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীকে শিক্ষকসকলৰ লগত হোৱাটছ্এপ বা মোবাইলৰ যোগেৰে যোগাযোগ স্থাপন কৰি তেওঁলোকৰ অধ্যয়ন অব্যহত ৰাখিবলৈ অনুৰোধ জনায় অধ্যক্ষ গৰাকীয়ে ।
ছেবাৰ তৰফৰ পৰা লক ডাউন আৰম্ভ হোৱা দ্বিতীয় দিনৰ পৰাই ইউটিউবৰ লিংকযোগে আপলোড কৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানত ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট সঁহাৰি পোৱা বুলি উল্লেখ কৰে ৰমেশ চন্দ্ৰ জৈনে । লগতে শিক্ষকসকলকো তেওঁ আহ্বান জনায় যে, শিক্ষক সকলে শিক্ষাৰ্থী সকলৰ বাবে পাঠ্যক্ৰম অৱগত কৰোৱাৰ লগতে প্ৰশ্নকাকত প্ৰস্তুত কৰি সেইসমূহ অনলাইনযোগে উত্তৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।
লগতে পঢ়কঃ কৰ’ণাৰ আতংকত ত্ৰস্তমান হেঁপাহৰ ৰঙালী...