ETV Bharat / state

মালিগাঁৱত বহিঃৰাজ্যৰ পৰা অহা এটা পৰিয়ালক কেন্দ্ৰ কৰি কৰ'ণাতংক

author img

By

Published : May 17, 2020, 8:36 PM IST

মালিগাঁও বিজি কলনীৰ এটি পৰিয়ালক কেন্দ্ৰ কৰি কৰ'ণাতংক । লক ডাউনৰ বাবে শিলিগুৰিত আৱদ্ধ হৈ থকা পৰিয়ালটো ঘূৰি অহা পাচতে আতংকিত হৈ পৰে অঞ্চলবাসী ৰাইজ । যাৰ বাবে দেওবাৰে পৰিয়ালটোৰ তিনিওজন সদস্যৰে ছোৱাব টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰাৰ উপৰিও হোম কোৱাৰেইন্টাইনত থাকিবলৈ নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে ।

গুৱাহাটী
মালিগাঁৱত বহিঃৰাজ্যৰ পৰা অহা এটা পৰিয়ালক কেন্দ্ৰ কৰি কৰ'ণাতংক

গুৱাহাটী, ১৭ মে': মহানগৰীৰ মালিগাঁও বিজি কলনীত কৰ'ণাতংক। শিলিগুৰিৰ পৰা এটা পৰিয়ালক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ । লক ডাউনৰ বাবে শিলিগুৰিত আৱদ্ধ হৈ থকা নিলিমা মুখাৰ্জী আৰু তেওঁৰ দুই সন্তান ১৫ তাৰিখে গুৱাহাটীলৈ আহিছিল । বহিঃৰাজ্যৰ পৰা মহিলাগৰাকী অহাৰ খবৰ পাই আতংকিত হৈ পৰে অঞ্চলটোৰ ৰাইজ ।

দেওবাৰে স্থানীয় ৰাইজে এই কথা অৱগত কৰে গোশালা আৰক্ষী আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনক। পিছত ঘটনাস্থলীত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্ত, চক্ৰ বিষয়া আদিত্য গগৈ, গোশালা আৰক্ষীৰ আৰু স্বাস্থ্য বিভাগৰ এটা দল উপস্থিত হয়। পৰিয়ালটোৰ তিনিওজন সদস্যৰে ছোৱাব টেষ্টৰ বাবে নমুনা সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে। সম্প্ৰতি পৰিয়ালটোক ১৪ দিনৰ হোম কোৱাৰেইন্টাইনত থাকিবলৈ নিৰ্দেশ দিছে জিলা প্ৰশাসনে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.